অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টাইকি

টাইকি (/ˈtaɪki/; প্ৰাচীন গ্ৰীক: Τύχη, ইংৰাজী: Tyche; আক্ষৰিক অৰ্থ: 'ভাগ্য') গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী অধিষ্ঠাত্ৰী দেৱী৷ তেওঁ এখন চহৰৰ সৌভাগ্য আৰু সমৃদ্ধি নিয়ন্ত্ৰণ কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

টাইকি (/ˈtaɪki/; প্ৰাচীন গ্ৰীক: Τύχη, ইংৰাজী: Tyche; আক্ষৰিক অৰ্থ: 'ভাগ্য') গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী অধিষ্ঠাত্ৰী দেৱী৷ তেওঁ এখন চহৰৰ সৌভাগ্য আৰু সমৃদ্ধি নিয়ন্ত্ৰণ কৰিছিল। ধ্ৰুপদী গ্ৰীক পৌৰাণিক কাহিনীত তেওঁ সাধাৰণতে টাইটান টেথিছ আৰু অ'চেনাছ বা কেতিয়াবা জ্যুচৰ কন্যা হিচাপে গণ্য কৰা হয়৷ তেওঁ মানুহৰ ওচৰলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই অনাৰ কাম কৰিছিল আৰু তেওঁ মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰৰ বাহ্যিক পৰিঘটনাৰ সৈতে জড়িত।১

হেলেনিষ্টিক যুগত মহান আলেকজেণ্ডাৰৰ পৰা আৰম্ভ হোৱা নাটকীয় আৰ্থ-ৰাজনৈতিক পৰিৱৰ্তনৰ লগে লগে টাইকি ভাগ্যৰ অধিকাৰ ক্ৰমান্বয়ে মূৰ্ত হৈ পৰিছিল, অলিম্পিক দেৱতাৰ ভূমিকা গ্ৰহণ কৰিছিল।১২ গ্ৰীক ইতিহাসবিদ পলিবিয়াছে বিশ্বাস কৰিছিল যে যেতিয়া বানপানী, খৰাং, হিম বা আনকি ৰাজনীতিৰ দৰে পৰিঘটনাৰ কোনো কাৰণ আৱিষ্কাৰ কৰিব নোৱাৰে, তেতিয়া এনে পৰিঘটনাৰ বাবে টাইকিক জগৰীয়া কৰা হয়।৩ পিণ্ডাৰ দৰে আন আন প্ৰাচীন গ্ৰীক উৎসসমূহেও পলিবিয়াছক সমৰ্থন কৰে।৪ তদুপৰি টাইকিয়ে কেৱল ব্যক্তিগত ভাগ্যকে নহয়, সম্প্ৰদায়সমূহৰ ভাগ্যকো প্ৰতিনিধিত্ব কৰে। অতীতৰ চহৰসমূহে মূল টাইকিৰ নিৰ্দিষ্ট আইকনিক সংস্কৰণ নিজা নিজা টাইকিক পূজা কৰিছিল। এই প্ৰথা ৰোমান শিল্পৰ আইকনগ্ৰাফীত খ্ৰীষ্টান যুগলৈকে অব্যাহত আছিল।

পাৰ্থিয়ান সাম্ৰাজ্যত টাইকিৰ প্ৰভাৱ অধিক পৰিলক্ষিত হয়৷ তেওঁলোকে তেওঁলোকৰ মুদ্ৰাত টাইকিক সঘনাই চিত্ৰিত কৰিছিল আৰু লগতে পাৰ্থিয়ান ৰজাসকলক বৈধতা প্ৰদান কৰা চিত্ৰকল্পতো চিত্ৰিত কৰিছিল।১

শ্ৰুতিকথা

গ্ৰীক সাহিত্যত টাইকিক বংশাৱলী সম্পৰ্কে ভিন্ন বিৱৰণ পোৱা যায়। তেওঁক অ'চেনাছ আৰু টেথিছৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে, সেয়েহে তেওঁক অ'চেনিডৰ বুলি গণ্য কৰা হয়৷ কিছুমান সংস্কৰণত তেওঁক জ্যুছৰ বা আনকি প্ৰমিথিউছৰ কন্যা বুলিও উল্লেখ কৰা হৈছে৷ নেমেছিছ আৰু আগাথছ ডাইমনৰ ("ভাল আত্মা") সৈতেও তেওঁৰ সম্পৰ্ক আছিল।

কেতিয়াবা তেওঁক ধনৰ দেৱতা প্লুটাছৰ মাতৃ বুলিও কোৱা হয়; কিন্তু সাধাৰণতে প্লুটাছ ডিমিটাৰ আৰু ইয়াচনৰ পুত্ৰ।

পৌছানিয়াছৰ ডেষ্ক্ৰিপচন অৱ গ্ৰীচ গ্ৰন্থত (Description of Greece) পালামিডিছে প্ৰথম যোৰ পাশা গুটিৰ সৃষ্টি কৰিছিল আৰু টাইকিক উপহাৰ হিচাপে দিছিল বুলি উল্লেখ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Ellerbrock, Uwe. (2021). The Parthians: The Forgotten Empire (Peoples of the Ancient World). Routledge. পৃ. 285–287. ISBN 978-0367473099
  2. ↑ Grant, Michael. (2000). From Alexander to Cleopatra. History Book Club; BOMC ED edition. পৃ. 214–216. ISBN 0965014207
  3. ↑ Polybius. The Rise Of The Roman Empire, Page 29, Penguin, 1979
  4. ↑ Giannopoulou, V. (1999). Divine Agency and "Tyche" in Euripides' "Ion": Ambiguity and Shifting Perspectives. Illinois Classical Studies.. পৃ. 257–271

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইকি” প্ৰবন্ধৰ সংশোধন ৬৩১৯৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।