অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেচমিন আক্তাৰ

জেচমিন আক্তাৰ (: Jasmin Akter; জন্ম ২০০১ ) বাংলাদেশৰ নয়াপাৰা শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰা এগৰাকী ৰোহিংগীয়া ক্ৰিকেটাৰ। শৰণাৰ্থী হিচাপে যুক্তৰাজ্যৰ ব্ৰেডফোৰ্ডত থাকিবলৈ আহিছিল,তেওঁ মাতৃৰ চোৱাচিতা কৰা এগৰাকী শিশুসেৱিকা হিচাপে কৈশোৰ কাল পাৰ কৰিছিল।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জেচমিন আক্তাৰ (: Jasmin Akter; জন্ম ২০০১ )১ বাংলাদেশৰ নয়াপাৰা শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰা এগৰাকী ৰোহিংগীয়া ক্ৰিকেটাৰ।২ শৰণাৰ্থী হিচাপে যুক্তৰাজ্যৰ ব্ৰেডফোৰ্ডত থাকিবলৈ আহিছিল,তেওঁ মাতৃৰ চোৱাচিতা কৰা এগৰাকী শিশুসেৱিকা হিচাপে কৈশোৰ কাল পাৰ কৰিছিল। পিচলৈ কিছুমান-এছিয়ান কিশোৰী গোটাই লৈ এটা ক্ৰিকেট দল আৰম্ভ কৰিছিল। তেওঁ ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল প্ৰথমখন ষ্ট্ৰীট চাইল্ড ক্ৰিকেট বিশ্বকাপ চেৰিটি মেচত।১ ২০১৯ চনত বিবিচিৰ ১০০ গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।৩

পটভূমি

২০০১ চনত জেচমিন আক্তাৰ জন্ম হৈছিল,১বাংলাদেশৰ নয়াপাৰা শৰণাৰ্থী শিবিৰত৪। এই শিবিৰ টো সকলো শিবিৰৰ ভিতৰত ডাঙৰ আছিল য’ত ম্যানমাৰৰ গণহত্যা আৰু নৃশংস নিৰ্যাতন সন্মুখীন হোৱা মুঠ এক মিলিয়নতকৈ অধিক ৰোহিংগীয়া লোকে পলায়ন কৰি আহি আশ্ৰয় লবলৈ বাধ্য হৈছিল।২ জন্মৰ ঠিক পিছতেই তেওঁৰ পিতৃৰ মৃত্যু হয় আৰু মাকৰ আৰু চাৰিটা সন্তান জন্ম হয়।৪ তেওঁলোক সকলোৱে দৰিদ্ৰতাত জীৱন কটাইছিল,১ গতিকে আক্তাৰৰ বয়ষ প্ৰায় দহ বছৰলৈকে কোনো ধৰনৰ আনুস্থানিক শিক্ষা পোৱা নাছিল, কিন্তু অৱশেষত তেওঁলোকে ইউএনএইচআৰচিৰ কাৰ্যসূচীৰ জৰিয়তে শৰণাৰ্থী হিচাপে ব্ৰিটেইনত বসতি স্থাপন কৰিবলৈ আহিছিল।৩

যেতিয়া তেওঁলোকে পশ্চিম ইয়ৰ্কশ্বাৰৰ ব্ৰেডফোৰ্ডলৈ গুচি যায়, তেতিয়া জেচমিন আক্তাৰ মাত্ৰ ৮ বছৰীয়া আছিল।১ কিন্তু ২০১৪ চনত বাংলাদেশ ভ্ৰমণ কৰাৰ সময়ত হোৱা এটা গাড়ী দুৰ্ঘটনাত তেওঁৰ মাতৃ আৰু কনিষ্ঠ ভাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।৪তেওঁৰ মাতৃ পক্ষাঘাতগ্ৰস্ত হৈছিল আৰু বাংলাদেশত তিনিমাহ ধৰি স্বাস্থ্য বীমা অবিহনে চিকিৎসালয়ত থাকিবলগীয়া হৈছিল। অৱশেষত তেওঁলোকে সহায়তামূলক ভ্ৰমণ ব্যৱস্থাৰে পুনৰ যুক্তৰাজ্যলৈ উভতি আহিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পিছতো তেওঁৰ মাতৃ দুবছৰ ধৰি বাৰে বাৰে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল আৰু তেওঁক সদায় যত্নৰ প্ৰয়োজন হৈছিল।৪

