ছিংগাপুৰ জেনেৰেল হস্পিটেল বা ছিংগাপুৰ সৰ্বজনীন চিকিৎসালয় (SGH) হৈছে এখন শৈক্ষিক প্ৰতিষ্ঠান। ই বুকিত মেৰাহ আৰু ছাইনা টাউন অঞ্চলৰ ওচৰৰ, কেন্দ্ৰীয় এলেকাত অৱস্থিত। ইয়াৰ অৱস্থান আউত্ৰাম সামূহিক চিকিৎসালয় (OCH)-ৰ কাষত। ই নতুনকৈ ৰোগ মুক্ত হোৱা ৰোগীৰ বাবে এটা সামূহিক চিকিৎসালয় আৰু পুনৰ্বাসন চিকিৎসালয় হিচাপে কাম কৰে।১ ইয়াত বহিঃ বিভাগৰ ৰোগীৰ বাবে আউত্ৰম পলিক্লিনিক আছে। এই সকলোবোৰ প্ৰতিষ্ঠান SingHealthদ্বাৰা পৰিচালিত, যি ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনত আছে।
ই ছিংগাপুৰৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি চিকিৎসালয় আৰু দেশখনৰ ৰাষ্ট্ৰীয় চিকিৎসালয় হিচাপে কাৰ্য কৰে। ১৮২১ চনত ইয়াক স্থাপন কৰা হৈছিল।২ পৰৱৰ্তীকালত কেইবাবাৰো চিকিৎসালয়খনৰ প্ৰসাৰণ আৰু সংস্কাৰ কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ About OCH. www.singhealth.com.sg
- ↑ Our Heritage. www.sgh.com.sg
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিংগাপুৰ জেনেৰেল হস্পিটেল” প্ৰবন্ধৰ সংশোধন ৫৪২১৭০ (৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।