অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুলি ছুইট

জুলি টেৰেছ ছুইট ( Julie Terese Sweet; জন্ম: স্পেলমেন, জন্ম ১৯৬৭) এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী আৰু অধিবক্তা। তেওঁ বহুজাতিক পেছাদাৰী সেৱা কোম্পানী এচেঞ্চাৰৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জুলি টেৰেছ ছুইট ( Julie Terese Sweet; জন্ম: স্পেলমেন, জন্ম ১৯৬৭)১২ এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী আৰু অধিবক্তা। তেওঁ বহুজাতিক পেছাদাৰী সেৱা কোম্পানী এচেঞ্চাৰৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')।৩

প্ৰাথমিক জীৱন আৰু শিক্ষা

ছুইট কেলিফৰ্ণিয়াৰ টাষ্টিনত ডাঙৰ-দীঘল হৈছিল ৪ আৰু টাষ্টিন হাইস্কুলত ভাষণ আৰু বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৫ তেওঁ ক্লেয়াৰমন্ট মেকেনা কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু কলম্বিয়া ল স্কুলৰ পৰা জে.ডি. ডিগ্ৰী লাভ কৰে। ৬

কৰ্মজীৱন

ছুইটে এচেঞ্চাৰত কাম কৰাৰ আগতে তেওঁ ক্ৰেভাথ, শ্বেইন এণ্ড মূৰ নামৰ আইন সংস্থাৰ এটৰ্নী আছিল।৭৮৯ ১৭ বছৰ ধৰি এই প্ৰতিষ্ঠানত কাম কৰিছিল আৰু ১০ বছৰ অংশীদাৰ আছিল।১০১১ ছুইট আছিল এই প্ৰতিষ্ঠানটোৰ অংশীদাৰ হোৱা নৱমগৰাকী মহিলা।৭ তেওঁ বিত্তীয় সাহায্য, একত্ৰীকৰণ আৰু অধিগ্ৰহণ, আৰু সাধাৰণ কৰ্পৰেট অধিবক্তাৰ কাম কৰিছিল।১২

এচেঞ্চাৰ

এচেঞ্চাৰে ২০১০ চনত ছুইটক সাধাৰণ অধিবক্তা হিচাপে নিযুক্তি দিয়ে।৭ ২০১৫ চনত তেওঁ কোম্পানীটোৰ সৰ্ববৃহৎ বজাৰ এচেঞ্চুৰৰ উত্তৰ আমেৰিকা ব্যৱসায়ৰ চিইঅ' হয়।৭ এচেঞ্চাৰত কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই কোম্পানীটোৰ গ্ল’বেল মেনেজমেণ্ট কমিটীত কাৰ্যনিৰ্বাহ কৰিছিল। তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া পিয়েৰ নাণ্টাৰমেৰ সৈতে ছুইটে এচেঞ্চাৰৰ একত্ৰীকৰণ আৰু অধিগ্ৰহণৰ কৌশল প্ৰস্তুত কৰে।১৩

ব'ৰ্ড সেৱা

এচেঞ্চাৰৰ পৰিচালনা সমিতিৰ উপৰিও ছুইট দ্য বিজনেছ কাউন্সিল, বিজনেছ ৰাউণ্ডটেবল আৰু কেটালিষ্টৰ সদস্য আছিল।১৪১৫১৬১৭ তেখেতে চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজ,১৮ ৱৰ্ল্ড ইকনমিক ফ'ৰাম,১৯ আৰু মেৰিয়েট ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপকসকলে স্থাপন কৰা ব্ৰীজছ ফ্ৰম স্কুল টু ৱৰ্কৰ ট্ৰাষ্টী ব'ৰ্ডতো কাৰ্যনিৰ্বাহ কৰি আহিছে।২০২১

ব্যক্তিগত জীৱন

জুলি ছুইটৰ চাড ক্ৰেইটন ছুইটৰ সৈতে বিবাহ হৈছিল,১ আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।২ তেওঁলোকৰ ঘৰ মেৰিলেণ্ডৰ বেথেছডাত।২২২৩

