অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাবিহা খানুম

ছাবিহা খানুম (উৰ্দু: خانم; জন্ম নাম মুখতাৰ বেগম; ১৬ অক্টোবৰ ১৯৩৫ – ১৩ জুন ২০২০) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁক পাকিস্তানী চলচ্চিত্ৰৰ প্ৰথম মহিলা বুলিও কোৱা হয় আৰু ১৯৫০ আৰু ১৯৬০ দশকত পাকিস্তানী চলচ্চিত্ৰ জগতত তেওঁ অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত আছিল।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ছাবিহা খানুম (উৰ্দু ভাষা: خانم; জন্ম নাম মুখতাৰ বেগম; ১৬ অক্টোবৰ ১৯৩৫ – ১৩ জুন ২০২০) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁক পাকিস্তানী চলচ্চিত্ৰৰ প্ৰথম মহিলা বুলিও কোৱা হয় আৰু ১৯৫০ আৰু ১৯৬০ দশকত পাকিস্তানী চলচ্চিত্ৰ জগতত তেওঁ অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত আছিল। তেওঁ প্ৰাইড অৱ পাৰফৰমেন্স বঁটা আৰু নিগাৰ বঁটা লাভ কৰিছিল। তেওঁ ললিউড চলচ্চিত্ৰত বেলি (১৯৫০)ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল,১২ আৰু পাছলৈ টেলিভিছন নাটকতো অভিনয় কৰিছিল।১

তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ডু আনছু (১৯৫০), ছাছ্সি (১৯৫৪), গুমনাম (১৯৫৪), দুল্লা ভাট্টি (১৯৫৬), ছৰফৰোশ (১৯৫৬), মুখৰা (১৯৫৮) আৰু দেৱৰ ভাবি (১৯৬৭)।৩

তেওঁ বেছিভাগ সময়তে সন্তোষ কুমাৰৰ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু নিজৰ সমগ্ৰ কেৰিয়াৰত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল।৪ ১৯৫০ আৰু ১৯৬০ দশকৰ চলচ্চিত্ৰসমূহত তেওঁলোকৰ অন-স্ক্ৰিন ৰসায়ন বিশেষভাৱে জনপ্ৰিয় হৈছিল, বিশেষকৈ কাতিল (১৯৫৫) চলচ্চিত্ৰখনত একেলগে অভিনয় কৰাৰ পিছত।৫

প্ৰাৰম্ভিক জীৱন

ছাবিহা খানুমৰ জন্ম মুখতাৰ বেগম হিচাপে পঞ্জাব, পাকিস্তানৰ গুজৰাট চহৰৰ ওচৰৰ এখন গাঁৱত হৈছিল। তেওঁৰ দেউতাক মুহাম্মদ আলী (মাহিয়া) দিল্লীৰ বাসিন্দা আছিল আৰু মাতৃ ইকবাল বেগম (বালো) অমৃতসৰৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল।১ তেওঁ নিজৰ দেউতাকৰ লগত থাকিবলৈ লাহোৰলৈ স্থানান্তৰিত হোৱাৰ আগলৈকে দেউতাক-মাকৰ পৰা আঁতৰি দাদা-দেউতাৰ তত্বাৱধানত এখন ৰক্ষণশীল গ্ৰাম্য পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। লাহোৰলৈ যোৱাৰ পিছত তেওঁ মঞ্চত প্ৰথম অভিনয়ৰ সুযোগ লাভ কৰে।১

১৯৪৮ চনত এখন সাংস্কৃতিক প্ৰতিনিধি দল পাকিস্তানৰ শিয়ালকোটত থকা এখন চিনেমা গৃহলৈ গৈছিল। সেই সময়ত ১৯৪৮ চনত মুখতাৰ বেগম (তেতিয়া এগৰাকী কিশোৰী) উক্ত দলটোৰ অংশ হিচাপে পাঞ্জাবী গীত "কিথ্থে গ্যে ইউঁ পৰদেশিয়া ৱে" গাইছিল, যিটো ছাছ্সি পুন্নু চলচ্চিত্ৰৰ গীত আছিল (য’ত বালো আৰু আছলাম অভিনয় কৰিছিল)।১ তেওঁৰ এই প্ৰদৰ্শনক যথেষ্ট প্ৰশংসা কৰা হৈছিল আৰু কিছুদিন পিছত মুহাম্মদ আলীয়ে নিজৰ কন্যাক মঞ্চ নাট্যকাৰ আৰু কবি নাফিছ খালেলীৰ সৈতে পৰিচয় কৰাই দিয়ে। তেওঁৰ দৃঢ় সংকল্প লক্ষ্য কৰি খালেলীয়ে তেওঁক বুত শিকান নাটকত অভিনয়ৰ প্ৰস্তাৱ আগবঢ়ায়, যিটো তেওