অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দীঘা–সোণপুৰ দলং

দীঘা–সোণপুৰ দলং বা জে পি সেতু হৈছে গংগা নদীৰ ওপৰেৰে ৰেল-কম-ৰোড তীখাৰ ট্ৰাছ দলং, যিয়ে পাটনাৰ দীঘাঘাট আৰু সোণপুৰৰ পহলেজা ঘাতক সংযোগ কৰে। ভাৰতীয় স্বাধীনতা কৰ্মী জয়প্ৰকাশ নাৰায়ণৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। ই উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত সহজ পথ আৰু ৰে'লপথ সংযোগ প্ৰদান কৰে।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৯২৮ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দীঘা–সোণপুৰ দলং বা জে পি সেতু ১ হৈছে গঙ্গা নদীৰ ওপৰেৰে ৰেল-কম-ৰোড তীখাৰ ট্ৰাছ দলং, যিয়ে পাটনাৰ দীঘাঘাট আৰু সোণপুৰৰ পহলেজা ঘাতক সংযোগ কৰে।২৩ ভাৰতীয় স্বাধীনতা কৰ্মী জয়প্ৰকাশ নাৰায়ণৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। ই উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত সহজ পথ আৰু ৰে'লপথ সংযোগ প্ৰদান কৰে।৪

৪,৫৫৬ মিটাৰ দৈৰ্ঘ্যৰ এইখন অসমৰ বগীবিল দলঙৰ পিছত ভাৰতৰ দ্বিতীয় দীঘলীয়া ৰেল-কাম-ৰোড দলং।৫ এই পথত ৰেল সেৱা ২০১৬ চনৰ ৩ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰা হয়।

ৰাজেন্দ্ৰ সেতুৰ পিছত এইখন বিহাৰৰ দ্বিতীয়খন ৰেল দলং যিয়ে উত্তৰ বিহাৰক দক্ষিণ বিহাৰৰ সৈতে সংযোগ কৰে।৬ ভাৰতীয় ৰে’লৱে দলঙৰ দুয়োকাষে দুটা ৰে’ল ষ্টেচন নিৰ্মাণ কৰিছে – পাটলীপুত্ৰ জংচন (পিপিটিএ) আৰু ভৰ-পূৰা পাহলেজা ঘাট জংচন (পিএইচএলজি)।

প্ৰকল্পটো

Digha pahleja rail road bridge.png
ছবি: Drmsonepur · CC BY-SA 4.0

২০১৬ চনৰ ৩ ফেব্ৰুৱাৰীলৈকে বিহাৰ ৰাজ্যৰ গঙ্গা নদী পাৰ হৈ ৰেলপথ কঢ়িয়াই নিয়া একমাত্ৰ দলং ৰাজেন্দ্ৰ সেতু আছিল। যিখন দলং ১৯৫৯ চনত মুকলি কৰা হৈছিল।৭৮৯

১৯৯৬ চনৰ ২২ ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই সোণেপুৰত গংগাৰ ওপৰত ৰেল দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।১০১১ সেই সময়ত ৰামবিলাস পাছৱান ৰে’ল মন্ত্ৰী আছিল যদিও ২০০৩ চনত নীতিশ কুমাৰ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত দলংখনৰ ভৌতিক কাম আৰম্ভ হৈছিল। ১২১৩ দীঘা–সোণপুৰ গংগা দলংখনক প্ৰথমে ৰে’ল দলং হিচাপে অনুমোদন দিয়া হৈছিল; ২০০৬ চনত এই প্ৰকল্পটো ৰেল-কম-ৰোড দলংলৈ ৰূপান্তৰিত কৰা হয়। প্ৰকল্পটোৰ মুঠ খৰচ ১৩,৮৯০ মিলিয়ন ₹ বুলি ধৰা হয়, ইয়াৰে ৮,৩৫ কোটি ₹ ৰেল অংশৰ বাবে আৰু ৫,৫৪ কোটি ₹ পথ অংশৰ বাবে। পাঁচ বছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছিল।১৪ ২০১৫ চনৰ আগষ্ট মাহত দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়,১৫১৬ আৰু একে মাহতে দলংখনত ডিজেল ইঞ্জিনৰ পৰীক্ষামূলক চলোৱা হয়।১৭

