মহাত্মা গান্ধী সেতু (গান্ধী সেতু বা গংগা সেতু বুলিও কোৱা হয়) ভাৰতৰ বিহাৰৰ গঙ্গা নদীৰ ওপৰত এখন দলং, যিয়ে দক্ষিণে পাটনাক উত্তৰত হাজীপুৰৰ সৈতে সংযোগ কৰে।১ ইয়াৰ দৈৰ্ঘ্য ৫,৭৫০ মিটাৰ (১৮,৮৬০ ফুট) ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী দলং।২৩৪ ১৯৮২ চনৰ মে’ মাহত হাজীপুৰত অনুষ্ঠিত এক অনুষ্ঠানত ইয়াৰ উদ্বোধন কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। ১৯৮২ চনৰ পৰা ২০১৭ চনলৈ মহাত্মা গান্ধী সেতু ভাৰতৰ আটাইতকৈ দীঘল দলং আছিল। পিছলৈ মহাত্মা গান্ধী ছেতুৰ ওপৰত ত্ৰিকোণীয় তীখাৰ ট্ৰাছ স্থাপনৰ বাবে গান্ধী সেতু পুনৰ্বাসন প্ৰকল্পৰ কাম হাতত লোৱা হয়।৫
পৰিকল্পনা আৰু তাৎপৰ্য্য
১৯৬৯ চনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰি গমন ইণ্ডিয়া লিমিটেডে দহ বছৰৰ ভিতৰত অৰ্থাৎ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈকে নিৰ্মাণ কৰা এই দলংখনৰ মুঠ খৰচ আছিল ₹৮৭.২২ কোটি (৮৭২.২ মিলিয়ন টকা)। ৰাজ্যখনৰ ৰাজধানী পাটনাৰ মাজেৰে উত্তৰ বিহাৰক বিহাৰৰ বাকী অংশৰ সৈতে সংযোগ কৰিবলৈ, আৰু ৰাষ্ট্ৰীয় ঘাইপথ ১৯ (NH19)ৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছিল। এই দলং নিৰ্মাণৰ পূৰ্বে বিহাৰত গংগা নদী পাৰ হোৱা একমাত্ৰ দলং আছিল পূব দিশত প্ৰায় ৮৫ কিলোমিটাৰ (৫৩ মাইল) দূৰত্বত থকা ৰাজেন্দ্ৰ ছেতু, যিখন দলং ১৯৫৯ চনত মুকলি হৈছিল। তেতিয়াৰ পৰাই গংগাৰ সিপাৰে বিক্ৰমশিলা সেতুও নিৰ্মাণ কৰা হৈছে। দিঘা আৰু সোণেপুৰৰ মাজত৬ আৰু মুংগেৰত আৰু দুখন ৰেল-পথৰ দলং নিৰ্মাণ কৰা হয়।৭ গ্ৰীণফিল্ড এক্সপ্ৰেছৱেৰ অন্তৰ্গত কাচ্চি দৰগাহ বিদ্দুপুৰ দলং নামেৰে আৰু অধিক দলং নিৰ্মাণৰ কাম চলি আছে।
ভাৰতীয় ডাক বিভাগে ২০০৭ চনৰ ১৭ আগষ্টত "ভাৰতৰ ল্যাণ্ডমাৰ্ক ব্ৰীজ: মহাত্মা গান্ধী ছেতু" নামৰ এটা স্মৃতিচাৰণ ডাক ষ্টাম্প জাৰি কৰে।৮
ইঞ্জিনিয়াৰিং

জে.পি. দলংখনৰ ৪৫টা মধ্যৱৰ্তী স্পেন ১২১.০৬৫ মিটাৰ (৩৯৭.১৯ ফুট) প্ৰতিটো আৰু প্ৰতিটো মূৰত ৬৫.৫৩০ মিটাৰ (২১৪.৯৯ ফুট) স্পেন আছে।৯ ডেকত ইণ্ডিয়ান ৰোডছ কংগ্ৰেছ (আই আৰ চি) ক্লাছ ৭০ আৰ লোডিঙৰ বাবে ৭.৫ মিটাৰ বহল (২৫ ফুট) দুটা লেনযুক্ত পথৰ ব্যৱস্থা কৰা হৈছে যাৰ দুয়োফালে ফুটপাথ আছে।১০ কেন্টিলিভাৰ ছেগমেণ্টেল নিৰ্মাণ পদ্ধতি গ্ৰহণ কৰা হৈছিল; প্ৰতিটো স্পেনৰ দুয়োফালে দুটা কেন্টিলিভাৰ বিম থাকে যিবোৰৰ মূৰত মুক্তভাৱে গতি কৰিব পাৰে। ইয়াৰ দুটা লেন আছে, এটা ওপৰলৈ আৰু আনটো তললৈ, প্ৰত্যেকৰে প্ৰস্থ প্ৰায় ৬ মিটাৰ (২০ ফুট)। এই লেনবোৰ ইটোৱে সিটোৰ পৰা মুক্ত আৰু কোনো সংযোগ নাই। ইয়াক ৩ মিটাৰ (৯.৮ ফুট) প্ৰি-কাষ্ট অংশ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল, যিবোৰ দুয়োটা মূৰত সংযোগ কৰি স্পেন সম্পূৰ্ণ কৰা হৈছিল। স্পেনবোৰ এটা প্ৰট্ৰুচনৰ সৈতে সংযুক্ত কৰা হয় যিটো দীৰ্ঘায়িতভাৱে গতি কৰিবলৈ মুক্ত। উলম্ব গতিৰ ফলত বাহনৰ গতিবিধিৰ পৰা হোৱা কম্পনক বিশেষ বিচ্ছিন্নতা নোহোৱাকৈ স্পেনৰ মাজত মসৃণভাৱে স্থানান্তৰিত হ'ব পাৰে।১১
যাতায়ত যানজঁট
যোৱা দশকবোৰত দলংখন পাৰ হৈ যোৱা বাহনৰ সংখ্যা বৃদ্ধি পোৱা, ক্ষমতাতকৈ অধিক চলাচল কৰা আৰু গাঁথনিটোত অতিৰিক্ত বোজা দিয়াৰ বাবে বৃহৎ যাতায়তৰ বিশৃংখলতাৰ সৃষ্টি হৈছে। ২০১৪ চনত বিহাৰ চৰকাৰে গান্ধী ছেতুৰ সমান্তৰালভাৱে দুখন পণ্টুন দলং নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰে, যাতে ভিৰ সমস্যাৰ পৰা উপশম পায়।১২ ২০১৭ চনত এখন পণ্টুন দলং মুকলি কৰা হয়।১৩ দৈনিক ৮৫ হাজাৰৰো অধিক বাহন আৰু ১২ হাজাৰ পথচাৰীয়ে এই দলংখন পাৰ হৈ যায়। ২০২০ চনৰ ২১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪.৫ কিলোমিটাৰ জোখৰ আন এখন ৪ লেনযুক্ত পথ দলঙৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াৰ বাবে ২৯২৬.৪২ কোটি টকা খৰচ হ’ব১৪ ই বৰ্তমানৰ দলংখনৰ পশ্চিম দিশত হ’ব, আৰু ভৱিষ্যতে, বৰ্তমানৰ ৪ লেন দলংকে ধৰি ই ৮ লেনযুক্ত দলংলৈ পৰিণত হ’ব।
