অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডেভিদ মেকমিলান

ডেভিদ উইলিয়াম ক্ৰছ মেকমিলান (David MacMillan, জন্ম: ১৬ মাৰ্চ ১৯৬৮) এজন স্কটিছ ৰসায়নবিদ আৰু জেমছ এছ মেকডনেল প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপক। তেওঁ ২০১০ চনৰ পৰা ২০১৫ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডেভিদ উইলিয়াম ক্ৰছ মেকমিলান (David MacMillan, জন্ম: ১৬ মাৰ্চ ১৯৬৮)১ এজন স্কটিছ২৩৪৫৬৭ ৰসায়নবিদ আৰু জেমছ এছ মেকডনেল প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপক। তেওঁ ২০১০ চনৰ পৰা ২০১৫ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৮৯ ২০২১ চনত তেওঁ বেঞ্জামিন লিষ্টৰ সৈতে যুটীয়াভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১০

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৮ চনৰ ১৬ মাৰ্চ তাৰিখে স্কটলেণ্ডৰ বেলচিলত ডেভিদ মেকমিলানৰ জন্ম হৈছিল। ১১তেওঁ নিউ ষ্টিভেনষ্টনত ডাঙৰ দীঘল হৈছিল। তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ এৰ্নি কলভিনৰ সৈতে গৱেষণা কৰিছিল।১২১৩

১৯৯০ চনত তেওঁ ইৰভিনৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক লেৰী অভাৰমেনৰ নিৰ্দেশনাত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা আৰম্ভ কৰিবলৈ যুক্তৰাজ্য ত্যাগ কৰে। এই সময়ছোৱাত তেওঁ বাইচাইক্লিক টেট্ৰাহাইড্ৰফুৰানৰ ষ্টিৰিঅ'নিয়ন্ত্ৰিত গঠনৰ দিশত নিৰ্দেশিত নতুন প্ৰতিক্ৰিয়া পদ্ধতিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মেকমিলানৰ অধ্যয়নৰ স্বৰূপে ৭-(−)-ডিএচিটোক্সিয়েলচাইনিন এচিটেটৰ মুঠ সংশ্লেষণ কৰিছিল। ই এবিধ কোমল প্ৰবাল ইউনিচেলা ষ্ট্ৰিক্টাৰ পৰা পৃথক কৰা এক প্ৰকাৰৰ ইউনিচেলিন ডাইটাৰপেনইড।১৪ তেওঁ ১৯৯৬ চনত পিএইচডি ডিগ্ৰী লাভ কৰে।১১

কৰ্মজীৱন আৰু গৱেষণা

পিএইচডি লাভ কৰাৰ পিছত মেকমিলানে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক ডেভিড ইভান্সৰ সৈতে পদভাৰ গ্ৰহণ কৰে। তেওঁৰ পোষ্টডক্টৰেল অধ্যয়ন এনাণ্টিঅচিলেটিভ কেটালাইচিছৰ ওপৰত কেন্দ্ৰিত আছিল। তেওঁ বিশেষকৈ এছএন(২)-উৎপন্ন বাইচক্সাজোলাইন কমপ্লেক্স (এছএন(আইআই)বক্স)ৰ ডিজাইন আৰু বিকাশত যথেষ্ট অৰিহণা আগবঢ়াইছিল।১৩

মেকমিলানে ১৯৯৮ চনৰ জুলাই মাহত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত ৰসায়ন অনুষদৰ সদস্য হিচাপে তেওঁৰ স্বতন্ত্ৰ গৱেষণা জীৱন আৰম্ভ কৰে। তেওঁ ২০০০ চনৰ জুন মাহত কেলটেকৰ ৰসায়ন বিভাগত যোগদান কৰে আৰু ইয়াত তেওঁৰ গোটৰ গৱেষণাৰ আগ্ৰহ এণ্টিঅ'চিলেটিভ কেটালাইচিছৰ নতুন পদ্ধতিৰ ওপৰত কেন্দ্ৰিত আছিল। ২০০৪ চনত তেওঁ কমিউনিটিৰ ইৰলে চি এন্থনী প্ৰফেচাৰ হিচাপে নিযুক্ত হয়। তেওঁ ২০০৬ চনৰ ছেপ্টেম্বৰত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জেমছ এছ মেকডনেল বিশিষ্ট অধ্যাপক পদত অধিষ্ঠিত হয়।১৩

