অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছু মিন

ছু মিন (:Su Min, জন্ম ১৯৬৪ ), ৰোড ট্ৰিপ আন্টি নামেৰে পৰিচিত চীনৰ অন্যতম বিশিষ্ট নাৰীবাদী আইকন আৰু প্ৰভাৱশালী মহিলা যাৰ ১৮০,০০০ মাইলতকৈও অধিক দূৰত্বত গাড়ী চলোৱা ভিডিঅ’ ডায়েৰীয়ে মহিলাসকলক শ্বাসৰুদ্ধকৰ বিবাহ আৰু নিৰ্যাতনমূলক সম্পৰ্ক এৰিবলৈ অনুপ্ৰাণিত কৰিছে।

হালনাগাদ: ২ মে’ ২০২৬ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ছু মিন (:Su Min, জন্ম ১৯৬৪ ), ৰোড ট্ৰিপ আন্টি নামেৰে পৰিচিত চীনৰ অন্যতম বিশিষ্ট নাৰীবাদী আইকন আৰু প্ৰভাৱশালী মহিলা যাৰ ১৮০,০০০ মাইলতকৈও অধিক দূৰত্বত গাড়ী চলোৱা ভিডিঅ’ ডায়েৰীয়ে মহিলাসকলক শ্বাসৰুদ্ধকৰ বিবাহ আৰু নিৰ্যাতনমূলক সম্পৰ্ক এৰিবলৈ অনুপ্ৰাণিত কৰিছে।১২

তেওঁৰ কাহিনীক লাইক এ ৰলিং ষ্টোন (出走的决心) নামৰ এখন চিনেমালৈ ৰূপান্তৰিত কৰা হৈছে আৰু ২০২৪ চনত বিবিচিৰ ১০০ উইমেনত তেওঁক প্ৰেৰনাদায়ক মহিলাৰ তালিকাত অন্তভুক্ত কৰিছে।

জীৱনী

১৯৬৪ চনত তিব্বতৰ চাংডু ছিজাং স্বায়ত্তশাসিত অঞ্চলত ছু মিনে জন্মগ্ৰহণ কৰে।৩ তাত তেওঁ ১৯৮২ চনলৈকে বাস কৰে। ইয়াৰ পিছত ছু মিনে জীৱনৰ বেছিভাগ সময় হেনান প্ৰদেশৰ ঝেংজৌত কটায়। ২

বৈবাহিত জীৱন

ছু মিন ২৩ বছৰ বয়সত কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছত ব্লাইণ্ড ডেটৰ জৰিয়তে তেওঁ হ’বলগীয়া স্বামী ডু ঝৌচেঙক লগ পায়। অৱশেষত অতি কমেও তিনিবাৰ লগ পোৱাৰ পিছত ডু ঝৌচেঙৰ সৈতে তেওঁ বিবাহত বহে।৪৩ পিছৰফালে ছুৱে উল্লেখ কৰিছিল যে তেওঁ ডুক বিয়া কৰাইছিল দেউতাকে তাইৰ ওপৰত কৰা শাসনৰ পৰা মুক্ত হবলৈ আৰু তাইৰ গোটেই পৰিয়ালটোৰ পৰা পৰিত্ৰাণ পাবলৈ।৫

বিবাহৰ পিছৰ জীৱন ছুৱে আশা কৰা ধৰণে জীৱনটো সুখী নাছিল। তেওঁৰ স্বামীয়ে নিৰ্যাতন চলাইছিল, আৰু ডৌইনত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ছুক মৰিয়াই আঘাত কৰা বুলি নিজেই স্বীকাৰ কৰিছিল।৫ তাই প্ৰেম ভালপোৱাৰ বাবে বিয়া কৰা নাছিল যদিও আশা কৰিছিল এদিন তেওঁলোকৰ মাজলৈ প্ৰেম আহিব।৩ যিকি নহওক তেওঁলোকৰ মাজলৈ এগৰাকী কন্যা সন্তান অৱশ্যে আহিছিল আৰু কেৱল সেই সন্তানটিৰ কাৰণেই তেওঁ নিৰ্যাতিত বৈবাহিক জীৱন সহ্য কৰি অতিবাহিত কৰিছিল।৩ পিছলৈ তেওঁৰ ছোৱালীজনীয়ে এদিন যমজ সন্তান জন্ম দিলে, ছু আইতাক হ’ল। আইতা হোৱাৰ পিছত ছু মিনে লাহে লাহে মৃদু হতাশাত ভুগিবলৈ ধৰে।৪

ছু মিনৰ মাকে জীয়েকক বিবাহ বিচ্ছেদ কৰাৰ পৰা বিৰত ৰাখিছিল যিয়ে ছুমিনক আশাহত কৰি পেলাইছিল। ছু মিনে পুৰণি জীৱনৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈছিল, এই সিদ্ধান্তক ইন্ধন যোগাইছিল তেওঁৰ দুৰ্বিসহ জীৱনৰ পৰা পলায়নৰ এক অতি প্ৰয়োজনীয়তাই।৬ তাই প্ৰতিশ্ৰুতি দিছিল যে নাতি-নাতিনীক কিণ্ডাৰগাৰ্টেন পোৱালৈকে চোৱা-চিতা কৰাত সহায় কৰিব কিন্তু তাৰ পিছত তাই তাৰ পৰা গুচি যাবই লাগিব।৩