গান্ধী সেতু পুনৰ্বাসন প্ৰকল্প
২০১৮ চনত মহাত্মা গান্ধী ছেতুক নতুন ৰূপ দিয়া হৈছে বুলি খবৰ ওলাইছিল।১৫ গান্ধী ছেতু পুনৰ্বাসন প্ৰকল্প এফকনছ ইনফ্ৰাষ্ট্ৰাকচাৰে ছিবমষ্ট অ'জেএছচিৰ সৈতে যৌথ উদ্যোগত আনুমানিক ১,৭৪২.০১ কোটি টকা ব্যয়ৰে সম্পূৰ্ণ কৰিছে।১৬ তাৰে ২৩৭ কোটি টকা তীখাৰ কাঠামোৰ সলনি কৰা গাঁথনিটো ভাঙি পেলোৱাত ব্যয় কৰা হয়। গান্ধী ছেতুৰ অধিগাঁথনি ষ্টীল ট্ৰাছ গাৰ্ডাৰছৰ দ্বাৰা নবীকৰণ কৰা হয়, অৰ্থাৎ ষ্টীলৰ কাঠামোৱে সমগ্ৰ কংক্ৰিটৰ অধিগাঁথনিৰ ঠাই লয়।১৭ অধিগাঁথনিটোৰ ক্ষতি হ’লেও খুঁটাবোৰ দুৰ্বল হোৱা নাছিল আৰু ভেটিটোও দুৰ্বল হোৱা নাছিল। গান্ধী ছেতুৰ প্ৰতিটো ফ্লেংকত ত্ৰিকোণীয় তীখাৰ ট্ৰাছ স্থাপন কৰা হৈছিল। ২০২০ চনৰ ৩১ জুলাইত সংস্কাৰ কৰা পশ্চিম ফ্লেংকখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়, আৰু ২০২২ চনৰ জুন মাহত সম্পূৰ্ণ হোৱা দলংখন (দুয়ো ফ্লেংককে ধৰি) উদ্বোধন কৰা হয়।১৮১৯
তথ্যসূত্ৰ
- ↑ Destinations:: Patna
- ↑ (26 September 2012). Traffic eases on Gandhi Setu as Centre drops toll collection - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (11 June 2012). Gandhi Setu: An engineering marvel. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ longest river bridge to be rebuilt business-standard.com
- ↑ Anatomy of Setu repair
- ↑ (July 2013). Digha Sonepur Rail Road Bridge to be operational by 2017
- ↑ Ganga Rail-Road Bridge
- ↑ Welcome to the Indiapost Web Site
- ↑ (11 June 2012). Gandhi Setu: An engineering marvel. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Gammon India Ltd. - Builders to the nation
- ↑ (2 June 2014). Mahatma Gandhi setu Bihar
- ↑ (15 February 2014). Govt planning to build 2 Pontoon Bridges parallel to Gandhi Setu in Patna. IANS. news.biharprabha.com
- ↑ (2017-12-05). Patna-Hajipur pontoon bridge to open today. Times of India
- ↑ (21 September 2020). Infra boost for Bihar! PM Modi lays the foundation stone for 9 highway projects, inaugurates optical fiber services
- ↑ (20 January 2018). ₹1,742 crore approved to revamp Mahatma Gandhi Setu in Patna. The Hindu Businessline
- ↑ (3 January 2019). 'Western flank of Gandhi setu was re-inaugurated on June 22. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Roy, Vijay C. (28 October 2015). Country's longest river bridge in Patna to be rebuilt. Business Standard India
- ↑ (31 July 2020). Bihar: Union minister Nitin Gadkari inaugurates rehabilitated western flank of Mahatma Gandhi Setu. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (8 May 2022). Nitin Gadkari inaugurates Bihar's lifeline bridge. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধী সেতু” প্ৰবন্ধৰ সংশোধন ৬১৯০৪১ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।