অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীনা শনিচৰ

দীনা শনিচৰ (১৮৬০ বা ১৮৬১–১৮৯৫) এজন বন্য ল’ৰা আছিল। ১৮৬৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰৰ এটা গুহাত কুকুৰনেচীয়া বাঘৰ এটা জাকৰ মাজত চিকাৰীৰ এটা দলে তেওঁক আৱিষ্কাৰ কৰে, তেওঁৰ প্ৰায় ছয় বছৰ বয়সত।

হালনাগাদ: ১২ মে’ ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দীনা শনিচৰ (১৮৬০ বা ১৮৬১–১৮৯৫) এজন বন্য ল’ৰা আছিল। ১৮৬৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰৰ এটা গুহাত কুকুৰনেচীয়া বাঘৰ এটা জাকৰ মাজত চিকাৰীৰ এটা দলে তেওঁক আৱিষ্কাৰ কৰে,১ তেওঁৰ প্ৰায় ছয় বছৰ বয়সত।২৩৪৫

তাৰপৰা শনিচৰক আনি আগ্ৰাৰ চিকুন্দ্ৰা অনাথ আশ্ৰমলৈ পঠিওৱা হয় আৰু তাতেই তেওঁ আন মানুহৰ মাজত বিছ বছৰতকৈও অধিক সময় বাস কৰে। তেওঁ কেতিয়াও কথা ক’বলৈ শিকিব পৰা নাছিল আৰু গোটেই জীৱন গুৰুতৰভাৱে অংগসমূহ বিকল হৈয়েই থাকিল।

আৱিষ্কাৰ

বুলণ্ডশ্বহৰ জিলাৰ এটা গুহাত দীনা শনিচৰক আৱিষ্কাৰ কৰা হয় আৰু স্থানীয় জিলা দণ্ডাধীশ আৰু সংগ্ৰাহকৰ ওচৰলৈ অনা হয়।৬৭ ইয়াৰ পিছত তেওঁক আগ্ৰাৰ চিকুন্দ্ৰা অনাথ আশ্ৰমলৈ পঠিওৱা হয়।৬৮

অনাথ আশ্ৰমত৯ শনিবাৰে আহি পোৱাৰ বাবে তেওঁক শনিচৰ (অৰ্থাৎ শনিবাৰ) নাম দিয়া হৈছিল।১০ গম পোৱা গৈছিল যে তেওঁ প্ৰথমতে চাৰিওখন ভৰিৰে খোজ কাঢ়িছিল আৰু কেঁচা মাংস খাইছিল।১১ কথা ক’ব নোৱাৰিলেও তেওঁ কুকুৰনেচীয়া বাঘৰ দৰে মুখেৰে শব্দ কৰিছিল।৩ তেওঁ বিছ বছৰতকৈও অধিক সময় আন মানুহৰ মাজত বাস কৰিছিল যদিও কেতিয়াও কথা ক’বলৈ শিকিব পৰা নাছিল আৰু গোটেই জীৱন গুৰুতৰভাৱে বিকল হৈয়ে আছিল।৪১২ শনিচৰে প্ৰচণ্ড ধূম্ৰপান কৰিছিল।১৩

মৃত্যু আৰু উত্তৰাধিকাৰ

১৮৯৫ চনত প্ৰায় ৩৪ বছৰ বয়সত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ শনিচৰৰ মৃত্যু হয়।৯

ৰুডিয়াৰ্ড কিপলিঙৰ দ্য জংঘল বুকত মৌগলী চৰিত্ৰটোৰ প্ৰেৰণা হয়তো শনিচৰেই আছিল।১৪

তথ্যসূত্ৰ

  1. ↑ Kaul, Ikbal. (15 October 1978). During the last century, nearly 50 cases of wolf children reported in India. India Today
  2. ↑ Degregory, Lane. (3 August 2008). Feral children through the ages. www.tampabay.com
  3. ↑ Mathur, Priyanshi. (10 December 2018). Meet The Real-Life Mowgli – Dina Sanichar Who Was Raised By A Pack Of Wolves. IndiaTimes
  4. ↑ Malson, Lucien. (1972). Wolf children and the problem of human nature. Monthly Review Press. পৃ. 45. ISBN 9780902308244
  5. ↑ Ferris, George C. (3 June 1902). Sanichar the Wolf-Boy of India. পৃ. 20
  6. ↑ (1886). Notes and Queries. Oxford University Press. পৃ. 178
  7. ↑ Ha, James C.; Campion, Tracy L. (2018). Dog Behavior: Modern Science and Our Canine Companions. Academic Press. ISBN 978-0-12-816746-5
  8. ↑ (5 September 1885). Wolf boys. North British Advertiser & Ladies' Journal. পৃ. 3
  9. ↑ (6 November 2013). Legendary wildlife conservators and jungle lore. The Statesman
  10. ↑ (7 December 2018). Real story of Mowgli Netflix Movie: Who was Mowgli. The Jungle Book character & how did it inspire Netflix's 2018 Hindi movie Mowgli. GQ India
  11. ↑ Wyness, Michael. (27 June 2018). Childhood, Culture and Society: In a Global Context. Sage. ISBN 978-1-5264-2250-7
  12. ↑ Zingg, Robert M. (1940). Feral man and extreme cases of isolation. The American Journal of Psychology. পৃ. 487–517
  13. ↑ Malson, Lucien. (1972). Wolf Children. NYU Press. ISBN 978-0-85345-264-5
  14. ↑ Sorabji, Caroline. (1904). The Wide World Magazine: An Illustrated Monthly of True Narrative, Travel, Customs, and Sport. George Newnes. পৃ. 38

সম্পৰ্কিত শ্ৰেণী

বন্য শিশু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনা শনিচৰ” প্ৰবন্ধৰ সংশোধন ৬০৬০৪৯ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।