অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছুজি অৰবাখ

ছুজি অৰবাখ (: Susie Orbach; জন্ম: ৬ নৱেম্বৰ ১৯৪৬) এগৰাকী ব্ৰিটিছ মনোচিকিৎসক, মনোবিশ্লেষক, লেখিকা আৰু সমাজ সমালোচক। তেওঁৰ প্ৰথমখন গ্ৰন্থ ফেট ইজ এ ফেমিনিষ্ট ইছ্যুত মহিলাৰ ডায়েটিং আৰু অতিমাত্ৰা খাদ্য খোৱাৰ মনোবিজ্ঞান বিশ্লেষণ কৰা হৈছে আৰু তেওঁ মহিলাসকলক তেওঁলোকৰ শাৰীৰিক চেহেৰাত অসন্তুষ্ট অনুভৱ কৰিবলৈ…

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ছুজি অৰবাখ (: Susie Orbach; জন্ম: ৬ নৱেম্বৰ ১৯৪৬) এগৰাকী ব্ৰিটিছ মনোচিকিৎসক, মনোবিশ্লেষক, লেখিকা আৰু সমাজ সমালোচক। তেওঁৰ প্ৰথমখন গ্ৰন্থ ফেট ইজ এ ফেমিনিষ্ট ইছ্যুত মহিলাৰ ডায়েটিং আৰু অতিমাত্ৰা খাদ্য খোৱাৰ মনোবিজ্ঞান বিশ্লেষণ কৰা হৈছে আৰু তেওঁ মহিলাসকলক তেওঁলোকৰ শাৰীৰিক চেহেৰাত অসন্তুষ্ট অনুভৱ কৰিবলৈ সংবাদ মাধ্যমে হেঁচা দিয়াৰ বিৰুদ্ধে অভিযান চলাইছে। লেখিকা জিনেট উইণ্টাৰছনৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ২০১৩ আৰু ২০১৪ চনত বিবিচিৰ ১০০ মহিলাৰ তালিকাত অন্তভুক্ত কৰি সন্মানিত কৰা হয়১২ আৰু ২০১৯ চনত ৰয়েল একাডেমী অৱ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হয়।৩ ১৯৯০ চনৰ সময়ছোৱাত তেওঁ ৱেলছৰ ৰাজকুমাৰী ডায়েনাৰ থেৰাপিষ্ট আছিল।৪

পটভুমি

১৯৪৬ চনত লণ্ডনত ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা অৰবাক উত্তৰ লণ্ডনৰ চক ফাৰ্মত ডাঙৰ-দীঘল হৈছিল।৫ তেওঁৰ মাক আছিল এগৰাকী আমেৰিকান শিক্ষয়িত্ৰী আৰু তেওঁৰ পিতৃ ব্ৰিটিছ লেবাৰৰ সাংসদ মৰিছ অৰবাক।৫ তেওঁ নৰ্থ লণ্ডন কলেজিয়েট স্কুলত পঢ়িলৈ বৃত্তি লাভ কৰে।৫৬ ১৫ বছৰ বয়সত বিদ্যালয়ৰ পৰা বহিষ্কাৰ হোৱাৰ পিছতো অৰবাচে স্কুল অৱ স্লাভনিক ষ্টাডিজত ৰাছিয়ান ইতিহাস অধ্যয়ন কৰে যদিও শেষ বৰ্ষত তাৰ পৰা আঁতৰি যায়।৭ তাৰ পিছত তেওঁ আইন অধ্যয়ন কৰিবলৈ নিউয়ৰ্কলৈ যায়, কিন্তু সেই পাঠ্যক্ৰমও সম্পূৰ্ণ নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিৰ ৰিচমণ্ড কলেজত ‘মহিলা অধ্যয়ন’ পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু ১৯৭২ চনত সন্মান সহ বি এ ডিগ্ৰী লাভ কৰে।৭৩০ বছৰ পিছত টাইমছ এডুকেচনেল চাপ্লিমেণ্ট-ত নিজৰ সেই সময়ছোৱা স্মৰণ কৰি তেওঁ কৈছিল যে পাঠ্যক্রমটো সমকালীন ধাৰণা, নাৰীবাদ আৰু ইতিহাস আদি বিষয়ত কেন্দ্ৰীভূত আছিল—যিবোৰ বিষয় তেওঁৰ বাবে একেবাৰে উপযুক্ত আছিল। তেওঁ ইয়াক “এটা বিকল্প বিশ্ববিদ্যালয়” বুলি বৰ্ণনা কৰিছিল।৭পৰৱৰ্তী সময়ত তেওঁ ১৯৭৪ চনত ষ্ট’নি ব্ৰুকত নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা সমাজ কল্যাণত আৰু ২০০১ চনত ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা মনোবিশ্লেষণত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

১৯৭৬ চনত অৰবাচে লুইজ আইচেনবামৰ সৈতে উইমেন থেৰাপি চেণ্টাৰ আৰু ১৯৮১ চনত নিউয়ৰ্কত উইমেন থেৰাপি চেণ্টাৰ ইনষ্টিটিউট নামৰ, প্ৰশিক্ষণ প্ৰতিষ্ঠান গঠন কৰে।