স্বীকৃতি

নিউয়ৰ্ক টাইমছে ২০১৯ চনত ছুইটক "কৰ্পৰেট আমেৰিকাৰ অন্যতম শক্তিশালী মহিলা" বুলি অভিহিত কৰিছিল।৪ ফৰ্চুন আলোচনীয়ে ২০১৬ চনৰ পৰা জুলি ছুইটক তেওঁলোকৰ "সৰ্বাধিক শক্তিশালী মহিলা" তালিকাত অন্তৰ্ভুক্ত কৰিছিল,২৪ আৰু ২০২০ চনৰ বাবে তালিকাত তেওঁক ১ নম্বৰ স্থান দিয়া হৈছিল। ২৫ ফৰ্চুনে লক্ষ্য কৰিছে যে তেওঁ “৫১খন দেশৰ এচেঞ্চুৰৰ ডেৰ লাখতকৈ অধিক কৰ্মচাৰীক মহামাৰীৰ মাজেৰে পৰিচালিত কৰিছিল।” তাৰ পিছত ছুইটক ফৰ্চুনে ২০২১ চনৰ বাবে তালিকাৰ ৩ নং,২৬ আৰু ২০২২ চনৰ বাবে তালিকাৰ ২ নং স্থানত স্থান লাভ কৰে।২৭

২০২৫ চনত ফৰ্বছে (ষষ্ঠ স্থানত) "বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলা"ৰ তালিকাত চুইটক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২৪ চনত সপ্তম, ২০২৩ চনত ১১ নম্বৰ, ২০২২ চনত নৱম আৰু ২০২১ চনত দশম স্থানত আছিল।২৮

২০২৪ চনত এণ্টি-ডিফেমেচন লীগে ছুইটক ২০২৪ চনৰ কৌৰেজ এগেইনষ্ট হেট বঁটা প্ৰদান কৰে।২৯

তথ্যসূত্ৰ

  1. ↑ Jaffee. (2004-10-10). Julie Spellman and Chad Sweet. The New York Times
  2. ↑ Fischer, Peter A.; Igel, Leon. (2024-10-16). Accenture CEO Julie Sweet is an optimist despite global crises. Neue Zürcher Zeitung
  3. ↑ Gill, Kristine. (April 27, 2022). How the best companies to work for are thriving despite the Great Resignation. Fortune
  4. ↑ Gelles. (January 2, 2019). Julie Sweet of Accenture Could See Her Future. So She Quit Her Job.. The New York Times
  5. ↑ The David Rubinstein Show, "Julie Sweet, Accenture Chair & CEO", S6:E28, 6 October 2021, Bloomberg TV, after 11 minutes 30 seconds
  6. ↑ Maake. Accenture taps Arlington-based Julie Sweet as global chief executive. Washington Business Journal
  7. ↑ Gelles. (July 11, 2019). Julie Sweet to Run Accenture, Adding a Woman to the Ranks of Corporate C.E.O.s. The New York Times
  8. ↑ (2019-07-11). Accenture Taps Ex-Cravath Partner As New CEO. Law360
  9. ↑ Gninyomo, Luc. (2023-02-20). Let's Read About Business Woman Julie Terese Sweet. Sheen Magazine
  10. ↑ Abadi. (2019-01-04). The CEO of a consulting firm says if 'you can see your future' at work, you may not be in the right career. Business Insider
  11. ↑ Horswill. (2019-07-12). Julie Sweet named first female CEO of Accenture. CEO Magazine
  12. ↑ (2019-07-15). Accenture names Julie Sweet chief executive officer. Consulting.us
  13. ↑ Prang. Accenture Picks Julie Sweet as Chief Executive. The Wall Street Journal
  14. ↑ Kahn, Jeremy. (January 26, 2022). CEOs of America's biggest companies detail how to achieve 'responsible A.I.'. Fortune
  15. ↑ Julie Sweet. Business Roundtable
  16. ↑ Board of Directors. Catalyst
  17. ↑ Admin. Active Members. The Business Council
  18. ↑ Board of Trustees & Counselors. Center for Strategic and International Studies
  19. ↑ Julie Sweet. World Economic Forum
  20. ↑ (December 9, 2020). The Path Forward: Digital Acceleration with Accenture CEO Julie Sweet. The Washington Post
  21. ↑ Bridges Leadership. Bridges from School to Work
  22. ↑ (7 December 2021). Forbes profile: Julie Sweet. Forbes
  23. ↑ Jaffee, Michelle Koidin. (2004-10-10). Julie Spellman and Chad Sweet. The New York Times
  24. ↑ (2016-08-26). Most Powerful Women: Julie Sweet. Fortune
  25. ↑ Julie Sweet · 2020 Most Powerful Women. Fortune
  26. ↑ Julie Sweet · 2021 Most Powerful Women. Fortune
  27. ↑ Julie Sweet · 2022 Most Powerful Women. Fortune
  28. ↑ The World's Most Powerful Women 2023. Forbes
  29. ↑ Accenture CEO Julie Sweet to Receive ADL's Prestigious 2024 Courage Against Hate Award. www.adl.org

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলি ছুইট” প্ৰবন্ধৰ সংশোধন ৬৩৭১৬৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।