অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেৰেনা উইলিয়ামছ

ছেৰেনা জামেকা উইলিয়ামছ (Serena Jameka Williams; জন্ম: ২৬ ছেপ্টেম্বৰ, ১৯৮১) এগৰাকী আমেৰিকাৰ পেছাদাৰী টেনিছ খেলুৱৈ। সৰ্বকালৰ শ্ৰেষ্ঠ টেনিছ খেলুৱৈসকলৰ ভিতৰত বহুলভাৱে বিবেচিত চেৰেনাই মহিলা টেনিছ এছ'চিয়েচনেত (WTA) ৩১৯ সপ্তাহ ধৰি একক শাখাত বিশ্বৰ ১ নম্বৰ স্থান লাভ কৰি আহিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৪৭ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ছেৰেনা জামেকা উইলিয়ামছ (Serena Jameka Williams; জন্ম: ২৬ ছেপ্টেম্বৰ, ১৯৮১) এগৰাকী আমেৰিকাৰ পেছাদাৰী টেনিছ খেলুৱৈ। সৰ্বকালৰ শ্ৰেষ্ঠ টেনিছ খেলুৱৈসকলৰ ভিতৰত বহুলভাৱে বিবেচিত চেৰেনাই মহিলা টেনিছ এছ'চিয়েচনেত (WTA) ৩১৯ সপ্তাহ ধৰি একক শাখাত বিশ্বৰ ১ নম্বৰ স্থান লাভ কৰি আহিছিল। তেওঁ ২৩টা গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰিছিল, যিটো বৰ্তমান যুগৰ খেলুৱৈসকলৰ সৰ্বাধিক আৰু সৰ্বকালৰ ভিতৰত দ্বিতীয় সৰ্বাধিক খিতাপ।

ডাঙৰ ভগ্নী ভেনাছৰ সৈতে ছেৰেনা উইলিয়ামছৰ প্ৰশিক্ষক আছিল পিতৃ ৰিচাৰ্ড উইলিয়ামছ আৰু মাতৃ অৰেচিন প্ৰাইচ। ১৯৯৫ চনত পেছাদাৰী ৰূপত পৰিণত হোৱা ছাৰেণাই ১৯৯৯ চনৰ ইউ এছ অ’পেনত প্ৰথমটো ডাঙৰ একক খিতাপ দখল কৰে। ২০০২ চনৰ ফ্ৰেন্স অ’পেনৰ পৰা ২০০৩ চনৰ অষ্ট্ৰেলিয়ান অ’পেনলৈকে তেওঁৰ আধিপত্য মনকৰিবলগীয়া। চাৰিওটা ডাঙৰ একক খিতাপ (প্ৰতিবাৰেই ফাইনেলত ভেনাছৰ বিৰুদ্ধে) জয় কৰি নন-কেলেণ্ডাৰ বৰ্ষৰ গ্ৰেণ্ড শ্লেম আৰু কেৰিয়াৰৰ গ্ৰেণ্ড শ্লেম লাভ কৰিছিল, যিটো ‘চেৰেনা স্লেম’ নামেৰে জনাজাত হৈ পৰিছিল। পিছৰ কেইবছৰমানৰ ভিতৰত তেওঁ আৰু দুটা চিংগলছ মেজৰ দাবী কৰিছিল যদিও শৰিৰীক আঘাতৰ বাবে খেলৰ অৱনতি ঘটে। ২০০৭ চনৰ পৰাই অৱশ্যে আঘাত অব্যাহত থকাৰ পিছতো ক্ৰমান্বয়ে সুস্থ অৱস্থালৈ ঘূৰি আহি বিশ্বৰ ১ নং একক ৰেংকিং পুনৰ দখল কৰে। ২০১২ চনৰ উইম্বলডন চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ কৰি উইলিয়ামছে আধিপত্যলৈ ঘূৰি আহি অলিম্পিকৰ সোণৰ পদক দখল কৰি একক আৰু ডাবল দুয়োটাতে কেৰিয়াৰৰ গোল্ডেন স্লেম লাভ কৰা প্ৰথমগৰাকী টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হয়।১ তেওঁ তেৰটা একক খেলৰ ভিতৰত আঠটা জিকিছিল, যাৰ ভিতৰত ২০১৪-১৫ বৰ্ষৰ পৰা একেৰাহে চাৰিওটা মেজৰ আছিল আৰু দ্বিতীয়টো "চেৰেনা শ্লেম" অৰ্জন কৰিছিল। ২০১৭ অষ্ট্ৰেলিয়ান অপেনত, তেওঁ ষ্টেফি গ্ৰাফৰ অপেন এৰা ৰেকৰ্ড অতিক্ৰম কৰি তেওঁৰ ২৩তম মুখ্য একক খিতাপ জয় কৰে। তেওঁ তাৰ পিছত গৰ্ভৱতী হোৱাৰ বাৱে পেছাদাৰী টেনিছৰ পৰা বিৰতি লৈছিল আৰু খেলিবলৈ উভতি অহাৰ পিছত চাৰিটা মুখ্য ফাইনেলত উপনীত হৈছিল। আগষ্ট ২০২২-ত, উইলিয়ামছে পেছাদাৰী টেনিছৰ পৰা বিৱৰ্তনৰ ঘোষণা কৰিছিল আৰু ২০২২ ইউ এছ অপেনত তেওঁৰ অন্তিমখন খেল হ'ব বুলি গন্য কৰা হৈছিল।২