দীঘা–সোনপুৰ দলং প্ৰকল্পটো ইৰকন ইণ্টাৰনেশ্যনেলে সম্পন্ন কৰিছিল আৰু এই দলংখন ১,৫৭০ কোটি ₹ (১৯ কোটি মাৰ্কিন ডলাৰ)ত সম্পূৰ্ণ হৈছিল।১৮১৯ পাটনা-সোণপুৰ-হাজীপুৰ খণ্ডৰ বিদ্যুৎকৰণৰ কাম ২০১৬ চনৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হয়।২০ দলংখনৰ ৰেলপথ দুগুণ কৰাৰ কাম ২০১৮ চনৰ মে' মাহৰপৰা আৰম্ভ হৈছিল,২১ আৰু ইয়াক অনুমাণিক ১৫৬.০৯ কোটি টকা ব্যয় কৰা হৈছে আৰু ২০১৯ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব।২২২৩

ইয়াৰ দক্ষিণ লিংক ৰোড যাক এইমছ- দীঘা উচ্চ পথ (পাটলী পথ) বুলিও কোৱা হয় ২০২০ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হয়।

ৰাজনীতি

২০২৩ চনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জেপি সেতু পৰিদৰ্শন কৰি থকা অৱস্থাত।
২০২৩ চনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জেপি সেতু পৰিদৰ্শন কৰি থকা অৱস্থাত।ছবি: Information and Public Relations Department Government of Bihar · Attribution

১৯৯৬ চনত ৰেলৱেই দীঘা–সোণপুৰ, গুলজাৰবাগ–হাজীপুৰ আৰু ইকট ঘাট–সোণপুৰ—এই তিনিটা সম্ভাৱ্য স্থানত প্ৰস্তাৱিত দলংখনৰ বাবে জৰীপৰ কাম আৰম্ভ কৰিছিল।২৪ সেই সময়ৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰাম বিলাস পাছৱানে গুলজাৰবাগ-হাজীপুৰ স্থানটোক সমৰ্থন কৰিছিল, কিয়নো হাজীপুৰ তেওঁৰ নিৰ্বাচনী সমষ্টি আছিল। আনহাতে, বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে দীঘা–সোণপুৰ স্থানটোক সমৰ্থন জনাইছিল। এই দুই প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ মাজত হোৱা মতানৈক্যৰ পৰিপ্ৰেক্ষিতত সোণপুৰত অশান্তিৰ সৃষ্টি হয় আৰু এজন লোক গুলীচালনাত নিহত হয়।২৫ বহু বিশেষজ্ঞই হাজীপুৰ আৰু পাটনাক সংযোগ কৰা পথ দলং মহাত্মা গান্ধী সেতুৰ ওচৰতে ৰেল দলংখন নিৰ্মাণ কৰাৰ পৰামৰ্শ দিছিল। কিন্তু ৰাজনৈতিক মতাদৰ্শৰ জয় হয় আৰু দীঘা–সোণপুৰ স্থানটোৱেই নিৰ্বাচিত কৰা হয়। কেৱল জৰীপৰ কামতে ২৪ নিযুত টকা ব্যয় হৈছিল।২৬ ১৯৯৭-৯৮ চনৰ কেন্দ্ৰীয় বাজেটত দলংখন নিৰ্মাণৰ প্ৰস্তাৱ উল্লেখ কৰা হৈছিল আৰু সেই সময়ত ইয়াৰ অনুমাণিক ব্যয় আছিল ৬০০ কোটি টকা। বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰী হৈ থকাৰ সময়তে দলংখনৰ নিৰ্মাণৰ বাবে চূড়ান্ত অনুমোদন দিয়া হৈছিল।২৭ পৰৱৰ্তী সময়ত লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰেল মন্ত্ৰী হৈ থাকোঁতে কামৰ পৰিসৰ বৃদ্ধি কৰা হয়।

