অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ডাল ঢোকলি

ডাল ঢোকলি (গুজৰাটী: દાળ ઢોકળી) হৈছে ৰাজস্থানী আৰু গুজৰাটী খাদ্য সমূহৰ অন্তগৰ্ত সাধাৰণ ভাৰতীয় খাদ্য। এই খাদ্য সাধাৰনতে টুৰ ডাল (অঢ়হৰ দাল)ৰ গাঢ় জোলত গমৰ আটাৰে বনোৱা সৰু পিঠাৰ টুকুৰা দি উতলাই প্রস্তুত কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
ডাল ঢোকলিৰে ভৰা এখন প্লেট
ডাল ঢোকলিৰে ভৰা এখন প্লেটছবি: Dharmadhyaksha · CC BY-SA 4.0

ডাল ঢোকলি (গুজৰাটী: દાળ ઢોકળી) হৈছে ৰাজস্থানী আৰু গুজৰাটী খাদ্য সমূহৰ অন্তগৰ্ত সাধাৰণ ভাৰতীয় খাদ্য। এই খাদ্য সাধাৰনতে টুৰ ডাল (অঢ়হৰ দাল)ৰ গাঢ় জোলত গমৰ আটাৰে বনোৱা সৰু পিঠাৰ টুকুৰা দি উতলাই প্রস্তুত কৰা হয়।১ একেধৰণৰ প্ৰস্তুতিক মাৰাঠী ভাষাত বৰণফল (মাৰাঠী: वन फळ) বা চাকোলীয়া (মাৰাঠী: चकोला) বোলা হয়।২ সাধাৰণতে গুজুৰাটীত ইয়াৰ উচ্চাৰণ 'দৰ ধোৰী'। কিছুমান ঘৰুৱা পৰম্পৰাত এই ডাল ঢোকলি খাদ্য বিধ আহাৰ খাই বাকী থকা ডালৰ পৰা তৈয়াৰ কৰা হয়।৩

প্ৰস্তুত প্ৰনালী

ডাল ঢোকলি বিভিন্ন প্ৰকাৰৰ ডালৰ সৈতে বনাব পৰা যায়। সাধাৰণতে ব্যৱহৃত কিছুমান ডালৰ ভিতৰত — টুৰ ডাল (অঢ়হৰ দাল), মাছুৰ ডাল (ৰঙা মচুৰ দাইল), আৰু মুগ ডাল (মুং বিন)। ইয়াৰ যি কোনো এবিধ ডাল ধুই লোৱাৰ পিছত ডালখিনি পানীৰ চাপেৰে সিজাই বা প্ৰেছাৰ কুকাৰত পানীৰ সৈতে ৰন্ধি মছলাৰে টেম্পাৰ কৰি ডাঠ জোল্ তৈয়াৰ কৰা হয়। ঘেঁহুৰ আটা, নিমখ আৰু পানীৰ গুড়ি কৰি লাড়ু বনাই বেলিলৈ টুকুৰা টুকুৰ কৰি ঢোকলি বা ঘেঁহুৰ আটাৰ টুকুৰা তৈয়াৰ কৰা হয়।৪সেই আটাৰ টুকুৰাবোৰ ডালৰ ভিতৰত দি ভালদৰে উটলাই ৰন্ধা হয়।

কিছুমান ডাল ঢোকলিত বাদাম (peanuts) যোগ কৰা হয়। আন কিছুমানত কেতিয়াবা কোকুম, গুড়, আৰু মচলা (জীৰা, হিং) যোগ কৰি খাতাস-মিঠা স্বাদ দিয়া হয়।৫

তথ্যসূত্ৰ

  1. ↑ Kapoor, Sanjeev. (2009). Dal & Kadhi. Popular Prakashan Pvt. Limited. পৃ. 43. ISBN 9788179914151
  2. ↑ Kumawat, Lovesh. (2020). Cuisine. NotionPress. পৃ. 110. ISBN 9781648501623
  3. ↑ Patel, Kanan. (2013-09-23). Dal Dhokli. Spice Up The Curry
  4. ↑ Aggarwal, Uma. (2009). The Exquisite. Allied Publishers. পৃ. 250. ISBN 9788184244748
  5. ↑ Kapoor, Sanjeev. (2009). Sanjeev Kapoor's TV Dinners. Popular Prakashan. পৃ. 42. ISBN 9788179914038

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাল ঢোকলি” প্ৰবন্ধৰ সংশোধন ৬৩১৯৮২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।