উইলিয়ামছে ১৪টা ডাঙৰ মহিলা ডাবলছৰ খিতাপও লাভ কৰে, এই সকলোবোৰ তেওঁৰ ভগ্নী ভেনাছৰ সৈতে আৰু গ্ৰেণ্ড শ্লেম ডাবলছৰ ফাইনেলত এই যুটি অপৰাজিত হৈছিল। ৩ ইয়াৰ ভিতৰত ২০০৯ চনৰ উইম্বলডন চেম্পিয়নশ্বিপ আৰু ২০১০ চনৰ ফ্ৰেন্স অ’পেনৰ মাজত অনুষ্ঠিত হোৱা নন-কেলেণ্ডাৰ বৰ্ষৰ গ্ৰেণ্ড শ্লেম অন্তৰ্ভুক্ত, যিয়ে দুই ভগ্নীৰ যুটক ডাবলছৰ বিশ্বৰ ১ নং ৰেংকিং প্ৰদান কৰে। তেওঁ চাৰিটা অলিম্পিক স্বৰ্ণ পদক লাভ কৰে, তিনিটা মহিলা ডাবলছত—এইটো সৰ্বকালৰ যৌথ অভিলেখ তেওঁৰ ভগ্নীৰ সৈতে ভাগ কৰা।৪ইয়াৰ উপৰিও দুটা ডাঙৰ মিক্সড ডাবলছ খিতাপ লাভ কৰিছে, দুয়োটা খিতাপ ১৯৯৮ চনত।

প্ৰাথমিক জীৱন

উইলিয়ামছ ১৯৮১ চনৰ ২৬ ছেপ্টেম্বৰত মিচিগানৰ চেগিন’ত মাতৃ অৰেচিন প্ৰাইচ আৰু পিতৃ ৰিচাৰ্ড উইলিয়ামছৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। প্ৰাইছৰ পাঁচগৰাকী কন্যাৰ ভিতৰত তেওঁ সৰু: আঢ়ৈ বছৰীয়া ভগ্নী য়েটুণ্ডে, লিণ্ড্ৰিয়া আৰু ইছা প্ৰাইচ আৰু সম্পূৰ্ণ ডাঙৰ ভগ্নী ভেনাছ। তেওঁৰ পিতৃৰ ফালৰ পৰা প্ৰথম পৰিবাৰৰ পৰা সাতগৰাকী ভাই-ভনীও আছিল।৫৬ ল'ৰা-ছোৱালীবোৰ সৰু থাকোঁতে পৰিয়ালটো কেলিফৰ্ণিয়াৰ কম্পটনলৈ গুচি যায় আৰু চাৰি বছৰ বয়সৰ পৰাই তাই টেনিছ খেলিবলৈ আৰম্ভ কৰে।৭{ তেওঁৰ পিতৃয়ে তেওঁক আৰু বায়েক ভেনাছক ঘৰতে পঢ়ুৱাইছিল।৮৯ তেওঁ আৰু পৰৱৰ্তী সময়ত তেওঁৰ মাতৃ তেওঁলোকৰ প্ৰশিক্ষক হৈ থকাৰ বিপৰীতে তেওঁৰ আন প্ৰশিক্ষক সকলৰ ভিতৰত আছিল ৰিচাৰ্ড উইলিয়ামছ। আশ্চৰ্যজনকভাৱে এই প্ৰশিক্ষকৰ নাম আৰু তেওঁৰ দেওতাকৰ নাম একে আছিল। ৰিচাৰ্ড উইলিয়ামছে পৰৱৰ্তী সময়ত দ্য ভেনাছ আৰু চেৰেনা উইলিয়ামছ টেনিছ টিউটৰিয়েল একাডেমী প্ৰতিষ্ঠা কৰিছিল।১০

উইলিয়ামছৰ ভগ্নীসকল বাল্টিমোৰত অনুষ্ঠিত হোৱা পেম শ্ৰিভাৰ অনুষ্ঠানত, ১৯৯৩
উইলিয়ামছৰ ভগ্নীসকল বাল্টিমোৰত অনুষ্ঠিত হোৱা পেম শ্ৰিভাৰ অনুষ্ঠানত, ১৯৯৩ছবি: Kingkongphoto & www.celebrity-photos.com from Laurel Maryland, USA · CC BY-SA 2.0