সেৱা

২০১৬ চনৰ ৩ ফেব্ৰুৱাৰীত এই পথত নিয়মীয়া যাত্ৰীবাহী ৰেল সেৱা উদ্বোধন কৰা হয়। আৰম্ভণিতে পাটনাক উত্তৰ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ একাংশৰ সৈতে সংযোগ কৰিবলৈ এই দলঙৰ জৰিয়তে ছয়খন ৰেল চলাচল কৰিব। ইয়াৰ ভিতৰত পাটলিপুত্ৰ জংচনৰপৰা সোণপুৰ, হাজীপুৰ, শ্বাহপুৰ পাটোৰী হৈ বৰাউনী জংচনলৈ; ছাপ্ৰা, চিৱান, থাৱে আৰু কাপ্টানগঞ্জ হৈ গোৰখপুৰ জংচনলৈ; আৰু হাজীপুৰ, মুজফ্ফৰপুৰ, ৰক্সৌল আৰু নৰকাটিয়াগঞ্জ হৈ গোৰখপুৰ জংচনলৈ চলাচল কৰা ডিজেল মাল্টিপল ইউনিট (DMU) ৰেলসমূহ অন্যতম।২৮২৯

উত্তৰ-পূব ভাৰতলৈ যোৱা পাটনা অভিমুখী বহুতো দূৰপাল্লাৰ ৰেল ইতিমধ্যে এই উত্তৰ পথলৈ স্থানান্তৰ কৰা হৈছে, যাৰ ফলত অত্যধিক ভিৰ থকা মুঘলচৰাই-পাটনা ৰেলপথৰ বোজা হ্ৰাস পাইছে।৩০

ৰোল-অন/ৰোল-অফ

২০১৬ চনৰ মে' মাহত বিহিটা (ব্যক্তিগত মালবাহী টাৰ্মিনেল)ৰপৰা মুজফ্ফৰপুৰ জিলাৰ তুৰ্কী ষ্টেচনলৈ দীঘা-সোণপুৰ ৰেল-পথ দলঙৰ জৰিয়তে ৮৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰোল-অন/ৰোল-অফ (RO-RO) সেৱা আৰম্ভ কৰা হয়।৩১৩২ ভাৰতত এয়া এই ধৰণৰ দ্বিতীয়টো সেৱা। ইয়াৰ পূৰ্বে কোংকন ৰেলৱে অঞ্চলত ৰো-ৰো (RoRo) সেৱা আৰম্ভ কৰা হৈছিল। এই সেৱাৰ জৰিয়তে ৰেলৰ ৱাগনত ভৰ্তি ট্ৰাকসমূহ গন্তব্যস্থানলৈ লৈ যোৱা হয়।৩৩ অধিক মাল কঢ়িওৱা আকৰ্ষণ কৰিবলৈ, কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ আৰু মহাত্মা গান্ধী সেতুৰ বোজা হ্ৰাস কৰিবলৈ ৰেলৱেই এই সেৱা আৰম্ভ কৰিছে।৩৪ এখন ৰেকত প্ৰায় ৪৪খন ট্ৰাক কঢ়িয়াব পাৰি আৰু এখন ৰেকে দিনটোত তিনিবাৰকৈ যাত্ৰা কৰে। ১৫ মেট্ৰিক টন ওজনৰ ট্ৰাকৰ বাবে ৪১০৭ টকা আৰু গড় ৬ মেট্ৰিক টন ওজনৰ খালী ট্ৰাকৰ বাবে ২৮০৬ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছে। ১৫ মেট্ৰিক টনতকৈ অধিক ওজনৰ ট্ৰাকৰ বাবে প্ৰতি অতিৰিক্ত টনত ২০০ টকাকৈ অধিক মাচুল লোৱা হয়। সৰ্বাধিক ৬৬ মেট্ৰিক টন ওজনৰ অনুমতি দিয়া হৈছে। ৩ জুলাইৰপৰা ইয়াৰ গন্তব্যস্থান বিহিটাৰ সলনি দানাপুৰলৈ সলনি কৰা হৈছে।৩৫

বিহাৰৰ গংগা নদীৰ ওপৰৰ দলংসমূহ

গংগা নদীয়ে বিহাৰ ৰাজ্যক দুটা ভাগত বিভক্ত কৰিছে। এই বিশাল নদীখনে ৰাজ্যখনৰ দুই অংশৰ মাজত যাতায়াত তথা যোগাযোগ কাৰ্যটো যথেষ্ট কঠিন কৰি তোলে।