১৩ বছৰ বয়সতে আক্তাৰে মাক আৰু তিনিজন ভাই-ভনীৰ যত্ন লোৱা এগৰাকী শিশুসেৱিকা হৈ পৰে।১ইয়াৰ আগতে আক্তাৰ ব্ৰেডফোৰ্ড ফুটবল ক্লাবৰ লগত জড়িত আছিল যদিও পৰিয়ালৰ দায়িত্ব আহি পৰাৰ বাবে ক্লাব এৰি দিব লগীয়া হৈছিল। লগতে আমেৰিকালৈ সম্পূৰ্ণ বৃত্তি লাভ কৰাৰ সুযোগ এটাও হেৰুৱাব লগীয়া হৈছিল।৪

ক্ৰিকেট জীৱন

স্কুল ছুটিৰ পিছত তেওঁ ক্লাবৰ এজন প্ৰশিক্ষকৰ সহায় পাইছিল।যাৰ সহায়ত জেচমিন আক্তাৰে খেলা-ধূলাক নিজৰ মানসিক চাপ মুক্তিৰ এটা উপায় হিচাপে পুনৰ বাচি লৈছিল, আৰু তেনেদৰে তেওঁৰ ক্ৰিকেটৰ প্ৰতিভা আৱিষ্কৃত হৈছিল। তেওঁৰ প্ৰতিভাই অতি সোনকালে স্বীকৃতি লাভ কৰে। তেওঁ দলৰ অধিনায়ক নিযুক্ত হয় আৰু কাউণ্টি দলৰ বাবে চেষ্টা কৰে।১ তেওঁ ইয়ৰ্কশ্বাৰৰ কাউন্তি ক্ৰিকেট ক্লাবৰ দলত যোগদানৰ বাবেও চেষ্টা কৰিছিল।১

পুৰুষ-প্ৰধান খেল বুলি ধৰা ক্ৰিকেটত ছোৱালী হোৱাৰ বাবে তেওঁ উপহাসৰ সন্মুখীন হৈছিল, যদিও তেওঁ নিজৰ লক্ষ্যৰ পৰা পিছ হুঁহুকা নাছিল। তেওঁ কয় “খেলা-ধূলা এনেকুৱা এটা কাম যিটো কৰিবলৈকে মই জন্মগ্ৰহণ কৰা যেন অনুভৱ কৰিছো। খেলৰ যোগেদি মই আটাইতকৈ আত্মবিশ্বাসী অনুভৱ কৰোঁ আৰু ইয়েই মোৰ সঁচা পৰিচয় প্ৰকাশ কৰে।”১

তেওঁ স্থানীয়ভাৱে সৰু ল’ৰা-ছোৱালীসকলক প্ৰশিক্ষণো দিছিল। তেতিয়া তেওঁ গৃহহীন যুৱক-যুৱতীসকলক সহায় কৰা সংস্থা চেন্তাৰপইন্ত ৰ দৃষ্টিত পৰে। এই সংস্থাই ষ্ট্ৰীট চাইল্ড ক্ৰিকেট বিশ্বকাপৰ বাবে এটা ইংলেণ্ড ৰাষ্ট্ৰীয় দল গঠন কৰি আছিল। আক্তাৰক সেই ইংলেণ্ড দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছিল।

ষ্ট্ৰীট চাইল্ড বিশ্বকাপ প্ৰতিযোগিতাখন বাংলাদেশ, ইংলেণ্ড, ভাৰত, মৰিচাছ, নেপাল, তাঞ্জানিয়া আৰু ৱেষ্ট ইণ্ডিজৰ বঞ্চিত পটভূমিৰ (১৩–১৭ বছৰ বয়সৰ) যুৱক-যুৱতীসকলৰ ক্ৰিকেট দলসমূহে নিজৰ নিজৰ জাতীয় দলৰ হৈ প্ৰতিযোগিতামূলকভাৱে খেলিছিল। লণ্ডন আৰু কেম্ব্ৰিজত আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ সমান্তৰালভাৱে নিজৰ মানৱ অধিকাৰৰ ওপৰত এখন মিনি কংগ্ৰেছতো অংশগ্ৰহণ কৰিছিল।৫ এই সুযোগক তেওঁ ‘সুৰংগৰ শেষৰ পোহৰ’ বুলি ব্ৰিটেইনৰ সংসদত অনুষ্ঠিত হোৱা এক সংশ্লিষ্ট অনুষ্ঠানত ব্যক্ত কৰিছিল।৪

