ড্ৰ’বিটস্কি য়াৰ (ইউক্ৰেইনীয়ান: Дробицький Яр, ইংৰাজী ভাষা: Drobytsky Yar) হৈছে ইউক্ৰেইনৰ খাৰ্কিভ চহৰত অৱস্থিত এটা গিৰিখাত বা দ’ খাৱৈ। ইউক্ৰেইনত হ’ল’ক’ষ্ট (Holocaust) বা ইহুদী নিধণযজ্ঞৰ সময়ত এই স্থানত নাজীসকলে ভয়াবহ গণহত্যাকাণ্ড সংঘটিত কৰিছিল। ১৯৪১ চনৰ অক্টোবৰ মাহৰ পৰা নাজী বাহিনীয়ে খাৰ্কিভ দখল কৰে আৰু স্থানীয় জনসাধাৰণক গণহত্যাকাণ্ড চলাবলৈ প্ৰস্তুতি আৰম্ভ কৰে। পৰৱৰ্তী মাহবোৰত, নাজী বাহিনীৰ বিশেষ শাখা আইনছাটজগ্ৰুপেনৰ সদস্যসকলে প্ৰায় ১৬,০০০ ৰ পৰা ৩০,০০০ স্থানীয় বাসিন্দাক হত্যা কৰে, যাৰ ভিতৰত বেছিভাগেই আছিল ইহুদী ধৰ্মাৱলম্বী লোক। উল্লেখযোগ্য যে, ১৯৪১ চনৰ ১৫ ডিচেম্বৰত যেতিয়া উচ্চতা আছিল মাইনছ ১৫ ডিগ্ৰী চেলচিয়াছ, তেতিয়া একেদিনাই প্ৰায় ১৫,০০০ ইহুদীক গুলীয়াই হত্যা কৰা হৈছিল। গুলী ৰাহি কৰাৰ উদ্দেশ্যে কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীবোৰক জীৱন্তে খাৱৈত পেলাই দিয়া হৈছিল, যাতে সিহঁত অতি সোনকালে ঠাণ্ডাত গোট মাৰি মৃত্যুমুখত পৰে।১ ২০২২ চনৰ ২৬ মাৰ্চত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সময়ত ৰাছিয়াৰ তোপধ্বনিৰ ফলত এই ঐতিহাসিক স্মৃতিস্থলৰ মেনোৰা স্মৃতিসৌধটো ক্ষতিগ্ৰস্ত হয়।২৩
স্মৃতিসৌধ
১৯৯০ চনৰ আৰম্ভণিতে, নাজীসকলৰ দ্বাৰা নিহত হোৱা হাজাৰ হাজাৰ নাগৰিকৰ স্মৃতিক চিৰস্মৰণীয় কৰি ৰাখিবলৈ এটা সৰ্বশ্ৰেষ্ঠ স্মৃতিসৌধৰ ডিজাইনৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। ইয়াত ২৯ টা ডিজাইন জমা দিয়া হৈছিল। এই প্ৰতিযোগিতাত স্থপতিবিদ এ. লেইবফ্ৰেইড বিজয়ী হৈছিল। এই কমপ্লেক্সটোৰ নিৰ্মাণ কাৰ্য কেইবাবছৰো ধৰি চলিছিল যদিও অৰ্থৰ অভাৱত ই স্থগিত হৈ পৰে।
২০০১ চনৰ আগষ্ট মাহৰ শেষৰ ফালে অনুষ্ঠিত এখন বৈঠকত খাৰ্কিভ ওব্লাষ্ট প্ৰশাসনে স্মৃতিসৌধৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ওব্লাষ্ট কৰ্তৃপক্ষই নিৰ্মাণ প্ৰক্ৰিয়াটো তদাৰক কৰিছিল। ইউক্ৰেইনৰ কেবিনেট মন্ত্ৰীসভাই নিৰ্মাণ কাৰ্যৰ বাবে ৬০,০০০ হ্ৰিভনিয়া আৱণ্টন দিছিল। ইয়াৰ উপৰিও চহৰ আৰু ওব্লাষ্ট প্ৰশাসনৰ লগতে বিভিন্ন পৃষ্ঠপোষকসকলেও ইয়াত বৰঙণি আগবঢ়াইছিল।
২০০২ চনৰ ১৩ ডিচেম্বৰত ইউক্ৰেইনৰ তদানীন্তন ৰাষ্ট্ৰপতি লিওনিদ কুচমাই এই স্মৃতিসৌধটো আনুষ্ঠানিকভাৱে মুকলি কৰে।
স্মৃতিসৌধৰ মূল অংশটো হৈছে এটা চিনাগগ (ইহুদী উপাসনাগৃহ)ক প্ৰতিধ্বনিত কৰা এটা স্মাৰক, যাৰ স্তম্ভবোৰৰ মাজত দহটা ধৰ্মাদেশ (Ten Commandments) খোদিত কৰা আছে; যাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল: "হত্যা নকৰিবা"। স্মৃতিসৌধটোৰ আৰম্ভণিতে ইহুদী ধৰ্মীয় প্ৰতীক মেনোৰাৰ আৰ্হিত নিৰ্মিত এটা ক’লা স্মৃতিচিহ্ন আছে। এই ক’লা মেনোৰাটোৰ পৰা এটা পথ কমপ্লেক্সৰ বগা মূল ভৱনটোলৈ গৈছে। ১৯৪১/১৯৪২ চনত খাৰ্কিভৰ হাজাৰ হাজাৰ ইহুদীয়ে এই পথটোৰ ওপৰেদিয়েই তেওঁলোকৰ জীৱনৰ শেষ খোজ পেলাইছিল। মূল খিলিপা ভৱনৰ দেৱালত এই তাৰিখবোৰ পোৱা যায়। ইয়াৰ মাটিৰ তলত এটা স্মৃতি প্ৰেক্ষাগৃহ আছে; য’ত পৰিচিত ভুক্তভোগীসকলৰ নাম খোদিত কৰা হৈছে।
