অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুডিথ ৱেব

জুডিথ ৱেব(:Judith Webb) হৈছে ব্ৰিটিছ সেনাবাহিনীৰ এগৰাকী প্ৰাক্তন মেজৰ আৰু পুৰুষ আৰু মহিলাসকলৰ বাবে সমান শাৰীৰিক মানদণ্ডৰ সমৰ্থক। ২০১৩ আৰু ২০১৪ চনৰ বাবে বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান লাভ কৰা এগৰাকী অসাধাৰণ মহিলা।

হালনাগাদ: ৪ এপ্ৰিল ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুডিথ ৱেব(:Judith Webb) হৈছে ব্ৰিটিছ সেনাবাহিনীৰ এগৰাকী প্ৰাক্তন মেজৰ আৰু পুৰুষ আৰু মহিলাসকলৰ বাবে সমান শাৰীৰিক মানদণ্ডৰ সমৰ্থক। ২০১৩ আৰু ২০১৪ চনৰ বাবে বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান লাভ কৰা এগৰাকী অসাধাৰণ মহিলা। তেওঁ ব্ৰিটিছ সেনাবাহিনীত সম্পূৰ্ণৰূপে পুৰুষেৰে গঠিত এখন স্কুৱাড্ৰনৰ নেতৃত্ব লোৱা প্ৰথমগৰাকী মহিলা আছিল।

সেনাবাহিনীৰ কেৰিয়াৰ

ৱেবে ব্ৰিটিছ সেনাৰ ২৮ নং চিগনেল ৰেজিমেণ্টত কৰ্মৰত আছিল। তেওঁ জাৰ্মানী আৰু চাইপ্ৰাছত নিযুক্ত হৈ সেৱা আগবঢ়াইছিল। তেওঁ সম্পূৰ্ণৰূপে পুৰুষেৰে গঠিত এটা স্কুৱাড্ৰনৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা আছিল। ১৯৮৬ চনত সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে।১২৩ ২০১৩ আৰু ২০১৪ চনত তেওঁ যুক্তি দিছিল যে ব্ৰিটিছ সেনাবাহিনীৰ যুদ্ধ-সংশ্লিষ্ট পদাতিক ইউনিটসমূহত মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত একে শাৰীৰিক সক্ষমতাৰ মানদণ্ড পালন কৰা উচিত। তেওঁৰ মতে, নাৰী আৰু পুৰুষ শাৰীৰিকভাৱে বা জৈৱিকভাৱে পৃথক হ’লেও, যদি যুদ্ধ ইউনিটত যোগ দিব লাগে তেন্তে একে মানদণ্ড পূৰণ কৰিব লাগিব। তেওঁ নিয়োগৰ মানদণ্ড সলনি কৰি পুৰুষ আৰু মহিলাৰ বাবে একে সময়তে কঠিনতা হ্ৰাস কৰাৰ বিষয়টো সমালোচনা কৰিছিল। তেওঁৰ মতে, এইটো “লিংগ সমতাৰ প্ৰয়োজনীয়তা পূৰণ” কৰিবলৈ কৰা প্ৰচেষ্টা আছিল। তেওঁ উদাহৰণ হিচাপে আমেৰিকাৰ মেৰিন কৰ্পছত যোগ্যতা লাভ কৰিবলৈ ব্যৰ্থ হোৱা দুগৰাকী মহিলাৰ ঘটনাও উল্লেখ কৰিছিল।১২৩

ব্যক্তিগত জীৱন

ৱেব আৰু তেওঁৰ পৰিয়ালে প্ৰায় ৬০ বছৰ ধৰি ছামাৰচেটৰ ইষ্ট ব্ৰেণ্টৰ ব্যক্তিগত ছোৱালী বিদ্যালয় ৰছহ’লম গাৰ্লছ স্কুল চলাইছিল। ১৯৮৬ চনৰ পৰা ২০০৫ চনলৈকে ৱেবে বিদ্যালয়খন পৰিচালনা কৰিছিল। পিছলৈ তেওঁ বিদ্যালয়খন বন্ধ কৰি দিব লগাত পৰিছিল। কাৰণ এই বিদ্যালয়খন অতি সৰু আছিল আৰু ইয়াক আৰ্থিকভাৱে টিকি থকাকৈ সম্প্ৰসাৰণ কৰিব পৰা নাছিল। পিছত চৌহদটো ছুটীৰ বাসস্থান হিচাপে ব্যৱহাৰৰ বাবে ৰূপান্তৰিত কৰা হৈছিল।৪৫ ৱেবক ২০১৩,৬ আৰু ২০১৪ চনৰ বাবে বিবিচিৰ ১০০ মহিলাৰ অন্যতম হিচাপে তালিকাত অন্তৰ্ভুক্ত কৰা হয়।৭ এই কাৰ্যসূচীৰ জৰিয়তে তেওঁ কেনিয়াৰ জয়ছ আৰুগাক লগ পায়, যিয়ে নাইৰোবিৰ এটা দৰিদ্ৰ অঞ্চলত এখন ডাঙৰ বিদ্যালয় স্থাপন কৰাৰ আশা কৰিছিল। ৱেবে জয়ছ আৰুগাক ৰছহ'লম স্কুলৰ পৰা বাকী থকা স্কুলৰ ইউনিফৰ্ম সমূহ যোগান ধৰিছিল আৰু বিদ্যালয়খনক সহায় কৰিবলৈ ধন সংগ্ৰহ কৰিছিল। এই বিদ্যালয়খনৰ নাম দিয়া হয় ৰছহ’লম এডুকেচন চেণ্টাৰ।৫৮

তথ্যসূত্ৰ

  1. ↑ Morrison, Alex. (9 May 2014). Female soldiers give views on close combat question. BBC News
  2. ↑ (26 January 2013). Retired army officer calls for UK to allow women in combat. BBC News
  3. ↑ Rojas, John-Paul Ford. (24 January 2013). Army 'has dropped fitness standards to allow more women to join'. The Daily Telegraph
  4. ↑ Rossholme. East Brent History Portal
  5. ↑ Norton, Jenny. (20 December 2016). 100 Women: The English girls' school reborn in a Nairobi slum. BBC News
  6. ↑ (22 November 2013). 100 Women: Who took part?. BBC
  7. ↑ (26 October 2014). Who are the 100 Women 2014?. BBC
  8. ↑ Rossholme lives again. Rossholme Country Holidays

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুডিথ ৱেব” প্ৰবন্ধৰ সংশোধন ৫৯৯৯২১ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।