পথৰ জীৱন

জীৱনৰ অধিকাংশ সময় ঝেংজৌত কটোৱা ছু মিনে ২০২০ চনৰ শেষৰফালে নিজৰ বিবাহ আৰু পৰিয়াল এৰি অকলেই গাড়ী চলাই ওলাই যায় — স্বামী, কন্যা আৰু নাতিৰ পৰা “পলায়ন” কৰি।

ছু মিনে হেনানৰ পৰা যাত্ৰা আৰম্ভ কৰি হাজাৰ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি হাইনানলৈ গৈছিল, আৰু চীনৰ ২৩০ খনতকৈও অধিক চহৰ পাৰ হৈ গৈ আছিল।৭তেওঁ পেঞ্চনৰ টকা কেইটাৰৰ ওপৰত মিতব্যয়ীভাৱে জীৱন-যাপন কৰিবলৈ টান পায় ভাবিলে যে ভিডিঅ’ ব্লগ বনালে হয়তো কিছু ধন উপাৰ্জন কৰিব পাৰিব। কিন্তু সেই ভিডিঅ’ ব্লগ বোৰ ভাইৰেল হৈ যাব বুলি তেওঁ কল্পনাও কৰা নাছিল।৩তেওঁৰ ভিডিঅ’বোৰত তেওঁ নিজৰ অতীত জীৱনৰ কথা,বৰ্তমান কি ৰান্ধিছে, পিছলৈ কোন ঠাইলৈ ভ্ৰমণ কৰিব আদি পোৱা যায়। এবাৰ তেওঁ এখন মছলা বজাৰলৈ গৈছিল আৰু জলকীয়াৰ গন্ধ পাইছিল, তেওঁ প্ৰাণভৰি উশাহত সেই গন্ধে লৈছিল কাৰণ ছুৰ বাবে সেই গোন্ধটোৱে "স্বাধীনতাৰ গোন্ধ"ৰ উদগনি আনি দিছিল। কাৰণ তেওঁৰ স্বামীয়ে জ্বলা ভাল নাপায় বাবে ছুৰ গোটেই বিবাহৰ সময়ছোৱাত জ্বলা খাদ্য নিষিদ্ধ আছিল।৩

ছু মিনে উল্লেখ কৰিছে যে তেওঁ প্ৰথমতে ভাবিছিল যে সময় আৰু দূৰত্বৰ লগে লগে তেওঁৰ স্বামীৰ আচৰণ উন্নত হ’ব পাৰে, কিন্তু তেওঁ ঘূৰি অহাৰ পিছতো পুনৰ নিৰ্যাতন চলাই থাকিল। আনকি ছু আঁতৰত থকা সময়ছোৱাত মাত্ৰ দুবাৰহে ফোন কৰিছিল - এবাৰ কাৰণ তেওঁৰ হাইৱে প্ৰৱেশ কাৰ্ড গিৰিয়েকৰ ক্ৰেডিট কাৰ্ডৰ সৈতে বান্ধ খাই আছিল আৰু এবাৰ ৮১ ইউয়ান (£৮.৯১) ঘূৰাই বিচাৰি।৫

তেওঁ ২০২৪ চনত চল্লিশ বছৰৰ বিবাহিত জীৱনৰ পিছত, পৰিয়ালৰ চাপ আৰু সাংস্কৃতিক কলংকৰ বিষয়ে দীঘলীয়া চিন্তা-ভাবনাৰ অন্তত স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ আবেদন কৰে।৮ কিন্তু প্ৰথমতে তেওঁৰ স্বামীয়ে বিচ্ছেদ মানিবলৈ অস্বীকাৰ কৰিছিল।১চীনৰ বিবাহ বিচ্ছেদ আইনখনে প্ৰায়ে আবেদন নাকচ কৰে, দম্পতীক মধ্যস্থতা কৰিবলৈ বাধ্য কৰে যিয়ে মহিলাগৰাকীক অসুবিধা দিয়ে বা যথেষ্ট প্ৰমাণ থাকিলেও ঘৰুৱা হিংসাৰ দাবীক সঘনাই আওকাণ কৰে,৯ আৰু আদালতে সাধাৰণতে মহিলাৰ অধিকাৰৰ বিপৰীতে সামাজিক স্থিতিশীলতাৰ বাবে বিবাহৰ অখণ্ডতাক সুৰক্ষিত কৰে।১ অৱশেষত ছু মিনে স্বামীৰ সৈতে আদালতৰ বাহিৰত আলোচনা কৰি ১,৬০,০০০ ইউৱান (প্ৰায় ২১,৯০০ মার্কিন ডলাৰ) দিবলৈ সন্মতি জনাই। কিন্তু “কুলিং-অফ” সময়সীমাৰ বাবে ২০২৫ চনৰ জানুৱাৰীলৈকে বিবাহ বিচ্ছেদৰ প্ৰমাণপত্ৰ এতিয়াও লাভ কৰা হোৱা নাই।৫ তেওঁ উল্লেখ কৰিছিল যে যদিও এইয়া তেওঁৰ সকলো সঞ্চিত ধন আছিল আৰু তেওঁ দুখ পাইছিল, তথাপিও তেওঁ কৈছিল — “স্বাধীনতা অধিক গুৰুত্বপূৰ্ণ।”১