এই স্থানত দুটা গণকপৰ খন্দা আছে। ইয়াৰ এটা খাৱৈ ১০০ মিটাৰ দীঘল আৰু আনটো ৬০ মিটাৰ দীঘল। খাৰ্কিভৰ আৰ্কাইভ বা নথিপত্ৰত ১৫,০০০ ভুক্তভোগীৰ তথ্য আছে। অৱশ্যে, "ড্ৰ’বিটস্কি য়াৰ" ফাউণ্ডেচনে ভুক্তভোগীৰ সংখ্যা ৩০,০০০ ৰ ওচৰা-উচৰি বুলি গণ্য কৰে।
এই স্মৃতিসৌধটো ঝাইটোমিৰ গ্ৰেনাইটেৰে নিৰ্মাণ কৰা হৈছিল, যিটো সামগ্ৰী লেনিনৰ মছলিয়াম নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। গ্ৰেনাইটৰ ৰঙা ৰঙৰ বাবে, মেনোৰাৰ ভৰিৰ তলত পৰি থকা শিলবোৰৰ পৰা তেজ ওলাই থকাৰ দৰে যেন লাগে।৪
২০০৬ চনৰ তথ্য অনুসৰি, ১৬,০০০ ভুক্তভোগীৰ ভিতৰত ৪,৩০০ গৰাকী লোকৰ নাম মাটিৰ তলৰ এখন স্মৃতি দেৱালত খোদিত কৰা হৈছে, যিখন মমবাতিৰ পোহৰেৰে আলোকিত হৈ থাকে আৰু এই কোঠাটোক "ট্ৰেজেডী কোঠা" (Room of Tragedy) বুলি কোৱা হয়।৫
২০২২ চনৰ ২৬ মাৰ্চত ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত ৰাছিয়াৰ তোপধ্বনিৰ ফলত এই স্থানৰ ডাঙৰ মেনোৰা স্মৃতিসৌধটো ক্ষতিগ্ৰস্ত হয়।২৩
সংগ্ৰহালয়
২০০২ চনৰ ২৭ জানুৱাৰীত খাৰ্কিভ হ’ল’ক’ষ্ট সংগ্ৰহালয়ত এটা নতুন প্ৰদৰ্শনী আধিকাৰিকভাৱে মুকলি কৰা হয়। এই প্ৰদৰ্শনীখন ২০০১ চনৰ ডিচেম্বৰ মাহত সৃষ্টি কৰা হৈছিল, যেতিয়া খাৰ্কিভে ড্ৰ’বিটস্কি য়াৰ গণহত্যাৰ ৬০ সংখ্যক বাৰ্ষিকী পালন কৰিছিল। গিৰিখাটটোলৈ ভ্ৰমণৰ ব্যৱস্থা আগতেও আছিল, কিন্তু আধিকাৰিক মুকলি ১৯৪৫ চনৰ আউচউইটজ-বিৰ্কেনাউ যাতনা শিবিৰৰ মুক্তিৰ বাৰ্ষিকীৰ দিনা অৰ্থাৎ ২৭ জানুৱাৰীত কৰা হৈছিল (যাক পিছলৈ আন্তঃৰাষ্ট্ৰীয় হ’ল’ক’ষ্ট স্মৃতি দিৱস হিচাপে ঘোষণা কৰা হয়)। হ’ল’ক’ষ্টত নিহত হোৱা ৬০ লাখ ইহুদীৰ স্মৃতিত ইয়াত ছয়টা মমবাতি জলোৱা হৈছিল।৬
বাহ্যিক সংযোগ
- Official website of the memorial complex "Drobitsky Yar"
- Kharkov Charitable fund "to Victims of Holocaust in Drobitskiy Yar"
- Memorial information
তথ্যসূত্ৰ
- ↑ Трагедія, про яку дехто не дуже хотів знати. Геннадій КАРПЮК
- ↑ (4 April 2022). UNESCO Says That 53 Ukrainian Cultural Sites Were Damaged Following Russian Invasion. ARTnews
- ↑ (12 April 2022). Holocaust museums in 4 countries condemn Russia's actions in Ukraine as war crimes. NPR
- ↑ (December 2002). Bleeding Stones Lay at Menorah's Foot. Jewish Observer
- ↑ Greg Dawson. (2009). A return to Ukraine. Orlando Sentinel
- ↑ Харьковский музей Холокоста
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্ৰ'বিটস্কি য়াৰ” প্ৰবন্ধৰ সংশোধন ৬৩৩৫১৫ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।