  • এই ব্যৱধান দূৰ কৰাৰ বাবে প্ৰথম প্ৰচেষ্টা আছিল ১৯৫৯ চনৰ ৰাজেন্দ্ৰ সেতু।৭৮
  • বিহাৰৰ গংগা নদীৰ ওপৰত নিৰ্মিত পৰৱৰ্তী দলংখন আছিল ৫,৫৭৫ মিটাৰ দৈৰ্ঘ্যৰ মহাত্মা গান্ধী সেতু। ১৯৮২ চনত ইয়াৰ মুকলিৰ সময়ত এইখন ভাৰতৰ দীৰ্ঘতম দলং আছিল।৩৬
  • ইয়াৰ পিছতে ভাগলপুৰৰ ওচৰত বিক্ৰমশিলা সেতু নিৰ্মাণ কৰা হয়।৩৭
  • ৰাজ্যখনৰ গংগা নদীৰ ওপৰত চতুৰ্থখন দলং হৈছে দীঘা–সোণপুৰ ৰেল-পথ দলং।
  • শ্ৰীকৃষ্ণ সেতু (মুংগেৰ গংগা দলং) ২০১৬ চনৰ ১১ এপ্ৰিলত যাত্ৰীবাহী ৰেলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।৩৮ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এই দলঙৰ পথছোৱা যাতায়াতৰ বাবে মুকলি কৰা হয়।৩৯
  • পিবপইণ্টি আৰু নৌগাছিয়াৰ মাজত ১৮ কিলোমিটাৰ নতুন ৰেল লাইনৰ সৈতে বিক্ৰমশিলা–কাটাৰিয়াত গংগাৰ ওপৰত চতুৰ্থখন ৰেল দলং মঞ্জুৰ কৰা হৈছে।৪০
  • পাটনাৰ কচ্চি দৰগাহ আৰু বৈশালীৰ বিদুৰপুৰক সংযোগ কৰিবলৈ পাটনাৰ ওচৰত ৯.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ৬ লেনযুক্ত পথ দলং বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে।৪১
  • বৰ্তমানৰ ৰাজেন্দ্ৰ পুলৰপৰা ২৫ মিটাৰ উজনিত এখন দ্বৈত-পথৰ ৰেল দলঙৰ নিৰ্মাণ কাৰ্য ২০১৬ চনৰ ১২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে।৪২৪৩
  • বখতিয়াৰপুৰ আৰু তাজপুৰক সংযোগ কৰিবলৈ ৫.৫৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বখতিয়াৰপুৰ-তাজপুৰ দলং নিৰ্মাণ কৰা হৈছে।৪৪
  • আৰা আৰু চাপ্ৰাক সংযোগ কৰা আৰা–চাপ্ৰা দলংখনৰ কাম সম্পূৰ্ণ হৈছে আৰু ২০১৭ চনৰ ১১ জুনত যাতায়াতৰ বাবে মুকলি কৰা হয়।৪৫
  • বৰ্তমানৰ ৰাজেন্দ্ৰ সেতুৰ সমান্তৰালভাৱে এখন পথ দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।৪৬
  • চুলতানগঞ্জত আন এখন ৪ লেনৰ পথ দলং নিৰ্মীয়মান অৱস্থাত আছে।৪৭
  • কাটিহাৰ জিলাৰ মণিহাৰীত আন এখন ৪ লেনৰ পথ দলং নিৰ্মাণ কৰা হৈছে যিয়ে ঝাৰখণ্ডৰ চাহিবগঞ্জক সংযোগ কৰিব।৪৮