প্ৰভাৱ

২০২০ চনৰ পৰা কৰা তেওঁৰ পথযাত্ৰাত ১,৮০,০০০ মাইলতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিছে। তেওঁৰ ভিডিঅ’ বোৰে তেওঁক অনলাইনত “লাখ লাখ সমৰ্থক” প্ৰদান কৰিছে আৰু তেওঁক “নিজ নিজ জীৱনত আবদ্ধ অনুভৱ কৰা নাৰীৰ বাবে এগৰাকী নায়িকা” ৰূপে পৰিণত কৰিছে।৩ ১ চীনৰ বাহিৰলৈ কেতিয়াও নোযোৱা সত্ত্বেও, তেওঁ ভৱিষ্যতে চুইজাৰলেণ্ড আৰু পেৰিছ চাবলৈ পৰিকল্পনা কৰিছে।১

তেওঁৰ কাহিনীভিত্তিক এখন ছবি ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি পাইছিল,শিৰোনাম হৈছে, লাইক এ ৰলিং ষ্টোন (出走的决心)।৩ অৱশ্যে ছবিখনে বহু বছৰ ধৰি সহ্য কৰা স্বামীৰ ঘৰুৱা হিংসাৰ ঘটনাবোৰৰ সম্পূৰ্ণ দিশ দেখুৱাব পৰা নাই।১০ ছবিখনত স্বামীৰ ভূমিকাত অভিনয় কৰা অভিনেতাজনে “সংযত” অভিনয় কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল, কিন্তু পৰিচালক য়িন লিচুয়ানে স্বীকাৰ কৰিছিল যে কোনো পুৰুষ অভিনেতাই এনে চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহ দেখুওৱা নাছিল।১০১১ছবিখনে ডুবানত ১০ৰ ভিতৰত ৮.৬ গড় ৰেটিং লাভ কৰি বেছিভাগেই ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰে। ১০ কিছুমান ৱেইবো ব্যৱহাৰকাৰীয়ে তেওঁ পৰিয়াল এৰি ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্তক সমালোচনা কৰি তেওঁক স্বাৰ্থপৰ বুলি ক’লে,১২ তথাপিও ছবিখনে দেশজুৰি এক আলোচনাৰ সূচনা কৰে আৰু বহুতে মন্তব্য কৰে যে এই ছবিখনে তেওঁলোকৰ সমাজক নতুন দৃষ্টিভংগীৰে চাবলৈ প্ৰেৰণা দিছে।১০

২০২৪ চনৰ ডিচেম্বৰ মাহত ছু মিনক বিবিচিৰ BBC-ৰ “ ১০০ মহিলা ” তালিকাত অন্তৰ্ভুক্ত কৰা হয়, য’ত ১০০ গৰাকী অনুপ্ৰেৰণা যোগোৱা মহিলা নাম প্ৰকাশ কৰা হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Wang, Vivian; Dong, Joy. (21 August 2024). China's 'Road Trip Auntie' is Ready for a New Milestone: Divorce. The New York Times
  2. ↑ Influencer. News China
  3. ↑ (4 January 2025). Su Min: The year China's famous road-tripping 'auntie' found freedom. BBC News
  4. ↑ laitimes. (21 September 2024). Su Min's husband: In marriage, all the institutions are calculated, and in the end, everything is empty. laitimes
  5. ↑ (4 January 2025). Su Min: The year China's famous road-tripping 'auntie' found freedom
  6. ↑ News Desk. (4 January 2025). Su Min: A Journey of Self-Discovery on the Open Road - The Global Herald
  7. ↑ My name is Su Min, and "Determination to Run Away" captures the real me
  8. ↑ (30 January 2025). China's 'road-tripping auntie' vows to keep going after divorce comes through
  9. ↑ (26 November 2021). Want a Divorce? In China, Try, Try Again
  10. ↑ (24 September 2024). China's New Hit Film is a Harsh Glimpse into the Lives of 'Aunties'
  11. ↑ (16 September 2024). 专访|《出走的决心》导演尹丽川:女性的困境,隐性而日常
  12. ↑ (18 October 2023). Suddenly understanding how well Hi, Jianwen Li, name is chosen

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছু মিন” প্ৰবন্ধৰ সংশোধন ৬০৩৯৩৪ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।