অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টকিঅ'

টকিঅ, হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম, অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ' অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল। এসময়ত টকিঅ' জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল।

হালনাগাদ: ১৮ মে’ ২০২৬ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

টকিঅ,১ হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম,২ অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ' অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল।৩ এসময়ত টকিঅ' জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল। টকিঅ' হৈছে লজু দ্বীপ আৰু অগাছাৱাৰা দ্বীপকে ধৰি মূল হঞ্চু দ্বীপৰ দক্ষিণোত্তৰ দিশৰ কেণ্ট' অঞ্চল।৪ ইয়াক পূৰ্ৱতে এড' বুলি কোৱা হৈছিল। ১৬০৩ চনত ছ'গুন ট'কুগাৱা লেয়াছুৱে ইয়াত তেওঁৰ মুখ্য কাৰ্যালয় স্থাপন কৰালৈকে ই ডে ফেক্ট' শাসনকৰ্তাৰ আসন আছিল। ১৬৬৮ চনত সম্ৰাট মেইজিয়ে পুৰণি ৰাজধানী কাইট'ৰ পৰা ইয়ালৈ আসন স্থানান্তৰ কৰাৰ পাছত ই চৰকাৰীভাৱে ৰাজধানীৰ মৰ্যাদা পায়; সেই সময়তে এড'ৰ নাম টকিঅ'লৈ সলনি কৰা হয়। ১৯৪৩ চনত পূৰ্ৱৰ টকিঅ' মহানগৰ আৰু টকিঅ' নগৰ লগলগাই টকিঅ' মহানগৰ প্ৰশাসনৰ সৃষ্টি কৰা হয়।

টকিঅ'ক প্ৰায়ে এখন নগৰ বুলি ভবা হয়, কিন্তু চৰকাৰীভাৱে ইয়াক এখন "মহানগৰ প্ৰশাসনিক অঞ্চল" হিচাপেহে জনা যায়। ইয়াৰ গঠন নগৰতকৈ ভিন্ন আৰু ই নগৰ তথা প্ৰশাসন দুয়োপ্ৰকাৰে কাম কৰে। ইয়াৰ মহানগৰীয় প্ৰশাসনে টকিঅ'ৰ ২৩টা বিশেষ ৱাৰ্ডক (প্ৰত্যেককে একোখন একক নগৰ হিচাপে শাসন কৰা হয়) শাসন কৰে। লগতে এই চৰকাৰে ইয়াৰ পশ্চিম অংশৰ ৩৯খন পৌৰসভা আৰু দুটা দূৰৱৰ্তী দ্বীপশৃংখলো শাসন কৰে। বিশেষ ৱাৰ্ডসমূহৰ জনসংখ্যা প্ৰায় ৯ নিযুততকৈয়ো অধিক, আনহাতে সমগ্ৰ টকিঅ'ৰ জনসংখ্যা প্ৰায় ১৩ নিযুত। নগৰখনত ফৰচুন গ্ল'বেলৰ ৫০০ কোম্পানীৰ ৫১টা কোম্পানী আছে; পৃথিৱীৰ ভিতৰত আটাইতকৈ বেচি সংখ্যক কোম্পানী থকা নগৰ।৫ টকিঅ' ইণ্টাৰনেচনেল ফিনাঞ্চিয়েল চেণ্টাৰ ডেভেলপমেণ্ট ইণ্ডেস্কএডিটৰ তৃতীয় স্থানত আছে। নগৰখন হৈছে ফুজি টিভি, টকিঅ' এমএক্স, টিভি টকিঅ', টিভি আছাহি, নিপন টেলিভিছন, এনএইসকে আৰু টকিঅ' ব্ৰডকাষ্টিং ছিষ্টেমৰ দৰে বহুটো দূৰদৰ্শন কেন্দ্ৰৰ গৃহচহৰ।

টকিঅ' গোলকীয় অৰ্থনৈতিক শক্তিৰ তালিকাৰ তৃতীয় স্থানত আৰু গোলকীয় নগৰৰ তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে। গাডব্লিউচি (GaWC)'ৰ ২০০৮ চনৰ অনুসন্ধান পত্ৰিকাত এই নগৰখনক আলফা+ বিশ্ব নগৰ বুলি তালিকাবদ্ধ কৰিছে৬—আৰু ২০১৪ চনত ট্ৰিপএডভাইজৰৰ বিশ্ব নগৰ সমীক্ষাৰ "শ্ৰেষ্ট সামগ্ৰিক অভিজ্ঞতা" শাখা প্ৰথম স্থান পাইছিল (নগৰ খনে"স্থানীয় লোকৰ সহায়ৰ হাত", "নৈশজীৱন", "দোকান কৰা", "স্থানীয় জন পৰিবহণ" আৰু "স্বচ্ছ বাট-পথ" শাখাসমূহতো প্ৰথম স্থানত আছিল)।৭ ২০১৫ চনত মাৰ্চাৰ কণছাল্টিং ফাৰ্মে টকিঅ'ক পৃথিৱীৰ ভিতৰত ১১শ তম সৰ্বাধিক ব্যয়বহুল নগৰ হিচাপে চিহ্নিত কৰিছে,৮ আৰু ইক'নমিষ্ট ইণ্টেলিজেন্স ইউনিট'ৰ ক'ষ্ট-অৱ-লিভিং (জীয়াই থকাৰ দাম) সমীক্ষামতেও ই পৃথিৱীৰ ১১শ তম সৰ্বাধিক ব্যয়বহুল নগৰ।৯ ২০১৫ চনত মন'ক'ল আলোচনীয় টকিঅ'ক পৃথিৱীৰ আটাইতকৈ বাসোপযোগী নগৰ হিচাপে নামকৰণ কৰিছিল।১০ পৃথিৱীৰ সুৰক্ষিত চহৰসমূহৰ তালিকাত টকিঅ'ই প্ৰথম স্থান অধিকাৰ কৰি আছে।১১ টকিঅ'ত গ্ৰীষ্মকালীন অলিম্পিক ১৯৬৪, ১৯৭৯ জি-ছেভেন ছামিট, ১৯৮৬ জি-ছেভেন ছামিট, আৰু ১৯৯৩ জি-ছেভেন ছামিট, অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াতেই গ্ৰীষ্মকালীন অলিম্পিক ২০২০ আৰু গ্ৰীষ্মকালীন পেৰাঅলিম্পিক ২০২০ অনুষ্ঠিত কৰা হ'ব।

তথ্যসূত্ৰ

  1. ↑ Geography of Tokyopublisher=Tokyo Metropolitan Government
  2. ↑ Japan's Local Government System. Tokyo Metropolitan Government
  3. ↑ World Urbanization Prospects: The 2014 Revision Population Database. United Nations
  4. ↑ Nussbaum, Louis-Frédéric. (2005). "Tōkyō" in; "Kantō" in
  5. ↑ Fortune. Global Fortune 500 by countries: Japan. CNN
  6. ↑ (April 13, 2010). GaWC – The World According to GaWC 2008. Lboro.ac.uk
  7. ↑ (May 20, 2014). Tokyo Tops Among Global Travelers, According To TripAdvisor World City Survey. TripAdvisor. TripAdvisor LLC
  8. ↑ (June 17, 2015). 2015 Cost of Living Rankings. Mercer. Mercer LLC
  9. ↑ (June 17, 2015). Uptown top ranking. The Economist
  10. ↑ আৰ্কাইভ কপি
  11. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰজাপানৰাজধানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টকিঅ'” প্ৰবন্ধৰ সংশোধন ৬০৭১৩৫ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।