অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুনিয়া আবুতালেব

দুনিয়া আলী এম. আবুতালেব (Dunya Abutaleb; জন্ম: ১৭ জুন ১৯৯৭) হ'ল ছৌদি আৰৱৰ এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ‍। নিজৰ যোগ্যতাৰ বলত তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ আছিল প্ৰথমগৰাকী ছৌদি মহিলা।

হালনাগাদ: ২১ নৱেম্বৰ ২০২৪ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দুনিয়া আলী এম. আবুতালেব (Dunya Abutaleb; জন্ম: ১৭ জুন ১৯৯৭) হ'ল ছৌদি আৰৱৰ এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ‍। নিজৰ যোগ্যতাৰ বলত তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ আছিল প্ৰথমগৰাকী ছৌদি মহিলা।

কেৰিয়াৰ

আঠ বছৰ বয়সতে‍ তালিবৰ দেউতাকে তালিবক কোৰিয়ান সমৰ কলা টাইকোৱাণ্ডোৰ সৈতে পৰিচয় কৰাই দিছিল, সেই সময়ত ছৌদি আৰৱৰ বিদ্যালয়ত ছোৱালীক ব্যায়াম কৰাৰ অনুমতি দিয়া হোৱা নাছিল।১ ছৌদি আৰৱত বিশেষকৈ ছোৱালীৰ বাবে এই খেল বিৰল আছিল। তেওঁক যেতিয়া কেৱল তেওঁৰ লিংগৰ বাবেই প্ৰশিক্ষণত অংশগ্ৰহণ কৰাত বাধা-আৰোপ কৰা হৈছিল, তেতিয়া তেওঁ তেওঁৰ ভায়েকৰ সৈতে ১৩ বছৰ বয়সলৈকে এটা ব্যক্তিগত ক্লাৱত কোৰিয়ান সমৰ কলাৰ প্ৰশিক্ষণ লৈছিল। এই বিপৰ্যয়ৰ পিছতো তালিবে ২০১৫ চনত ছৌদি টাইকোৱাণ্ডো ফেডাৰেচনত আনুষ্ঠানিকভাৱে যোগদান নকৰালৈকে ভায়েকৰ প্ৰশিক্ষকৰ সৈতে ঘৰতে প্ৰশিক্ষণ অব্যাহত ৰাখিছিল।২

তালিবে‍ ছৌদি গেমছত অংশগ্ৰহণ কৰিছিল আৰু মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰা চাৰিজন খেলুৱৈৰ ভিতৰৰ এজন আছিল। তেওঁ আছিল দলটোৰ একমাত্ৰ মহিলা খেলুৱৈ। ৰাছিয়াৰ কুৰবান বোগদাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁ ৪৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছিল।৩ তেওঁ মেক্সিকোৰ ফ্লাইৱেইট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল, আৰু ২০২২ চনৰ এছিয়ান গেমছত নিজা শাখাত তৃতীয় স্থান লাভ কৰিছিল।৪

২০২৪ চনত এছিয়ান যোগ্যতা অৰ্জনৰ পাছত তালিবে‍ কেৱল যোগ্যতাৰ বলতে‍ অলিম্পিকৰ বাবে প্ৰয়োজনীয় অৰ্হতা লাভ কৰা ইতিহাসৰ প্ৰথমগৰাকী ছৌদি মহিলা আছিল।৫ ইয়াৰ পূৰ্বে ছৌদি আৰৱৰ মহিলা খেলুৱৈসকলক ৰাষ্ট্ৰীয় কোটা আৱণ্টনৰ যোগেদি‍ অন্তৰ্ভুক্ত কৰা হৈছিল। এই কৃতিত্ব ছৌদি ক্ৰীড়া মন্ত্ৰী ৰাজকুমাৰ আব্দুলাজিজ বিন তুৰ্কি আল ফয়ছালে উদযাপন কৰিছিল।৪

তেওঁ ২০২৪ চনৰ পেৰিছ অলিম্পিকত মহিলাৰ টাইকোৱাণ্ডো -৪৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰথমখন খেলতে তেওঁ ইজৰাইলৰ খেলুৱৈ আভিশাগ ছেমবেৰ্গ পৰাস্ত কৰিছিল।

কেৰিয়াৰৰ বিশেষত্ব

৪৭ খন পঞ্জীয়নভুক্ত যুঁজৰ ভিতৰত ৩০ খন যুঁজতে‍ আবুতালেব জয়ী হৈছিল আৰু এই জয়ৰ হাৰ ৬৩.৮%৷১৩৮টা হিটপইণ্ট তেওঁ যুঁজৰ সময়ত বিতৰণ কৰে‍ আৰু ৭১টা সংগ্ৰহ কৰে৷তদুনিয়া আবুতালেবে‍ ইতিমধ্য‍ে ২৬খন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় যুঁজাৰুৰ লাইভটাইম ৰেংকিঙত তেওঁ ৩১৬ পইণ্টেৰে ৬৩৬ নম্বৰ স্থানত আছে৷৬

তথ্যসূত্ৰ

  1. ↑ Donia out to make a mark for Saudi women in Paris
  2. ↑ (2022-11-15). دنيا أبو طالب. أول سعودية تنتزع بطاقة التأهل إلى أولمبياد باريس. Alarabiya
  3. ↑ (2022-11-15). Four athletes carry Saudi hopes at the 2022 World Taekwondo Championships. Arab News
  4. ↑ (2024-05-08). Donia out to make a mark for Saudi women in Paris. The Standard"Donia out to make a mark for Saudi women in Paris". The Standard. 2024-05-08. Retrieved 2024-05-09
  5. ↑ (2024-03-17). Donia Abu Talib becomes first Saudi female taekwondo player to qualify for Olympics. Olympic Council of Asia
  6. ↑ Taekwondo Data

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুনিয়া আবুতালেব” প্ৰবন্ধৰ সংশোধন ৪৪৬৮২৯ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।