অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিন্তনা কায়েৱকাও

জিন্তনা কায়েৱকাও (Jintana Kaewkao; জন্ম ১৯৬২) থাইলেণ্ডৰ এগৰাকী পৰিৱেশ কৰ্মী। থাইলেণ্ডৰ প্ৰচাউব খিৰি খানৰ উপকূলীয় গাঁও বান ক্ৰুটত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জিন্তনা কায়েৱকাও (Jintana Kaewkao; জন্ম ১৯৬২) থাইলেণ্ডৰ এগৰাকী পৰিৱেশ কৰ্মী। থাইলেণ্ডৰ প্ৰচাউব খিৰি খানৰ উপকূলীয় গাঁও বান ক্ৰুটত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁ পৰিচিত।

প্ৰাথমিক জীৱন

১৯৮২ চনত ২০ বছৰ বয়সত কায়েউকাও বান ক্ৰুটলৈ গুচি যায়। স্থানীয় মানুহ এজনৰ সৈতে তেওঁ বিবাশপাশত আবদ্ধ হয় আৰু সৰু গেলামালৰ দোকান এখন খুলি জীৱন আৰম্ভ কৰে; তেওঁ তিনিটি সন্তানৰ মাতৃ। প্ৰাৰম্ভিক বছৰবোৰত কায়েৱকাও সক্ৰিয়তাৰ বাবে সুপৰিচিত নাছিল যদিও তেওঁ বিৰোধী শক্তিৰ সৈতে‍ আন্দোলনত জড়িত হৈ আছিল।১

ইউনিয়ন পাৱাৰ ডেভেলপমেণ্ট কোম্পানী লিমিটেডৰ সৈতে পাৱাৰপ্লাণ্টৰ সংঘাত

১৯৯৮ চনত ইউনিয়ন পাৱাৰ ডেভেলপমেণ্ট কোম্পানী লিমিটেডে বান ক্ৰুটত কয়লা চালিত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ প্ৰকল্প গঢ়ি তুলিছিল। এই প্ৰকল্পটোৱে আমেৰিকা, হংকং, আৰু জাপানৰ বিদেশী বিনিয়োগকাৰীৰপৰা ধন লাভ কৰিছিল। এই প্ৰকল্পটোৰ জৰিয়তে বান ক্ৰুটত এখন পৰ্যটন ৰিজ’ৰ্ট গঢ়ি তোলাৰ দিহা কৰা হৈছিল, আনহাতে কোম্পানীটোৱে ১০ হাজাৰ নাৰিকল গছ কাটি ১.৪ গিগাৱাট কয়লা শক্তি কেন্দ্ৰ গঢ়ি তুলিব বিচাৰিছিল।২

থাইলেণ্ডৰ বৰ্ধিত বিদ্যুৎ শক্তিৰ চাহিদা পূৰণৰ বাবে এই প্ৰকল্পৰ প্ৰস্তাৱ কৰা হৈছিল। বিশ্লেষকসকলে ব্যাখ্যা কৰিছে যে কয়লাক থাইলেণ্ড চৰকাৰে দেশখনৰ বাবে পৰ্যাপ্ত শক্তি সৃষ্টিৰ উপায় হিচাপে লৈছিল, কিয়নো ইয়াৰ বিকাশৰ লগত খাপ খুৱাবলৈ প্ৰাকৃতিক গেছ নিজাববীয়াকৈ যথেষ্ট নাছিল।১

বিদ্যুৎ কেন্দ্ৰৰ প্ৰতি স্থানীয় সঁহাৰি

এই প্ৰকল্পটোৱে গাঁওবাসীৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল। কিছুমানৰ বাবে কয়লাৰদ্বাৰা চালিত বিদ্যুৎ কেন্দ্ৰটোৱে বিদ্যুৎ বৃদ্ধি কৰাৰ লগতে গাঁৱৰ মানুহৰ বাবে অধিক চাকৰিৰ সৃষ্টি কৰিব। কায়েৱকাওৱে এই প্ৰকল্পটোৱে‍ গাঁৱৰ মানুহৰ স্বাস্থ্য, সাগৰীয় জীৱ, উপকূলীয় প্ৰবাল, পশুধন আৰু শস্যৰ ক্ষতি কৰি তেওঁলোকৰ পৰিৱেশ ধ্বংস কৰিব বুলি‍ ধাৰণা কৰিছিল। বিদ্যুৎ কেন্দ্ৰটোৱে মাছ ধৰাৰ জৰিয়তে জীৱন-যাপন কৰা গাঁওবাসীৰ আয়ৰ উৎসতো প্ৰভাৱ পেলাব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰিছিল।৩

কায়েৱকাওৰ অভিযান

ইউপিডিচিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢি়বলৈ‍ কায়েৱকাওৱে ওচৰৰ গাঁওবোৰলৈ গৈ গাঁৱৰ মানুহক বজাৰত গোটাই লৈ বিদ্যুৎ কেন্দ্ৰটোৰ উন্নয়নৰ বিৰুদ্ধে আৱেদনত স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছিল।৪ ১৯৯৮ চনত প্ৰচাউব খিৰি খানৰ ৰাইজৰ সৈতে মিলি দক্ষিণ ঘাইপথত তেওঁ এক সমদলৰ আয়োজন কৰে। ২০০১ চনত তেওঁ সমৰ্থকক লৈ ইউ পি ডি চিৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়। শ্বেয়াৰহোল্ডাৰ হিচাপে নিজৰ মতামত প্ৰকাশ কৰিবলৈ ইউ পি ডি চিৰ ষ্টকসমূহো তেওঁ ক্ৰয় কৰিছিল।১