যেতিয়া উইলিয়ামছনৰ বয়স ন বছৰ আছিল, তেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়ালক কম্পটনৰ পৰা ফ্লৰিডাৰ ৱেষ্ট পাম বীচলৈ স্থানান্তৰিত কৰা হৈছিল[32] যাতে তেওঁ ৰিক মেচিৰ টেনিছ একাডেমীত উপস্থিত থাকিব পাৰে, যিয়ে তেওঁক অতিৰিক্ত প্ৰশিক্ষণ প্ৰদান কৰিছিল। প্ৰশিক্ষণত মেচিয়ে সদায় উইলিয়ামছৰ দেউতাকৰ সৈতে একমত হোৱা নাছিল, কিন্তু সন্মান কৰিছিল যে "তেওঁ তেওঁৰ ছোৱালীবোৰক শিশুৰ দৰে ব্যৱহাৰ কৰিছিল, তেওঁলোকক সৰু ছোৱালী হ'বলৈ অনুমতি দিছিল"। ১১ ৰিচাৰ্ডে তেওঁৰ ছোৱালীসকলক ৰাষ্ট্ৰীয় জুনিয়ৰ টেনিছ টুৰ্ণামেণ্টলৈ পঠোৱা বন্ধ কৰে যেতিয়া উইলিয়ামছৰ বয়স ১০ বছৰ আছিল, কিয়নো তেওঁ বিচাৰিছিল যে তেওঁলোকে "লাহে লাহে" আগবাঢ়ক আৰু বিদ্যালয়ৰ কামত মনোনিবেশ কৰক। বৰ্ণবাদৰ অভিজ্ঞতাইও এই সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, কিয়নো তেওঁ বগা পিতৃ-মাতৃয়ে প্ৰতিযোগিতাৰ সময়ত উইলিয়ামছ ভগ্নীসকলৰ বিষয়ে অপমানজনকভাৱে কোৱা শুনিছিল।১২ ১৯৯৫ চনত যেতিয়া উইলিয়ামছ নৱম শ্ৰেণীত পঢ়ি আছিল, তেতিয়া তেওঁৰ দেউতাকে নিজৰ ছোৱালীকেইজনীক মেচিৰ একাডেমীৰ পৰা উলিয়াই আনি তেওঁলোকৰ ঘৰতে সকলো প্ৰশিক্ষকৰ দায়িত্ব লয়। ২০০০ চনত জুনিয়ৰ চাৰ্কিটত নিয়মীয়াকৈ খেলাৰ স্বাভাৱিক পথ অনুসৰণ কৰিলে তেওঁলোকৰ বাবে অধিক লাভজনক হ'লহেঁতেন নেকি বুলি সোধাত উইলিয়ামছে উত্তৰ দিছিল, "প্ৰত্যেকেই বেলেগ বেলেগ কাম কৰে। মই ভাবো ভেনাছ আৰু মোৰ বাবে আমি মাত্ৰ এটা বেলেগ পথৰ চেষ্টা কৰিলোঁ, আৰু ই আমাৰ বাবে কাম কৰিলে।

তথ্যসূত্ৰ

  1. ↑ Berkok, John (August 4, 2020). "On This Day: Serena completes her Golden Slam at 2012 London Olympics". Tennis.com. Retrieved March 28, 2022
  2. ↑ Streeter, Kurt (August 9, 2022). "Serena Williams Will Retire TennisJust as She Played: On Her Own Terms". The New York Times. Retrieved August 9, 2022
  3. ↑ Neworth, Jack (September 10, 2012). "Almost Serene Serena". 10sballs.com. Archived from the original on May 8, 2013. Retrieved May 30, 2013
  4. ↑ "Venus and Serena Williams win Olympic gold". CBS News. August 5, 2012. Retrieved March 13, 2022
  5. ↑ Edmondson, Jacqueline. (2005). Venus and Serena Williams: A Biography. Greenwood Publishing Group. ISBN 978-0-313-33165-7
  6. ↑ Crosley, Hillary. (May 18, 2013). Intimate Look at the Williams Sisters. The Root
  7. ↑ (June 14, 2013). About Serena – Serena Williams. SerenaWilliams.com
  8. ↑ Morgan 2001, পৃ. 28
  9. ↑ (April 22, 2009). Successful & Famous People that were Homeschooled. sharebradenton.homestead.com
  10. ↑ Williams Tennis Academy Other Richard Williams Kent
  11. ↑ Kaufman, Michelle (April 22, 2007). "Venus, Serena reflect as they prepare for Fed Cup". blackathlete.net. Archived from the original on July 8, 2012. Retrieved April 22, 2009
  12. ↑ Peyser, Marc; Samuels, Allison (August 24, 1998). "Venus And Serena Against The World". Newsweek. Archived from the original on September 3, 2017. Retrieved April 19, 2009

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেৰেনা উইলিয়ামছ” প্ৰবন্ধৰ সংশোধন ৩৮০৯৫০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।