অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেন গ্ৰীণ

জেন গ্ৰীণ (Jen Green; জন্ম ১৯৫৫) হ'ল শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে অ-কল্পকাহিনী কিতাপৰ স্ৰষ্টা আৰু এগৰাকী ব্ৰিটিছ লেখিকা। ৩০০ৰো অধিক গ্ৰন্থ তেখেতে‍ লিখিছে।

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৫ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জেন গ্ৰীণ (Jen Green; জন্ম ১৯৫৫) হ'ল শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে অ-কল্পকাহিনী কিতাপৰ স্ৰষ্টা আৰু এগৰাকী ব্ৰিটিছ লেখিকা। ৩০০ৰো অধিক গ্ৰন্থ তেখেতে‍ লিখিছে।১

জীৱন

জেন গ্ৰীণৰ জন্ম যমজ সন্তান হিচাপে আৰু তেখেত ডাঙৰ-দীঘল হৈছিল দক্ষিণ লণ্ডন আৰু ছাচেক্সত।১ ছাচেক্স বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮১ চনৰ পৰা ১৯৯৬ চনলৈ প্ৰকাশন বিভাগত কাম কৰাৰ পাছত তেখেত এগৰাকী পূৰ্ণকালীন লেখিকা হিচাপে পৰিগণিত হয়।২ ২০১২-১৩ চনত ছাচেক্স বিশ্ববিদ্যালয়ৰ ৰয়েল লিটাৰেৰী ফাণ্ড ফেলো আছিল। ছাচেক্স ডাউনছৰ ওচৰতে তেখেত থাকে।১

তথ্যসূত্ৰ

  1. ↑ Jen Green at the Royal Literary Fund
  2. ↑ Library of Congress Name Authority File

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেন গ্ৰীণ” প্ৰবন্ধৰ সংশোধন ৫৫১৪০১ (১৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।