দলং
৮ প্ৰবন্ধ
-
মহাত্মা গান্ধী সেতু
মহাত্মা গান্ধী সেতু (গান্ধী সেতু বা গংগা সেতু বুলিও কোৱা হয়) ভাৰতৰ বিহাৰৰ গংগা নদীৰ ওপৰত এখন দলং, যিয়ে দক্ষিণে পাটনাক উত্তৰত হাজীপুৰৰ সৈতে সংযোগ কৰে। ইয়াৰ দৈৰ্ঘ্য ৫,৭৫০ মিটাৰ (১৮,৮৬০ ফুট) ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী দলং।
-
জীৱিত শিপাৰ দলং
জীৱিত শিপাৰ দলং (living root bridge) হৈছে জীৱিত উদ্ভিদৰ শিপাৰে গঠিত এক প্ৰকাৰৰ সৰল ওলমি থকা দলং। ভাৰতৰ মেঘালয় ৰাজ্যৰ দক্ষিণ অংশত এনে দলং বেছিকৈ দেখা যায়।
-
দীঘা–সোণপুৰ দলং
দীঘা–সোণপুৰ দলং বা জে পি সেতু হৈছে গংগা নদীৰ ওপৰেৰে ৰেল-কম-ৰোড তীখাৰ ট্ৰাছ দলং, যিয়ে পাটনাৰ দীঘাঘাট আৰু সোণপুৰৰ পহলেজা ঘাতক সংযোগ কৰে। ভাৰতীয় স্বাধীনতা কৰ্মী জয়প্ৰকাশ নাৰায়ণৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। ই উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত সহজ পথ আৰু ৰে'লপথ সংযোগ প্ৰদান কৰে।
-
ৰামসেতু
ৰাম সেতু, যাক আদম দলং বুলিও কোৱা হয়, ভাৰতৰ দক্ষিণ প্ৰান্তক শ্ৰীলংকাৰ সৈতে সংযোগ কৰা চূণশিলৰ শিলৰ শৃংখল। ভগৱান ৰামে নিজৰ পত্নী সীতাক অসুৰ ৰজা ৰাৱণৰ পৰা উদ্ধাৰৰ বাবে কৰা অভিযানৰ কাহিনী বৰ্ণনা কৰা প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণৰ সময়ছোৱাত নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়।
-
অটল সেতু
অটল সেতু হৈছে পানাজী আৰু পৰ্ভৰিমৰ মাজত যোৱা গোৱাৰ কেবল ষ্টেড দলং। ই মাণ্ডোভি নদীৰ জোৱাৰ-ভাটাৰ অংশৰ ওপৰেৰে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ কঢ়িয়াই লৈ ফুৰে। ইয়াৰ দৈৰ্ঘ্য ৩.২ কিলোমিটাৰ (২.০ মাইল) যাৰ ফলত ই ভাৰতৰ চতুৰ্থ দীঘলীয়া কেবল ষ্টেড দলং।
-
খাজু দলং
খাজু দলং (Khaju Bridge) হৈছে ইৰাণৰ ইছফাহানত থকা ইৰাণৰ মালভূমিৰ আটাইতকৈ ডাঙৰ নদী জায়াণ্ডেৰুডৰ ওপৰেৰে নিৰ্মাণ কৰা এখন ঐতিহাসিক দলং। ই দলং আৰু বান্ধ দুয়োটা কাম কৰে; খাজু দলঙে নদীৰ উত্তৰ পাৰৰ খাজু চুবুৰীক জায়াণ্ডেৰুদৰ সিপাৰৰ পাৰ্চী চুবুৰিৰ সৈতে সংযোগ কৰে।
-
ভাছাব্ৰন
ভাছাব্ৰন (Vasabron, ছুইডিছ: "ভাছা দলং") হৈছে ছুইডেনৰ মধ্য ষ্টকহোমৰ নৰ্ষ্ট্ৰমৰ ওপৰত থকা এখন দলং। ই নৰ্মালমক পুৰণি চহৰ গামলা ষ্টেনৰ সৈতে সংযোগ কৰে। ৰজা গুস্তাভ ভাছা (১৪৯৬–১৫৬০)ৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে, হয়তো হাউচ অৱ নাইটছৰ সন্মুখত ৰজাৰ মূৰ্তিটোৰ ওচৰত থকাৰ বাবে।
-
ৰাজীৱ গান্ধী সাগৰীয় সেতু
ৰাজীৱ গান্ধী সাগৰীয় সেতু বা বান্দ্ৰা–ৱৰ্লি সাগৰীয় সংযোগ হৈছে ৫.৬ কিলোমিটাৰ দীঘল, ৮ লেন বহল কেবল ষ্টেড দলং যিয়ে মুম্বাইৰ পশ্চিম উপকণ্ঠ অঞ্চলৰ বান্দ্ৰাক দক্ষিণ মুম্বাইৰ ৱৰ্লিৰ সৈতে সংযোগ কৰে।