বন্য শিশু
৫ প্ৰবন্ধ
-
বন্য শিশু
বন্য শিশু (বনৰীয়া শিশু বুলিও কোৱা হয়) হৈছে এনে এজন ব্যক্তি যিয়ে অতি কম বয়সৰপৰাই মানুহৰ সংস্পৰ্শৰপৰা বিচ্ছিন্ন হৈ বনত বাস কৰি আহিছে; যাৰ ওপৰত মানুহৰ যত্ন, সামাজিক আচৰণ বা ভাষাৰ অভিজ্ঞতা কম বা একেবাৰেই নাই। এনে শিশুৰ প্ৰাথমিক আৰু মাধ্যমিক সামাজিকীকৰণৰ মূল কথাবোৰৰ অভাৱ দেখা যায়।
-
অমলা আৰু কমলা
অমলা (প্ৰায় ১৯১৮ – ২১ ছেপ্টেম্বৰ ১৯২১) আৰু কমলা (প্ৰায় ১৯১২ – ১৪ নৱেম্বৰ ১৯২৯) ভাৰতৰ বংগৰ মিদনাপুৰ (বৰ্তমান পশ্চিম বংগ)ৰ দুগৰাকী "বন্য শিশু" আছিল, যিসকলক কুকুৰনেচীয়া বাঘৰ পৰিয়ালে ডাঙৰ-দীঘল কৰা বুলি জনাজাত হৈ উঠিছিল। তেওঁলোকৰ কাহিনীয়ে মূলসুঁতিৰ সমাজৰ যথেষ্ট মনোযোগ আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল।
-
দীনা শনিচৰ
দীনা শনিচৰ (১৮৬০ বা ১৮৬১–১৮৯৫) এজন বন্য ল’ৰা আছিল। ১৮৬৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰৰ এটা গুহাত কুকুৰনেচীয়া বাঘৰ এটা জাকৰ মাজত চিকাৰীৰ এটা দলে তেওঁক আৱিষ্কাৰ কৰে, তেওঁৰ প্ৰায় ছয় বছৰ বয়সত।
-
মাৰ্কছ ৰড্ৰিগেজ পাণ্টোজা
মাৰ্কছ ৰড্ৰিগেজ পাণ্টোজা (জন্ম ৭ জুন ১৯৪৬, স্পেইনৰ আনোৰাত) এটা বিখ্যাত বন্য শিশু। সাত বছৰ বয়সত তেওঁক এজন ছাগলীপালকৰ হাতত বিক্ৰী কৰা হৈছিল আৰু তেওঁৰ মৃত্যুৰ পাছত মাৰ্কছ ছিয়েৰা মৰেনাত পহুবোৰৰ সৈতে অকলে বাস কৰিছিল। ১৯ বছৰ বয়সত তেওঁক সভ্য সমাজলৈ ঘূৰাই অনা হয় যদিও সামঞ্জস্য স্থাপন কৰাত অসুবিধা হয়।
-
মেৰিনা চেপমেন
মেৰিনা চেপমেন (জন্ম ১৯৫০ চনৰ আশে-পাশে) কলম্বিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ মহিলা যিয়ে তেওঁৰ শৈশৱৰ প্ৰথমভাগৰ বেছিভাগ সময় জংঘলত কটায় আৰু কেৱল কেপুচিন বান্দৰৰ এটা দলৰ লগত আৰু কেৱল জংঘলৰ আশে-পাশে জীয়াই থকা বুলি জনা যায়।