অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেক্সী ক'ৰা

ছেক্সী ক'ৰা (ইংৰাজী: Sexy Cora; জন্মতে: কেৰোলিন এবাৰ্ট, চৰকাৰী নাম: কেৰোলিন ৱাচনিটজা; ২ মে' ১৯৮৭ – ২০ জানুৱাৰী ২০১১) এগৰাকী জাৰ্মান পৰ্ণগ্ৰাফিক অভিনেত্ৰী, মডেল, গায়িকা আৰু ৰিয়েলিটী শ্ব'ৰ অংশগ্ৰহণকাৰী আছিল। তেওঁ টিম ৱাচনিটজাৰ পত্নী আছিল। ক'ৰাৰ জন্ম পশ্চিম বাৰ্লিনত হৈছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছেক্সী ক'ৰা (ইংৰাজী ভাষা: Sexy Cora; জন্মতে: কেৰোলিন এবাৰ্ট,১ চৰকাৰী নাম: কেৰোলিন ৱাচনিটজা; ২ মে' ১৯৮৭ – ২০ জানুৱাৰী ২০১১)২৩ এগৰাকী জাৰ্মান ভাষা পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, মডেল, গায়িকা আৰু ৰিয়েলিটী শ্ব'ৰ অংশগ্ৰহণকাৰী আছিল।৪ তেওঁ টিম ৱাচনিটজাৰ পত্নী আছিল।

ক'ৰাৰ জন্ম পশ্চিম বাৰ্লিনত হৈছিল। তেওঁ বিগ ব্ৰাদাৰ জাৰ্মানীৰ দশম ছিজনৰ অন্যতম অংশগ্ৰহণকাৰী আছিল।৫৬ বিগ ব্ৰাদাৰত অংশ লোৱাৰ পাছত ক'ৰাই "মাই লাভ – লা, লা, লা"৭ আৰু "লাছ আনছ কিকেন (এলেছ ক্লাৰ ৱাণ্ডাৰবাৰ)"৮ নামৰ দুটা সংগীত এলবাম মুক্তি দিছিল।

চিকিৎসা সম্পৰ্কীয় সমস্যা আৰু মৃত্যু

এদিনতে সৰ্বাধিক মুখমৈথুন কৰাৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ চেষ্টা কৰাৰ পিছত ২০০৯ চনত ক'ৰাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেওঁ ২০০ জন পুৰুষৰ সৈতে এই অভিলেখ গঢ়িবলৈ চেষ্টা কৰিছিল যদিও ৭৫ জনতকৈ অধিক কৰিবলৈ সক্ষম হোৱ নাছিল।৬

কেৰোলিন ৱাচনিটজাৰ কবৰৰ ফলক (২০১১ চনৰ ৩০ মে'ত তোলা ফটো)
কেৰোলিন ৱাচনিটজাৰ কবৰৰ ফলক (২০১১ চনৰ ৩০ মে'ত তোলা ফটো)ছবি: Medvedev · CC BY-SA 3.0

২০১১ চনৰ ১১ জানুৱাৰীত হামবাৰ্গৰ এখন প্লাষ্টিক চাৰ্জাৰী ক্লিনিকত স্তন বৃদ্ধিৰ অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে ক'ৰা হৃদৰোগত আক্ৰান্ত হয়। এয়া আছিল তেওঁৰ ষষ্ঠটো তেনেধৰণৰ অস্ত্ৰোপচাৰ।৪ অস্ত্ৰোপচাৰ আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায়, যাৰ ফলত তেওঁৰ ৰক্তচাপ ক্ৰমান্বয়ে কমিবলৈ ধৰে আৰু অংগসমূহৰ কাম বন্ধ হৈ পৰে। ইয়াৰ ফলত তেওঁৰ মগজুৰ গুৰুতৰ ক্ষতি হয়। তেওঁক স্থানীয় এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰি এসপ্তাহৰ বাবে ক'মাত ৰখা হৈছিল। তেওঁৰ স্বামী টিম ৱাচনিটজাই দাবী কৰিছিল যে চিকিৎসকসকলে তেওঁক জনাইছিল যে মগজুৰ ক্ষতিৰ বাবে তেওঁৰ মৃত্যু হ'ব। তেওঁ ২০১১ চনৰ ২০ জানুৱাৰীত মৃত্যু নোহোৱালৈকে ৯ দিন ধৰি তেওঁৰ কাষতে আছিল।৩৬৯

আৰক্ষীয় চিকিৎসালয়খনত সম্ভাব্য চিকিৎসা ত্ৰুটিৰ তদন্ত কৰিছিল।১০ ২১ জানুৱাৰীত ক'ৰাৰ অস্ত্ৰোপচাৰ কৰা দুজন চিকিৎসকৰ বিৰুদ্ধে অসাৱধানতাৰ বাবে হোৱা মানৱ হত্যাৰ গোচৰ ৰুজু কৰা হয়। ক্লিনিকখনৰ এটা বিবৃতিত কোৱা হৈছে যে চিকিৎসকসকল "অত্যন্ত ব্যথিত আৰু ৰোগী চি.ডব্লিউ.ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে" আৰু তেওঁলোকে তদন্তকাৰী কৰ্তৃপক্ষক "পূৰ্ণ সহযোগিতা" আগবঢ়াইছে।২

২০১৩ চনৰ ৫ ফেব্ৰুৱাৰীত ডয়চে প্ৰেছ-এজেন্সীয়ে প্ৰতিবেদন দিছিল যে এগৰাকী ৫৬ বছৰীয়া এনাস্থেটিষ্টক ক'ৰাৰ মৃত্যুত অনিচ্ছাকৃত মানৱ হত্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। ২০১১ চনৰ সেই কছমেটিক চাৰ্জাৰীৰ সময়ত অভিনেত্ৰীগৰাকীয়ে পৰ্যাপ্ত অম্লজান পোৱাটো নিশ্চিত নকৰাৰ বাবে হামবাৰ্গ চিকিৎসালয়ৰ চিকিৎসকজনক ১৫ মাহৰ নিলম্বিত কাৰাদণ্ড বিহা হৈছিল।১১

পুৰস্কাৰ

  • 2010: Venus Award: Best Amateur Actress Germany৬
  • 2010: Erotixxx Award: Best Amateur Actress৬

তথ্যসূত্ৰ

  1. ↑ (2011-01-13). 'Sexy Cora' liegt im Koma: Ein Herzstillstand bei Brust-OP. Hamburger Abendblatt
  2. ↑ (2011-01-21). German doctors charged in porn star's death. CNN
  3. ↑ Munck, Anders. (2011-03-11). Modell dog under bröstförstoring. Aftonbladet
  4. ↑ (2011-01-21). German reality TV star Cora dies after sixth breast op. BBC News
  5. ↑ (2011-01-14). Verfahren gegen Ärzte von 'Sexy Cora' eingeleitet. Die Welt
  6. ↑ Pardon, Rhett. (2011-01-20). German Porn Star Sexy Cora Dies. XBIZ
  7. ↑ My Love (La La La). ZYX Music
  8. ↑ Sexy Cora Albums. AOL Music
  9. ↑ Gernert, Johannes. (2011-01-20). Sexy Cora gab ihr Leben für den Glamour. Stern
  10. ↑ (2011-01-13). Porn star suffers heart attack during breast enlargement. The Local
  11. ↑ (2013-02-06). Doctor convicted in porn star death. The Monitor. Associated Press

সম্পৰ্কিত শ্ৰেণী

জাৰ্মানীৰ ব্যক্তিপৰ্ণষ্টাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেক্সী ক'ৰা” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৩৯ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।