জেৰেমী লালৰিন্নুংগা এগৰাকী ভাৰতীয় ভাৰোত্তোলক।১ তেওঁ ২০১৮ চনত আৰ্জেণ্টিনাৰ ৰাজধানী বুৱেনছ আইৰেছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন যুৱ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াত তেওঁ পুৰুষৰ ৬২ কেজি ভাৰোত্তোলন শাখাত সোণৰ পদক অৰ্জন কৰিছিল। ইয়াৰ লগতে যুৱ অলিম্পিকত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ল। জেৰেমীয়ে এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছিল।২ ২০১৯ চনত থাইলেণ্ডৰ পটায়াত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৬৭ কিলোগ্ৰাম পুৰুষৰ শাখাত ২১তম স্থান লাভ কৰিছিল। জেৰেমীয়ে ২০২২ চনৰ কমনৱেল্থ গেম্ছত ৬৭ কেজি শাখাত, স্নেট্চত ১৪০ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১৬০ কিলোগ্ৰামৰ ভাৰ উত্তোলন কৰি অভিলেখ স্থাপন কৰাৰ লগতে সোণৰ পদক লাভ কৰিছিল।৩
প্ৰাৰম্ভিক জীৱন
২০০২ চনৰ ২৬ অক্টোবৰত মিজোৰামৰ আইজলত তেওঁ জন্মগ্ৰহণ কৰিছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে তেওঁৰ পিতৃ লালনেইহটলুৱাংগা ৰালটে মিজোৰাম বক্সিং চাৰ্কিটত সুপৰিচিত আছিল। তেওঁৰ পিতৃয়ে পৰিয়ালৰ জীৱন-যাপনৰ প্ৰয়াসত চুবুৰীৰ লোক নিৰ্মাণ বিভাগৰ সৈতে চুক্তিবদ্ধভাৱে শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।৪
তেওঁলোকৰ পৰিয়ালত আৰু ৪জন ভাতৃ আছে। প্ৰথম অৱস্থাত ৮ বছৰ বয়সলৈকে জেৰেমীয়ে দেউতাকৰ পদাংক অনুসৰণ কৰি বক্সিঙৰ বাবে প্ৰচেষ্টা হাতত লৈছিল, কিন্তু আইজলৰ সেই একাডেমী বন্ধ হোৱাৰ পিছত তেওঁ ভাৰোত্তোলনত মনোনিৱেশ কৰে। প্ৰথম প্ৰশিক্ষক মালছাওমাৰ অধীনত তেওঁ বাঁহ আৰু পানীৰ পাইপেৰে ভাৰোত্তোলন আৰম্ভ কৰিছিল। ৮ মাহৰ প্ৰশিক্ষণৰ অন্তত তেওঁ পুনেৰ আৰ্মী স্প’ৰ্ট্ছ ইনষ্টিটিউটত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয়। ইয়াত অতি ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত তেওঁক পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিবিৰৰ বাবে নিৰ্বাচিত কৰা হয়।৫
কেৰিয়াৰৰ আৰম্ভণি

প্ৰশিক্ষক জাৰ্জোকিমাৰ অধীনত এএছআই-ত প্ৰশিক্ষণ লৈ ২০১৬ চনত পাটনাৰ ছাব-জুনিয়ৰ প্ৰতিযোগিতাত ১৯৮ কেজি (৯০+১০৮, ক্লীন এণ্ড জাৰ্কত) ভাৰ উত্তোলন কৰি প্ৰথম ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি স্বৰ্ণ পদক লাভ কৰে। একে বছৰতে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ২৩৫ কেজি ওজন তুলি ৰূপৰ পদক লাভ কৰে জেৰেমীয়ে। ২০২২ বৰ্ষৰ আৰম্ভণিতে উজবেকিস্তানত অনুষ্ঠিত এছিয়ান ইউথ এণ্ড জুনিয়ৰ চেম্পিয়নশ্বিপত তেওঁ যুৱ শাখাত ৰূপৰ পদক লাভ কৰিছিল। যুৱ অলিম্পিক ট্ৰায়েলত ২৭৩ কিলোগ্ৰাম ওজন তুলি জেৰেমীয়ে জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ভাৰতীয় সেনাবাহিনী
লালৰিন্নুংগাই ২০১৯ চনৰ মে' মাহত ব্ৰিগেড অৱ দ্য গাৰ্ডৰ ১৭ নং বেটেলিয়নত নাইব চুবেদাৰ হিচাপে ভাৰতীয় সেনাবাহিনীত যোগদান কৰে।৬
মুখ্য ফলাফল
| বৰ্ষ | স্থান | ওজন | স্নেট্চ (কি:গ্ৰা:) | ক্লীন এণ্ড জাৰ্ক (কি:গ্ৰা:) | মুঠ | ৰেংক | ||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ১ | ২ | ৩ | ৰেংক | ১ | ২ | ৩ | ৰেংক | |||||
| যুৱ অলিম্পিক গেম্ছ | ||||||||||||
| ২০১৮ | বুৱেনছ আইৰেছ, আৰ্জেণ্টিনা | ৬২ কি:গ্ৰা: | ১২০ | ১২৪ | ১২৪ | ১ | ১২৪ | ১৪৭ | ১৫০ | ১ | ২৭৪ | |
| কমনৱেল্থ গেম্ছ | ||||||||||||
| ২০২২ | বাৰ্মিংহাম, ইংলেণ্ড | ৬৭ কি:গ্ৰা: | ১৩৬ | ১৪০GR | ১৪৩ | ১ | ১৫৪ | ১৬০ | ১৬৫ | ১ | ৩০০GR |
তথ্যসূত্ৰ
- ↑ Siwach, Vinay. India's first Youth Olympics gold medallist Lalrinnunga on why he chose weightlifting. scroll.in
- ↑ Youth Olympics: Mizo boy Jeremy Lalrinnunga is Ironman at 15 - Times of India. indiatimes.com
- ↑ CWG 2022: Weightlifter Jeremy Lalrinnunga Wins Gold In Men's 67kg Final · Commonwealth Games News. NDTVSports.com
- ↑ Who is Jeremy Lalrinnunga? All about 19-year-old Who is Jeremy Lalrinnunga at CWG 2022. Jagran TV
- ↑ Mizo boy Jeremy is a Ironman. India times
- ↑ (2022-08-01). Jeremy Lalrinnunga’s CWG Gold: Birmingham win brings cheer to Army Sports Institute in Pune. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেৰেমী লালৰিন্নুংগা” প্ৰবন্ধৰ সংশোধন ৬০২২৮৩ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।