অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুলাৰ মাৰাণ্ডী

দুলাৰ মাৰাণ্ডী (Dular Marandi, জন্ম: ১৫ জুলাই ১৯৯৫) ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ, যিয়ে ভাৰতীয় মহিলা লীগত এছ এছ বি মহিলা ফুটবল ক্লাবৰ ফৰৱাৰ্ড হিচাপে খেলে আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰে। তেওঁ সীমান্ত সুৰক্ষা বাহিনীl কাম কৰে আৰু শিলিগুৰীত নিয়োজিত হৈ আছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দুলাৰ মাৰাণ্ডী (Dular Marandi, জন্ম: ১৫ জুলাই ১৯৯৫) ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ, যিয়ে ভাৰতীয় মহিলা লীগত এছ এছ বি মহিলা ফুটবল ক্লাবৰ ফৰৱাৰ্ড হিচাপে খেলে আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰে।১ তেওঁ সীমান্ত সুৰক্ষা বাহিনীl কাম কৰে আৰু শিলিগুৰীত নিয়োজিত হৈ আছে।

প্ৰাৰম্ভিক জীৱন

দুলাৰৰ ঘৰ ঝাৰখণ্ডৰ ভাৰতৰ অন্যতম পিছপৰা জিলা ডুমকা জিলাৰ কডোখিচা গাঁৱত। ডাঙৰ ভনীয়েকে শৈশৱত তেওঁৰ যত্ন লৈছিল আৰু ফুটবল খেলিবলৈ উৎসাহিত কৰিছিল। আৰ্থিক অসুবিধাৰ বাবে তেওঁৰ ভায়েকে পঢ়া-শুনা বন্ধ কৰিব লগা হৈছিল।১ দুলাৰক ডুমকাৰ এজন পুৰোহিতে দেখা পায়, যিয়ে তেওঁক মিছনেৰী ফুটবল দলৰ বাবে বাছি লৈছিল আৰু পিছলৈ হাজৰিবাগৰ ছাই গাৰ্লছ ফুটবল ট্ৰেইনিং চেণ্টাৰত তেওঁৰ সৈতে যোগ দিছিল।২ ২০০৯ চনত, যেতিয়া তেওঁৰ বয়স আছিল ১৩ বছৰ, তেওঁৰ মাতৃৰ মৃত্যু হৈছিল আৰু এবছৰৰ পিছত, তেওঁৰ ভায়েকৰো মৃত্যু হৈছিল। ২০১৫ চনত তেওঁ পিতৃক হেৰুৱাইছিল।৩ তেওঁৰ ক্ৰীড়া প্ৰতিভাৰ বাবে, ২০১৭ চনত তেওঁক শাস্ত্ৰ সীমা বল (বি. এছ. এফ.) -এ নিযুক্তি দিছিল। তেওঁ এছ. এছ. বি.-ত প্ৰশিক্ষক জুলিয়েট মিৰাণ্ডাৰ অধীনত প্ৰশিক্ষণ লয়।৪ তেখেতৰ দুজন সৰু ভাতৃ আছে।

কেৰিয়াৰ

  • ২০২২ঃ তেওঁ ভাৰতৰ মহিলাৰ বাবে আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা কন্যাশ্ৰী কাপৰ বাবে কলিকতা মহিলা ফুটবল লীগ জয় কৰা এছএছবি দলৰ অধিনায়ক আছিল।৩ তেওঁক 'টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ' বঁটা প্ৰদান কৰা হৈছিল।৪
  • ২০২২ঃ তেওঁ ইণ্ডিয়ান উইমেনছ লীগত এছএছবিক প্ৰতিনিধিত্ব কৰিছিল আৰু নটা গ'ল কৰিছিল
  • ২০২২ঃ ছুইডেনত বন্ধুত্বপূৰ্ণ খেল।৫

সন্মান

এছ. এছ. বি মহিলা

  • কলিকতা মহিলা ফুটবল লীগ ২০২০-২১, ২০২১-২২

তথ্যসূত্ৰ

  1. ↑ Bhattacharjee, Neeladri. (2022-06-14). From playing with a rag-ball to leading SSB, Dular dreams of India spot after IWL success. Sportstar
  2. ↑ (2019-05-16). From Playing with Boys in Jharkhand to Indian Women's League: Dular Marandi's Big Journey. News18
  3. ↑ SSB has helped us improve our fitness and perform better on the field- Dular Marandi. Khel Now
  4. ↑ (2022-05-16). https://timesofindia.indiatimes.com/sports/football/top-stories/fighting-past-lifes-struggles-ssb-skipper-dular-marandi-ready-to-shine-for-india/articleshow/91602494.cms
  5. ↑ (2022-06-20). Jharkhand News: दुमका की दुलार मरांडी का भारतीय महिला फुटबॉल टीम में चयन, मैत्री मैच खेलने गयी स्वीडन. Prabhat Khabar

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলাৰ মাৰাণ্ডী” প্ৰবন্ধৰ সংশোধন ৫০০৮১৪ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।