অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ড'ব্ৰ'ভ'ডি

ড'ব্ৰ'ভ'ডি (ইউক্ৰেইনীয়ান: Доброводи; ইংৰাজী: Dobrovody) হৈছে ইউক্ৰেইনৰ চেৰকাছি অব্লাষ্টৰ উমান ৰায়নত অৱস্থিত এখন গাঁও। গাঁওখন দ্মিত্ৰুশ্কি গ্ৰাম্য হ্ৰমাডাৰ অন্তৰ্গত।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ড'ব্ৰ'ভ'ডি (ইউক্ৰেইনীয়ান: Доброводи; ইংৰাজী ভাষা: Dobrovody) হৈছে ইউক্ৰেইনৰ চেৰকাছি অব্লাষ্টৰ উমান ৰায়নত অৱস্থিত এখন গাঁও। গাঁওখন দ্মিত্ৰুশ্কি গ্ৰাম্য হ্ৰমাডাৰ অন্তৰ্গত।

প্ৰত্নতাত্ত্বিক স্থান

ড'ব্ৰ'ভ'ডি হৈছে খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দৰ কুকুটেনি–ট্ৰিপিলিয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান। ২০১৪ চনৰ নতুন গৱেষণা অনুসৰি, ইয়াত সৰ্বাধিক প্ৰায় ১৬,২০০ জন লোক বাস কৰিছিল বুলি অনুমান কৰা হৈছে।১ সেই সময়ত ই বিশ্বৰ অন্যতম বৃহৎ নগৰ আছিল বুলি ধৰা হয়।

প্ৰত্নস্থলটোৰ মুঠ আয়তন প্ৰায় ২.৫ বৰ্গ কিলোমিটাৰ। আকাশী আলোকচিত্ৰৰ সহায়ত ইয়াত এটা প্ৰতিৰক্ষামূলক দুৰ্গযুক্ত নগৰ, বিভিন্ন খণ্ড আৰু ৰাস্তা চিনাক্ত কৰিব পাৰি। খননত উদ্ধাৰ হোৱা বাসগৃহসমূহৰ সাধাৰণ আকাৰ আছিল প্ৰায় ১২ × ৫ মিটাৰ। টমাশ্বভ গোটৰ স্থাপত্যৰ সৈতে সম্পৰ্কিত এই বাসগৃহসমূহৰ ভিতৰত সাধাৰণতে এটা চৌকা, বেৰৰ কাষত এটা দীঘল বেঞ্চ-আকাৰৰ মঞ্চ, এটা ঘূৰণীয়া বেদী আৰু এটা পিথ'ছ পোৱা গৈছে।

এটা বাসগৃহৰ কোণত এটা ষাঁড়ৰ মূৰৰ খুলিৰ আনুষ্ঠানিক সমাধিও পোৱা গৈছিল। প্ৰত্নতাত্ত্বিক আৱিষ্কাৰৰ ভিতৰত আটাইতকৈ সাধাৰণ আছিল মৃৎপাত্ৰৰ টুকুৰা, যিবোৰ মাটিৰ ওপৰৰ পৰা আৰু খননৰ সময়ত সংগ্ৰহ কৰা হৈছিল। কমলা ৰঙৰ পৃষ্ঠৰ ওপৰত গাঢ় মুগা ৰঙেৰে অংকন কৰা টেবুল-ব্যৱহাৰৰ মৃৎপাত্ৰ ইয়াত প্ৰধান আছিল।২

ইয়াত এটা বাসগৃহৰ আৰ্হিৰ টুকুৰাও পোৱা গৈছিল, যাৰ সৈতে পৰিচিত সুশ্কিভ বাসগৃহৰ আৰ্হিৰ সাদৃশ্য আছে।১

ড'ব্ৰ'ভ'ডিৰ প্ৰত্নস্থলটো কুকুটেনি–ট্ৰিপিলিয়া সংস্কৃতিৰ বৃহৎ নগৰসমূহৰ অধ্যয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই সংস্কৃতিৰ বৃহৎ বসতিসমূহে ইউৰোপৰ প্ৰাগৈতিহাসিক নগৰায়ণ আৰু সামাজিক সংগঠনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Johannes Müller; Knut Rassmann; Mykhailo Videiko. (22 January 2016). Trypillia Mega-Sites and European Prehistory: 4100-3400 BCE. Taylor & Francis. পৃ. 347–. ISBN 978-1-317-24791-3
  2. ↑ (2010-06-29). Трипольская культура: почему это так круто - Главное™
  3. ↑ Johannes Müller; Knut Rassmann; Mykhailo Videiko. (2016). Trypillia Mega-Sites and European Prehistory: 4100-3400 BCE. Taylor & Francis. ISBN 978-1-317-24791-3

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড'ব্ৰ'ভ'ডি” প্ৰবন্ধৰ সংশোধন ৬২৯২৪৮ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।