অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

টিহু বিধানসভা সমষ্টি

টিহু বিধানসভা সমষ্টি (ইংৰাজী: Tihu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত পুৰণি ধৰ্মপুৰ সমষ্টি বিলুপ্ত কৰি নলবাৰী জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

টিহু বিধানসভা সমষ্টি (ইংৰাজী: Tihu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত পুৰণি ধৰ্মপুৰ সমষ্টি বিলুপ্ত কৰি নলবাৰী জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।১

এই সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত (সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

বৰ্ষবিধায়কৰাজনৈতিক দল
২০২৬চন্দ্ৰমোহন পাটোৱাৰীভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত টিহু সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিজয় সাব্যস্ত কৰি সমষ্টিটোৰ প্ৰথমগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হয়। ভাৰতৰ নিৰ্বাচন আয়োগৰ আধিকাৰিক ফলাফল অনুসৰি নিৰ্বাচনৰ সবিশেষ তলত দিয়া ধৰণৰ:

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (14 August 2023). অসমত গঠন হ’ল নতুন বিধানসভা সমষ্টি 'টিহু', উৎফুল্লিত অঞ্চলবাসী. News18 Assam-North East

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিহু বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩১৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।