প্ৰথম প্ৰজন্মৰ মেকমিলান অনুঘটক
প্ৰথম প্ৰজন্মৰ মেকমিলান অনুঘটকছবি: Gimli21 · CC BY-SA 4.0

তেওঁক জৈৱঅনুঘটকৰ অন্যতম প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়।১৫ ২০০০ চনত মেকমিলানে সৰু জৈৱিক অণু ৰচনা কৰিছিল আৰু এইবোৰে ইলেক্ট্ৰন প্ৰদান বা গ্ৰহণ কৰিব পাৰে বাবে দক্ষতাৰে প্ৰতিক্ৰিয়া অনুপ্ৰেৰিত কৰিব পাৰে।১৫১৬ তেওঁ বিকশিত কৰা অনুঘটক সমূহে অসমঅনুঘটক কাৰ্যকৰী কৰিব পাৰে। তেওঁৰ আৱিষ্কাৰে প্ৰতিক্ৰিয়া সোঁ-হাতৰ সংস্কৰণতকৈ এটা অণুৰ বাওঁহাতৰ সংস্কৰণ অধিক প্ৰস্তুত কৰে বা ইয়াৰ বিপৰীতে কাৰ্য কৰে।১৫ মেকমিলানৰ গৱেষণা গোটে অসমতামূলক জৈৱঅনুঘটকৰ ক্ষেত্ৰত বহুতো অগ্ৰগতি লাভ কৰিছে আৰু তেওঁলোকে এই নতুন পদ্ধতিবোৰ বিভিন্ন জটিল প্ৰাকৃতিক সামগ্ৰীৰ সংশ্লেষণত প্ৰয়োগ কৰিছে।১৩১৫ তেওঁ কিৰাল ইমিডাজোলাডিনোন অনুঘটক বিকশিত কৰিছিল।১৭১৬১৮ বিভিন্ন অসমতা সংশ্লেষণত মেকমিলান অনুঘটক ব্যৱহাৰ কৰা হয়। উদাহৰণৰ স্বৰূপে ডাইলছ-এল্ডাৰ প্ৰতিক্ৰিয়া,১৬ ১,৩-ডিপোলাৰ চাইক্ল'এডিচন,১৯ ফ্ৰিডেল-ক্ৰাফ্টছ এলকাইলেচন২০ বা মাইকেল সংযোজন ইত্যাদি।১৮

২০১০ চনৰ পৰা ২০১৪ চনলৈ মেকমিলান ৰয়েল চছাইটি অফ কেমিষ্ট্ৰীৰ দ্বাৰা প্ৰকাশিত ধ্বজবাহী সাধাৰণ ৰসায়ন আলোচনী কেমিকেল চাইন্স আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল।১৩

