ৰাষ্ট্ৰীয় সংগীত
৪ প্ৰবন্ধ
-
জন গণ মন
জন গণ মন (जन गण मन) হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়।
-
আমাৰ সোণাৰ বাংলা
আমাৰ সোণাৰ বাংলা (আমাব় সোণাব় বাংলা, "মোৰ সোণৰ বংগ") গানটো হৈছে বাংলাদেশৰ জাতীয় সঙ্গীত। এই গানটোৰ ৰচনা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ১৯০৫ খ্ৰীষ্টাব্দৰ বংগ-ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই গানটো ৰচনা কৰা হৈছিল।
-
ড্ৰুক ছেন্ধেন
ড্ৰুক ছেন্ধেন (গাজনি ড্ৰেগনৰ দেশ) ভূটানৰ ৰাষ্ট্ৰীয় সংগীত। গ্যাল্ডুন ঠিনলে'ই লিখা আৰু আকু টংমিয়ে সুৰ কৰা এই গীতক ১৯৫৩ চনত স্বীকৃতি দিয়া হৈছিল। ভাৰতত শিক্ষিত টংমিক ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভ্ৰমণৰ পূৰ্বেই সামৰিক ব্ৰাছ বেণ্ডৰ নেতা নিযুক্ত কৰা হ'ল।
-
শ্ৰী লংকা মাতা
শ্ৰী লংকা মাতা (সিংহলা ভাষাত: ශ්රී ලංකා ජාතික ගීය, তামিল ভাষাত: சிறீ லங்கா தாயே) শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত। এই গীতৰ শব্দৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনন্দ সমাৰাকুনক জড়িত কৰা হয়। ১৯৫১ চনত এই গীতে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি লাভ কৰে। গীতটিৰ তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।