তাঞ্জানিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত সহজ জয়ৰ পিছত৫ ইংলেণ্ডৰ ফাইনেল খেল ইণ্ডিয়া চাউথৰ বিৰুদ্ধে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ক্ৰিকেট বিশ্বকাপৰ আন্তঃৰাষ্ট্ৰীয় খেলৰ ঠিক আগতে লণ্ডনৰ বিখ্যাত লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছিল। আক্টাৰে কয় যে তেওঁ সঁচাকৈয়ে গৌৰৱান্বিত যে তেওঁ বেন ষ্টকছৰ দৰে তেওঁৰ ক্ৰীড়া নায়কৰ সৈতে একেখন খেলপথাৰতে খেলিছে।৬মেচখন অতি ৰোমাঞ্চকৰ আছিল, আৰু আক্তাৰৰ দলটো অন্তিম অ’ভাৰত অতি সামান্য ব্যৱধানত পৰাজিত হৈছিল।

লৰ্ডছ ক্ৰিকেট খেলপথাৰৰ ষ্টুৱাৰ্ড টেড ক্লাৰ্কেে নতুন যুৱ আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাক খেলখনত স্বাগতম জনাইছিল।১ কিন্তু একে সময়তে তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল— “২০১৯ চনত কিয় এতিয়াও শিশুসকলে ৰাস্তাত শুবলগীয়া হয়?” ২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী আইচিচি ক্ৰিকেট বিশ্বকাপৰ বাবে ভৱিষ্যতে ষ্ট্ৰীট চাইল্ড বিশ্বকাপৰ পৰিকল্পনা কৰা হৈছে।৫

স্বীকৃতি

এই ক্ৰীড়াত, অসুবিধাৰ বিপৰীতে, আৰু এছিয়ান ছোৱালী দলত আনক উৎসাহিত কৰাৰ বাবে,লগতে বিশ্বজুৰি আনক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰাৰ বাবে আক্তাৰে ২০১৯ চনত বিবিচিৰ শীৰ্ষ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়। তেওঁৰ খেলত কেনে অনুভৱ হয় সেই বিষয়ে তেওঁৰ উদ্ধৃতিৰে কোৱা হৈছে: “মই মাথোঁ জানো অনুভৱটো, গতিৰ নিৰ্মল আনন্দ বেছি অনুভৱ হয় যেতিয়া প্ৰতিটো উশাহ মুক্তিৰ সৈতে উৰি যায়।”৩

আক্টাৰে এতিয়া ব্ৰেডফোৰ্ড কলেজত বিটিইচি 3 ৪ ডিপ্লমা অধ্যয়ন কৰি আছে আৰু ইয়াৰ পিছত একাউণ্টেন্সিত ডিগ্ৰী লোৱাৰ লক্ষ্য ৰাখিছে।[1] তেওঁ প্ৰশিক্ষক আৰু স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে আৰু আনক অনুপ্ৰাণিত কৰি আহিছে, তেওঁ কয়: “মই বাধা ভাঙি পেলাইছো; মানুহে মোৰ ওপৰত যি সীমিত আশা কৰিছিল, তাৰ ওপৰলৈ উঠি আহিছোঁ। আৰু এইটো অতি গুৰুত্বপূৰ্ণ যে বিভিন্ন পটভূমিৰ যুৱতীসকলে এইটো দেখি বুজিব পাৰে যে তেওঁলোকও সক্ষম।”৪

২০২০ চনত ব্ৰিটিছ মুছলিম এৱাৰ্ডছত ইয়ৰ্কশ্বাৰ কাউন্টি ক্ৰিকেট ক্লাবত ছাবেহা চালামৰ সৈতে চৰ্টলিষ্ট কৰা হৈছিল আক্তাৰক।৭

তথ্যসূত্ৰ

  1. ↑ Refugees, United Nations High Commissioner for. Rohingya Star Lights up Lords in Junior Cricket Final. UNHCR
  2. ↑ Rohingya refugees' perspectives on their displacement in Bangladesh: uncertain futures. ODI
  3. ↑ (2019-10-16). BBC 100 Women 2019: Who is on the list this year?. BBC News
  4. ↑ (2019-10-22). Jasmin Akter: Rohingya Refugee to the BBC Women's 100 Women. GiveMeSport
  5. ↑ (2019-05-15). The life-changing power of the Street Child Cricket World Cup. The Big Issue
  6. ↑ (15 May 2019). London Just Hosted a Cricket World Cup to Support Children Living on the Streets. Global Citizen
  7. ↑ (19 January 2020). Full finalists list for British Muslim Awards 2020. Asian Image

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচমিন আক্তাৰ” প্ৰবন্ধৰ সংশোধন ৫৮০২৫১ (২১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।