বঁটা আৰু সন্মান

ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ডেভিদ মেকমিলানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। ২০০২ চনত তেওঁ স্লোয়ান ৰিচাৰ্চ ফেলোশ্বিপ লাভ কৰিছিল।২১ ২০০৪ ৰয়েল ইনষ্টিটিউট অৱ কেমিষ্ট্ৰীৰ কৰ্ডে-মৰ্গান পদক কৰে।২২ তেওঁ ২০১২ চনত ৰয়েল চছাইটি আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।২৩২৪ ২০১৩ ৰয়েল চছাইটি অৱ এডিনবাৰ্গৰ এজন সংশ্লিষ্ট ফেলো নিৰ্বাচিত হয়।২৫ ইয়াৰ উপৰিও তেওঁ ২০১৫ চনত হেৰিচন হোৱে বঁটা২৬ আৰু ২০১৭ চনত ৰয়োজি নুৰি পুৰস্কাৰ লাভ কৰে।২৭ ২০১৮ চনত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য নিৰ্বাচিত হয়। ২০২১ চনত তেওঁ বেঞ্জামিন লিষ্টৰ সৈতে যুটীয়াভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Professor David MacMillan FRS
  2. ↑ www.bbc.co.uk/news/uk-scotland-58828279
  3. ↑ Paterson, Laura. (2021-10-06). Scottish scientist jointly wins Nobel Prize in chemistry. www.standard.co.uk
  4. ↑ (2021-10-06). Chemistry Nobel awarded for mirror-image molecules. BBC News
  5. ↑ Russell, Jennifer. (2021-10-06). Scots scientist wins Nobel Prize for chemistry. Daily Record
  6. ↑ Scottish scientist jointly wins Nobel Prize in chemistry. uk.news.yahoo.com
  7. ↑ Princeton's David MacMillan receives Nobel Prize in chemistry. Princeton University
  8. ↑ Home. Macmillan Group
  9. ↑ A short interview of Professor MacMillan is available on the Eminent Organic Chemists Page provided by the ACS Organic Division
  10. ↑ The Nobel Prize in Chemistry 2021. NobelPrize.org
  11. ↑ (7 October 2021). David MacMillan: 'Being Scottish helped me win Nobel Prize'. BBC News
  12. ↑ Bellshill man and former Glasgow University student David WC MacMillan wins the Nobel prize for chemistry. Glasgow Times
  13. ↑ David MacMillan. National Academy of Sciences
  14. ↑ MacMillan, David William Cross. (1996). Stereocontrolled formation of bicyclic tetrahydrofurans; and, Enantioselective total synthesis of eunicellin diterpenes
  15. ↑ Castelvecchi, Davide; Stoye, Emma. (6 October 2021). 'Elegant' catalysts that tell left from right scoop chemistry Nobel. Nature. Springer Science and Business Media LLC
  16. ↑ Ahrendt, Kateri A.; Borths, Christopher J.; MacMillan, David W. C. (15 April 2000). New Strategies for Organic Catalysis: The First Highly Enantioselective Organocatalytic Diels−Alder Reaction. Journal of the American Chemical Society. American Chemical Society (ACS). পৃ. 4243–4244
  17. ↑ (21 July 2014). David MacMillan. Princeton University Department of Chemistry
  18. ↑ Paras, Nick A.; MacMillan, David W. C. (12 June 2002). The Enantioselective Organocatalytic 1,4-Addition of Electron-Rich Benzenes to α,β-Unsaturated Aldehydes. Journal of the American Chemical Society. American Chemical Society (ACS). পৃ. 7894–7895
  19. ↑ Jen, Wendy S.; Wiener, John J. M.; MacMillan, David W. C. (26 September 2000). New Strategies for Organic Catalysis: The First Enantioselective Organocatalytic 1,3-Dipolar Cycloaddition. Journal of the American Chemical Society. American Chemical Society (ACS). পৃ. 9874–9875
  20. ↑ Paras, Nick A.; MacMillan, David W. C. (13 April 2001). New Strategies in Organic Catalysis: The First Enantioselective Organocatalytic Friedel−Crafts Alkylation. Journal of the American Chemical Society. American Chemical Society (ACS). পৃ. 4370–4371
  21. ↑ (August 2002). MacMillan Awarded Sloan Research Fellowship. California Institute of Technology
  22. ↑ Caltech Faculty Awards and Honors 2004–2005. California Institute of Technology
  23. ↑ New Fellows 2012. Royal Society
  24. ↑ David W.C. MacMillan. American Academy of Arts & Sciences
  25. ↑ Professor David William Cross MacMillan FRS, CorrFRSE – The Royal Society of Edinburgh. The Royal Society of Edinburgh
  26. ↑ Past Recipients of the Harrison Howe Award
  27. ↑ The Society of SynthRyoji Noyori Prize Recipients. www.ssocj.jp. Society of Synthetic Organic Chemistry, Japan

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ মেকমিলান” প্ৰবন্ধৰ সংশোধন ৬৩৭২১৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।