ব্ৰহ্মপুত্ৰ নদী
৫ প্ৰবন্ধ
-
ব্ৰহ্মপুত্ৰ নদ
ব্ৰহ্মপুত্ৰ নদ এছিয়াৰ অন্যতম দীঘল আৰু ভাৰত-অসমৰ প্ৰধান নদী-ব্যৱস্থা, যাৰ পানী-প্ৰবাহে ভৌগোলিক গঠন, কৃষি, বাণিজ্য আৰু জনজীৱনত গভীৰ প্ৰভাৱ পেলাইছে। ই দিহাং, দিবাং আৰু লোহিতৰ সন্মিলনৰ পাছত অসমত “ব্ৰহ্মপুত্ৰ” নামেৰে বিস্তৃত ৰূপ লয়, আৰু আগবঢ়ি গৈ বাংলাদেশত যমুনা নামেৰে গংগাৰ সৈতে মিলি বঙ্গোপসাগৰ…
-
ব্ৰহ্মপুত্ৰ উপত্যকা
ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ মুখ্য সমভূমি অঞ্চল, যি ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ বহু উপনৈৰ পলস সঞ্চয়ৰ ফলত গঠিত। সাৰুৱা মাটি, মৌচুমী জলবায়ু, জলপথ আৰু নগৰ-বাণিজ্যিক কেন্দ্ৰসমূহৰ বিকাশৰ বাবে ই অসমৰ সমাজ-অৰ্থনীতি আৰু সংস্কৃতিৰ মূল আধাৰ।
-
অসমৰ ফেৰী দুৰ্ঘটনা
অসমৰ ফেৰী দুৰ্ঘটনা ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ভয়ংকৰ নৌ-দুৰ্ঘটনা। প্ৰায় ৩৫০জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহাত পৰি নদীত উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ ১০৮জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখোঁজ হয়।
-
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ হৈছে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদীক আৰাধনা কৰা হৈছিল। অনুষ্ঠানটি ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে চুই যোৱা অসমৰ ২১ খন জিলাত এই উৎসৱ অনুষ্ঠিত হৈছিল।
-
২০২২ চনত অসমৰ বানপানী
২০২২ চনৰ মে’ মাহত উত্তৰ-পূব ভাৰতৰ অসমত মাৰাত্মক বানপানীৰ সৃষ্টি হৈছিল। ৬ লাখ ৫০ হাজাৰতকৈ অধিক লোকক ঘৰৰ পৰা উচ্ছেদ কৰাৰ লগতে ২৫ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।তিনিদিনীয়া ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ ফাটি যোৱাৰ পিছত ১৯০০ খন গাঁও ডুব যায়।