অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

থাইৰইড হৰম'ন

থাইৰইড হৰম'ন (Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন। থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰম'ন নিঃসৃত কৰে। এই হৰম'নে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে (Growth and Development) ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ৪১৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

থাইৰইড হৰম'ন (Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন। থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰম'ন নিঃসৃত কৰে। এই হৰম'নে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে (Growth and Development) ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

থাইৰইড গ্ৰন্থি

আমাৰ শৰীৰৰ ডিঙিৰ স্বৰযন্ত্ৰৰ ঠিক তলতে থাইৰইড গ্ৰন্থি অৱস্থিত। এই গ্ৰন্থি দুটা ভাগত বিভক্ত - সোঁ গ্ৰন্থি (Right lobe) আৰু বাঁও গ্ৰন্থি (left lobe)। এই গ্ৰন্থিৰ ওজন প্ৰায় ২৫ গ্ৰাম। সাধাৰণতে মহিলাৰ থাইৰইড গ্ৰন্থিৰ আকাৰ পুৰুষৰ থাইৰইড গ্ৰন্থিতকৈ বেছি। <ref name="গ্ৰন্থ ১"১

শৰীৰৰ প্ৰয়োজনীয়তা

ডিঙিত থকা থাইৰইড গ্ৰন্থিয়ে দুই ধৰণৰ থাইৰইড হৰম'ন নিসৃত কৰে - এবিধ হৈছে "থাইৰক্সিন" আৰু অন্যবিধ "ট্ৰাইআইড-থাইৰনিন"। চমুকৈ এই দুবিধ হৰম'নক T4 আৰু T3 বোলা হয়।

  1. থাইৰইড হৰম'ন উৎপাদনৰ সময়ত অতিকৈ প্ৰয়োজনীয় এবিধ মৌল হৈছে আয়'ডিন। সেয়েহে আয়,ডিনৰ অভাৱ ঘটিলে হৰম'ন উৎপাদনত তাৰতম্য ঘটে আৰু শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। আজিকালি অৱশ্যে আয়'ডিন যুক্ত নিমখ ব্যৱহাৰে এই সমস্যাৰ বহুখিনি লাঘৱ ঘটাইছে।
  1. থাইৰইড হৰম'নে মানৱ শৰীৰৰ পৰিপাক ক্ৰিয়াক (Metabolism) গতিশীল কৰি তোলে। প্ৰ'টিন পৰিপাকৰ জৰিয়তে থাইৰইড হৰম'নে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত অৰিহণা যোগায়।
  2. থাইৰইড হৰম'নে শৰীৰৰ হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালন পদ্ধতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এই হৰম'নৰ প্ৰভাৱত হৃদযন্ত্ৰৰ গতিবেগ আৰু শক্তি বৃদ্ধি হয়।
  3. কেন্দ্ৰীয় স্নায়বিক প্ৰণালীক (Central Nervous System) সুসংহত কৰি থাইৰইড হৰম'নে স্নায়ু তন্ত্ৰ নিয়ন্ত্ৰণ কৰি ৰাখে। তদুপৰি শ্বাস-প্ৰশ্বাস প্ৰণালী,পেশীকলা পদ্ধতিৰ (Musculoskeletal System) ওপৰতো T3 আৰু T4 হৰম'নৰ প্ৰভাৱ পৰে।
  4. অনিয়মীয়া ঋতুস্ৰাব,পুৰুষ আৰু মহিলাৰ প্ৰজনন ক্ষমতা এই সকলো থাইৰইড হৰম'নৰ ওপৰতে নিৰ্ভৰশীল।

অভাৱজনিত ৰোগ

থাইৰইড হৰম'নৰ অভাৱত হোৱা এবিধ ৰোগ হৈছে গইটাৰ। আমাৰ সমাজত ইয়াক গৰল ৰোগ বুলি আখ্যা দিয়া হয়। এই ৰোগ হ'লে থাইৰইড গ্ৰন্থিৰ আকাৰ বৃদ্ধি হব আৰু ডিঙিটো ফুলি যায়। থাইৰইড হৰম'নৰ অভাৱত হোৱা অন্য এবিধ ৰোগ হৈছে 'Myxedema'। এই ৰোগ হ'লে শৰীৰৰ বিভিন্ন অংশ,যেনে - মুখ,ভৰি আদি ফুলে। Myxedema সাধাৰণতে মহিলা ৰোগীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। জন্মলগ্নৰেপৰা থাইৰইড হৰম'নৰ অভাৱ হ'লে শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধি বাধাগ্ৰস্ত হয়। এই অৱস্থাটোক 'Cretinism' বোলা হয়।

বৃদ্ধিজনিত ৰোগ

থাইৰইড হৰম'নৰ আধিক্যই শৰীৰত সৃষ্টি কৰা অৱস্থাটোক থাইৰটক্সিকছিছ বোলা হয়। এই ৰোগৰ প্ৰভাৱ চকুৰ ওপৰত পৰে। তদুপৰি ৰোগীৰ অত্যধিক ভোক লাগে আৰু শৰীৰৰ বিভিন্ন অংশৰ কঁপনি (Tremor) হয়। থাইৰইড হৰম'নৰ বৃদ্ধিজনিত অথবা অভাৱজনিত দুয়োধৰণৰ ৰোগৰে উচ্চ চিকিৎসা বৰ্তমান আবিষ্কাৰ হৈছে। ঔষধ তথা শল্য চিকিৎসাৰ দ্বাৰা এই ৰোগসমূহৰ সমাধান কৰা হয়। সাৱধানতাসমূহৰ ভিতৰত আয়ডিনযুক্ত আহাৰ গ্ৰহণ উল্লেখযোগ্য।

বাহ্যিক সংযোগ

Thyroid hormone treatment in Thyroid disease

তথ্যসূত্ৰ

  1. ↑ ডা° মৃদুল কুমাৰ নাথ. (২০০৮). থাইৰইড হৰম'ন. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৭

সম্পৰ্কিত শ্ৰেণী

হৰম'ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাইৰইড হৰম'ন” প্ৰবন্ধৰ সংশোধন ৫৮২৬৬২ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।