অৰবাক হৈছে কেম্পেইন ফৰ বডি কনফিডেন্সৰ ষ্টিয়াৰিং গ্ৰুপৰ সদস্য।২০১০ চনৰ মাৰ্চ মাহত লিন ফেদাৰষ্টোন আৰু জো ছুইনছনে সহযোগীভাৱে ইয়াক প্ৰতিষ্ঠা কৰিছিল।

বৃত্তি

নিউয়ৰ্কৰ নিউ স্কুল ফৰ ছ’চিয়েল ৰিচাৰ্চৰ অতিথি পণ্ডিত হিচাপে কৰ্মৰত অৰবাকে ১০ বছৰ ধৰি লণ্ডন স্কুল অৱ ইকনমিক্সৰ অতিথি অধ্যাপক হিচাপে কাম কৰি আহিছে। ব্ৰিটেইনৰ ৰিলেচনেল স্কুলৰ অধ্যক্ষ আছিল। শৰীৰৰ বৈচিত্ৰ্যৰ বাবে প্ৰচাৰ চলোৱা সংস্থা এনিবডিৰ আহ্বায়ক অৰবাক। আৱেগিক সাক্ষৰতাৰ বাবে কাম কৰা এন্টিড'টৰ সহ-প্ৰতিষ্ঠাপক৮ আৰু ব'ৰ্ডৰ সদস্য৯। অৰবাক চাইকোথেৰাপিষ্ট আৰু কাউন্সেলাৰ্ছ ফৰ ছ'চিয়েল ৰেচপন্সিবিলিটিৰ সহ-প্ৰতিষ্ঠাপক।১০ তেওঁ বিশ্বজুৰি ব্যাপকভাৱে বক্তৃতা আৰু সম্প্ৰচাৰ কৰে। আৰু বহুতো বাতৰি কাকততে তেওঁৰ জীৱন, কাম আৰু চিন্তাধাৰাৰ ওপৰত বিশেষভাৱে আলোচনা কৰিছে যেনে, দ্য গাৰ্ডিয়ান।১১

মনোচিকিৎসক

লণ্ডনত অৰবাকৰ ক্লিনিকেল প্ৰেকটিছ আছে আৰু ব্যক্তি আৰু দম্পতী উভয়কে পৰামৰ্শমূলক চিকিৎসা দিয়ে।

ব্যক্তিগত জীৱন

ছুজি অৰবাখৰ জোচেফ শ্বৱাৰ্টজৰ সৈতে সম্পৰ্ক আছিল, যিজন তেওঁৰ দুটা সন্তানৰ পিতৃ।৩০ বছৰতকৈ অধিক সময় একেলগে থকাৰ পিছত তেওঁলোকৰ এই সম্পৰ্কৰ অন্ত পৰে।

২০১৫ চনত বিবাহপাশত আবদ্ধ হোৱা লেখিকা জিনেট উইণ্টাৰছনৰ মতে অৰবাচে "নিজকে পষ্ট-হেতেৰচেক্সোৱেল বুলি কয়"।[13] ২০১৯ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।[14]

সাংবাদিকতা

১০ বছৰ ধৰি অৰবাকে দ্য গাৰ্ডিয়ানত ৰাজহুৱা জীৱন আৰু ব্যক্তিগত জীৱনৰ আৱেগৰ ওপৰত এটা নিয়মীয়া শিতান লিখিছিল। এইবোৰ দুটা খণ্ডত সংকলিত কৰা হৈছে: ইয়াত আচলতে কি চলি আছে আৰু আৱেগিক সাক্ষৰতাৰ দিশত। তেওঁ এতিয়াও বিভিন্ন কাকত আৰু আলোচনীত লিখে আৰু বিভিন্ন সামাজিক বিষয়ত সক্ৰিয়ভাৱে অভিযান চলাই আহিছে।

তথ্যসূত্ৰ

  1. ↑ (22 November 2013). 100 Women: Who took part?. BBC
  2. ↑ (2014-10-26). Who are the 100 Women 2014?. BBC News
  3. ↑ (2023-09-01). Orbach, Susie. Royal Society of Literature
  4. ↑ (1999-05-24). Interview: Shrink wrapped: Susie Orbach. The Independent
  5. ↑ (10 January 2002). Susie Orbach: Why fat is still a feminist issue. The Independent
  6. ↑ (1 February 2009). Profile: Susie Orbach – The psychotherapist made famous by Fat Is a Feminist Issue is now analysing the obsession of both sexes with their looks. The Times and Sunday Times Archives. Times Newspapers
  7. ↑ Pamela Coleman, 'My Best Teacher: Susie Orbach', Times Educational Supplement, 28 May 1999, p. 3. Retrieved 16 November 2021
  8. ↑ (n.d.). Our Team. Antidote
  9. ↑ (n.d.). Our Board. Antidote
  10. ↑ (n.d.). Home. Psychotherapists and Counsellors for Social Responsibility
  11. ↑ Aitkenhead, Decca. (11 May 2009). The G2 Interview: Susie Orbach. The Guardian

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুজি অৰবাখ” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৩৮ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।