তথ্যসূত্ৰ

  1. ↑ Bridge opening boon for north Bihar link
  2. ↑ Bhelari, Amit. (4 February 2016). Million dreams on tracks. Telegraph India
  3. ↑ Ganga bridge bonanza New projects to ease travel hassle
  4. ↑ Land bids put bridges in troubled waters Four new bridges being constructed over the Ganga in different locations across Bihar have missed their deadlines for completion. The existing bridges are dilapidated, adding to the woes
  5. ↑ (20 December 2015). Girder erection and deck casting work has been completed on 45 spans of the bridge in a record time. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (18 May 2015). Digha bridge: Only 10% rly track work remains incomplete. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (2010-07-12). Rlys begins bridge renovation work. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Indian railways history (after independence). Indian Railways
  9. ↑ Indian Railways' Forgotten Frontier – Tribals Travel on Rooftops. Again in Bihar: 930 crore and 625 crore rail cum road bridges
  10. ↑ (2 February 2002). Digha-Sonepur rail bridge has an eventful past. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (31 January 2016). Foundation stone for Bihar bridge laid again, for Lalu's benefit
  12. ↑ (3 February 2016). 18-year wait 1996-2016. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ Ramvilas Paswan had got foundation laying of the rail-cum road bridge from Digha to Sonepur by the then Prime Minister HD Deve Gowda without arranging fund for it
  14. ↑ Enlargement of rail bridge over Ganga near Patna approved by CCEA. one india news
  15. ↑ (6 August 2015). 'Digha-Sonepur bridge to be inaugurated soon Aug 6,2015'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  16. ↑ (13 July 2015). Rlys may miss deadline to open Digha bridge - the Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ (8 August 2015). Loco makes smooth trial run on Digha-Sonepur bridge Aug 8,2015. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (9 July 2016). Ircon executes landmarkrailway projects in Bihar. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  19. ↑ (9 June 2017). Tejashwi Prasad Yadav to open 2 mega bridges on Pul Nigam day. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ (4 July 2016). Express-train cheer for Digha rail bridge. The Telegraph
  21. ↑ Sonepur bridge twin track work rolls
  22. ↑ Railway track project by Dec. 2019
  23. ↑ Double track boon for bridge More trains between Patna & north
  24. ↑ (24 April 2000). Digha-Pahleja rail bridge gets go-ahead. The Times of India
  25. ↑ दीघा-सोनपुर रेल पुल को लेकर शहीद का मना শहादत দিবস
  26. ↑ (2002-02-02). Digha–Sonepur rail bridge has an eventful past. The Times of India
  27. ↑ (2009-10-13). 'Rail bridge over Ganga would be nation's pride'. The Hindu
  28. ↑ Kumod Verma. (2 February 2016). Train to run on Digha–Sonepur bridge today. Times of India
  29. ↑ Kumod Verma and HK Verma. (3 February 2016). Trains run on Ganga bridge, end 18-year-long wait. Times of India
  30. ↑ H K Verma. (22 December 2015). Saran residents await opening of Digha bridge. Times of India
  31. ↑ (25 May 2016). Railway kicks roll on off
  32. ↑ ट्रेन पर सवार होकर गंगा पार गए ट्रक, रेलवे की हुई कमाई
  33. ↑ Trains to ferry trucks, take load off Setu
  34. ↑ Indian Railways launch RO-RO service to attract more loadings - the Financial Express
  35. ↑ (2 July 2016). ECR changes destination of 'roll on-roll off' to Danapur. The Hindu
  36. ↑ Mahatma Gandhi Setu the Longest River Bridge in India. General Knowledge Quiz
  37. ↑ (22 August 2009). Vikramshila Setu. Bhagalpur, Land of Art, Culture and Education
  38. ↑ (11 April 2016). Minister flags off passenger train between Begusarai and Jamalpur - Times of India. The Times of India
  39. ↑ (8 February 2022). Long-delayed road bridge over Ganga in Bihar to be inaugurated on Friday. Hindustan Times
  40. ↑ Bihar gets allocation of Rs 3171 crore in rail budget: PTI feed, News - India Today
  41. ↑ Smooth today, faster tomorrow. www.telegraphindia.com
  42. ↑ PM Modi inaugurates three major railway projects worth Rs 7000 crore in Bihar
  43. ↑ (13 March 2016). New Mokama rail bridge likely to be completed in 4 yrs - Times of India. The Times of India
  44. ↑ Nitish inaugurates construction of Ganga bridge connecting Bakhtiyarpur – Tajpur: bridge to open in 2015. Bihar Days
  45. ↑ Singh, Rakesh K. (2010-12-30). Ganga link to connect Ara & Chhapra. The Telegraph, 30 December 2010
  46. ↑ (2011-04-08). Four-lane connector over Sone, Ganga. The Telegraph, 8 April 2011
  47. ↑ Nitish Kumar lays foundation of Ganga Bridge between Aguwani Ghat and Sultanganj
  48. ↑ (6 April 2017). Sahibgunj-Manihari Ganga bridge to help dev Santhal Pargana economically: Raghubar das

সম্পৰ্কিত শ্ৰেণী

দলংভাৰতৰ দলং

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীঘা–সোণপুৰ দলং” প্ৰবন্ধৰ সংশোধন ৬১৮২২৬ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।