অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টে'ল মী য়'ৰ ড্ৰীম্‌ছ

টেল মী য়ৰ ড্ৰীমছ ১৯৯৮ চনত আমেৰিকান লিখক ছিডনী শ্বেলডন ৰচিত এক মনোবিজ্ঞান ভিত্তিক, থ্ৰিলাৰ উপন্যাস।

হালনাগাদ: ২ জুন ২০২৪ ৫৩৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

টেল মী য়ৰ ড্ৰীমছ ১৯৯৮ চনত আমেৰিকান লিখক ছিডনী শ্বেলডন ৰচিত এক মনোবিজ্ঞান ভিত্তিক, থ্ৰিলাৰ উপন্যাস।

কাহিনীৰ সাৰাংশ

উপন্যাসখনৰ প্ৰধান চৰিত্ৰ কেইটি হ'ল আত্মকেন্দ্ৰিক,কৰ্মানুৰাগী গাভৰু এছলী পেটাৰছন,গান গাই আৰু নাচি ভাল পোৱা তেওঁৰ সহকৰ্মী ট'নী প্ৰেছকট আৰু ছবি আঁকি ভাল পোৱা লাজকুৰীয়া এলেট পীটাৰ্ছ তথা এছলীৰ দেউতাক।

ইয়াৰে তিনিওজনী মহিলাৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ বেলেগ। অৱশ্যে ট'নী আৰু এলেটৰ মাজত কিছু বন্ধুত্বপূৰ্ণ ভাৱ আছে যদিও ট'নীয়ে এছলীক খুব বেয়া পায় আৰু প্ৰায়ে সমালোচনা কৰে। অৱশ্যে তিনিওৰে মাজত এটাই সাদৃশ্য আছে,সেয়া হ'ল তিনিওৰে মাকে সিহঁতে কেতিয়াও একো হৈ দেখুৱাব নোৱাৰে বুলি কোৱা মনত আছে।

এছলীৰ সমস্যা হ'ল তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইক অনুসৰণ কৰি আছে। কামৰ পৰা আহি তাই ঘৰৰ লাইটবোৰ জ্বলি থকা দেখা পায়,কেতিয়াবা তাইৰ কাপোৰবোৰ সিঁচৰতি হৈ থাকে আৰু এদিন কোনোবাই তাইৰ আইনা এখনত লিপষ্টিকেৰে "তই মৰিবি" বুলি লিখি থয়। শংকিত হৈ তাই পুলিছৰ সুৰক্ষা বিচাৰে,কিন্তু তাইৰ সুৰক্ষাত নিয়োজিত পুলিছ বিষয়াজনৰ মৃতদেহ পাছদিনা তাইৰ ঘৰৰ পিছফালে উদ্ধাৰ হয়। ইতিমধ্যে এই একেই ধৰণত আৰু দুটা হত্যাকাণ্ড সংঘটিত হয়। তিনিওটা হত্যাণ্ডতেই মৃত ব্যক্তিকেইজনৰ অণ্ডকোষ কাটি পেলোৱা হয় আৰু মৃত্যুৰ আগত সংগমৰত হোৱাৰ প্ৰমাণ পোৱা যায়। প্ৰমাণ সমূহে দাবী কৰে যে এয়া একেজনী মহিলাৰেই কাম। যেতিয়া মৃত ব্যক্তি এজনে ট'নীক দিয়া উপহাৰ এটা এছলীৰ তাত উদ্ধাৰ হয় তাইক হত্যাকাৰী বুলি কৰায়ত্ব কৰা হয়। আৰু এইখিনিতেই আৱিষ্কাৰ হয় যে সেই তিনিওজনী মহিলা দৰাচলতে "মাল্টিপল পাৰ্চনেলিটী ডিজৰ্ডাৰ"ত ভুগি থকা এজনী মানুহৰেই সত্তা।

শ্বেৰিফ ডলিঙে এটি গভীৰ উশাহ ললে.... "এছলী পেটাৰছন...ট'নী প্ৰেছকট...এলেট পীটাৰ্ছ এই গোটেইবোৰ একেজনীয়েই অসভ্য মহিলা। "