কায়েৱকাওৰ আন্দোলনে প্ৰকল্পটোৰ বিকাশত বাধাৰ সৃষ্টি কৰিছিল। ২০০৪ চনত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে। ইউ পি ডি চিৰ বিৰুদ্ধে আদালতত থকা গোচৰত কায়েৱকাও আৰু তেওঁৰ সমৰ্থকসকলে জয়লাভ কৰে।৫ বৰ্তমান প্ৰকল্পটো হ’বলগীয়া ঠাইত পৰিত্যক্ত অট্টালিকা আছে। কায়েৱকাওৱে ভূমিৰ অধিকাৰৰ আলোচনাত আগবাঢ়িল যাতে ভৱিষ্যতে বিদ্যুৎ কেন্দ্ৰ প্ৰকল্পৰপৰা বান ক্ৰুটক সুৰক্ষিত কৰিব পাৰি।২

চৰকাৰী আৰু আইনী সঁহাৰি

২০০০ চনৰ আৰম্ভণিতে কায়েৱকাওক ইউ পি ডি চিয়ে তেওঁৰ সক্ৰিয়তাৰ বাবে আদালতলৈ নিয়ে। ফৌজদাৰী আদালতে গোচৰটো বাদ দিয়াৰ লগে লগে ইউ পি ডি চিয়ে আৱেদন জনায় আৰু কায়েৱকাওক ছমাহৰ কাৰাদণ্ড বিহা হয়, যিটো পাছলৈ চাৰি মাহলৈ হ্ৰাস কৰা হয়। ২০০৫ চনত থাইলেণ্ডৰ উচ্চতম ন্যায়ালয়ে ইউপিডিচিৰ ব্যক্তিগত সম্পত্তিত প্ৰৱেশ কৰাৰ বাবে কায়েৱকাওক দোষী সাব্যস্ত কৰে।৬ চৰকাৰী আৰু কৰ্পৰেট কাৰ্যবাহীসকলৰ বিৰুদ্ধে সক্ৰিয়তাৰ বাবে কায়েৱকাওক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।১

বছৰ বছৰ ধৰি কায়েৱকাও শাৰীৰিক আৰু জীৱন সংকটৰ হিংসাৰ সন্মুখীন হৈছে।৭ ২০০১, ২০০২,৮ ২০০৮ আৰু ২০০৯ চনত তেওঁৰ গাঁৱত বন্দুকধাৰীয়ে আক্ৰমণ কৰে।৩ তাৰ পাছত তেওঁ নিজৰ সন্তানক আত্মীয়ৰ লগত থাকিবলৈ পঠিয়াই দিয়ে।৫

স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

কায়েৱকাওৰ পৰিৱেশ সক্ৰিয়তাই স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বৰ্তমান তেওঁ বো নক আৰু হিন ক্ৰুটৰ প্ৰাকৃতিক সংৰক্ষণ নেটৱৰ্কৰ নেত্ৰী, যিটো এটা সম্প্ৰদায়ভিত্তিক পৰিৱেশ ন্যায় গোট,৫ আৰু তেওঁ বান ক্ৰুট সংৰক্ষণ গোটৰ প্ৰতিষ্থাপক।৩ তেওঁ ফটোগ্ৰাফাৰ লুক ডাগলেবিক তেওঁৰ কাম পৰিৱেশবাদৰ ওপৰত কেন্দ্ৰিত কৰিবলৈ অনুপ্ৰাণিত কৰিছে।৯ এছিয়ান মানৱ অধিকাৰ আয়োগ আৰু গ্ৰীণপিছেও তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিছে।৩

তথ্যসূত্ৰ

  1. ↑ Schatz, Joseph. Thai environmentalists pay for activism with their lives. Al Jazeera America
  2. ↑ EJOLT. Coal power plants in Ban Krut and Bo Nok, Prachuab Khirikhan, Thailand · EJAtlas. Environmental Justice Atlas
  3. ↑ Davidson, Leah. Jintana KaewKao: David Against Goliath – Climate Heroes. Climate Heroes
  4. ↑ Communities vs. Coal: Strategies and Stories from Thailand
  5. ↑ Geographical. On the front lines: female activism in Thailand - Geographical Magazine. Geographical
  6. ↑ The Nation. (2011-10-11). Activist's jail term reduced. The Nation
  7. ↑ Thomas, Madeleine. (2015-04-08). A Thai activist, reformed investment banker, and feminist beer: It's Woman Crush Wednesday. Grist
  8. ↑ Response to Initial Report of THAILAND (CCPR/C/THA/2004/1)
  9. ↑ Tang, Alisa. (2017-01-31). Photographer captures deadly battle for land and environment in Thailand. Reuters

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন্তনা কায়েৱকাও” প্ৰবন্ধৰ সংশোধন ৫৬০৫৮১ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।