এছলীৰ দেউতাকে ডেভিদ ছিংগাৰ নামৰ উকীল জনক এছলীৰ কেছৰ দায়িত্ব অৰ্পণ কৰে। এক গভীৰ নিৰাশাৰ অন্তত অৱশেষত ট'নীৰ হিংস্ৰ ৰূপ দেখি বিচাৰসকলো পতিয়ন যায় যে এছলী মানসিক ভাৱে অসুস্থ আৰু তাইক এখন মানসিক চিকিত্‍সালয়ত ভৰ্ত্তি কৰোৱা হয়। বিভিন্ন চিকিত্‍সা প্ৰয়োগৰ অন্তত আৱিষ্কৃত হয় যে শৈশৱতে এছলীক দেউতাকে যৌন আতিশৰ্য্য চলাইছিল আৰু সেই ঘটনাই এছলীৰ দেহতেই ট'নী নামৰ সত্তাক জন্ম দিয়ে যাৰ মনত পুৰুষৰ প্ৰতি তীব্ৰ ঘৃণা লুকাই আছে। এই কাৰণতেই মাকেও তাইক বেয়া পোৱা হয়। আকৌ ইটালীত থাকোঁতে তাইক দেউতাকে ধৰ্ষণ কৰে আৰু এই ঘটনাই এলেট নামৰ লাজকুৰীয়া,ভয়াতুৰ সত্তাক জন্ম দিয়ে। ট'নীয়ে এক সুৰক্ষাদাত্ৰীৰ ভূমিকা লয় আৰু পিছত এছলীয়ে আকৌ তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাত হত্যাকাণ্ড সমূহ সংঘটিত কৰে। আনহাতে দুখিত আৰু লাজকুৰীয়া এলেটে এক সান্ত্বনাদাত্ৰীৰ কাম কৰি থাকে।

এছলীৰ চিকিত্‍সা পূৰ্ণগতিত চলি থাকে আৰু লাহে লাহে এছলী ভাল হ'বলৈ ধৰে। কিন্তু এদিন বাতৰি কাকতত দেউতাকে সৰু ছোৱালী এজনী থকা মহিলা এগৰাকীক বিয়া কৰাব বুলি খবৰ পায় ট'নী বিদ্ৰোহী হৈ উঠে। তাই ভাবে যে সেই সৰু ছোৱালীজনীৰো তাইৰ দৰে অৱস্থা হ'ব। ডাক্তৰ সকলে এই খবৰটো সদায় দেখুৱাই দেখুৱাই ট'নীৰ খংটো ক্ৰমাত্‍ কমাই আনে। কিন্তু ট'নীয়ে বুদ্ধি কৰিহে শান্ত হোৱা যেন দেখুৱাইছিল যাতে তাই বাহিৰলৈ গৈ খ্ৰীষ্টমাছ উপলক্ষে হেম্পটনছত থকা দেউতাকক হত্যা কৰিব পাৰে। শেষত এছলীক চিকিত্‍সালয়ৰ পৰা ৰেহাই দিয়া হয়। কিন্তু হঠাত্‍ ট'নীয়ে এছলীক নিয়ন্ত্ৰণলৈ আনি লয় আৰু তাই হেম্পটনছলৈ যাত্ৰা কৰে।

মতামত

অলৰীৰ্ডাছত য়শবীৰ চৌহানে ইয়াক "সুলিখিত আৰু কৌতূহলপূৰ্ণ " বুলি অভিহিত কৰে।১ ইয়াক "বাস্তৱক কাল্পনিক ৰূপ দিয়াৰ এক চেষ্টা" বুলি অভিহিত কৰি বুকচাম্পছত অপল কুমাৰে কয় যে "ইয়াত এছলীৰ মানসিক সংঘাত অতি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে যিয়ে পাঠকক ভাবিবলৈ বাধ্য কৰায় যে এতিয়া কোনটো চৰিত্ৰই আধিপত্য চলাব?"২ গুডৰীডছে ইয়াক ৩.৮টা৩ আৰু গুগলবুকছে ৪টা৪ তৰা দিয়ে। ইনোটছত কোৱা হৈছে যে "মকৰাই যেনেকৈ পতংগ এটিক জালত বন্দী কৰে,শ্বেলডনেও তেনেদৰে পাঠকক কাহিনীৰ মেৰপাকত বন্দী কৰি লয়। অৱশ্যে কষ্টসাধ্য লিখনি সম্বলিত হ'লেও ই শ্বেলডনৰ আটাইতকৈ শ্ৰেষ্ঠ সমূহৰ ভিতৰত নপৰে কাৰণ ইয়াৰ ঘটনাৱলীৰ পূৰ্বানুমান সম্ভৱ। ইয়াৰ সামৰণিৰ চমত্‍কাৰ কিন্তু মানিবলগীয়া। "৫

তথ্যসূত্ৰ

  1. ↑ Tell Me Your Dreams by Sidney Sheldon Detailed Book Review. Allreaders.com
  2. ↑ Tell Me Your Dreams Book Review, Book by Sidney Sheldon. Bookchums.com
  3. ↑ Tell Me Your Dreams by Sidney Sheldon - Reviews, Discussion, Bookclubs, Lists. Goodreads.com
  4. ↑ Tell Me Your Dreams - Sidney Sheldon - Google Boeken. Books.google.com
  5. ↑ Tell Me Your Dreams Summary - Sidney Sheldon - Magill Book Reviews. Enotes.com

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থআমেৰিকান উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টে'ল মী য়'ৰ ড্ৰীম্‌ছ” প্ৰবন্ধৰ সংশোধন ৪২২১০০ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।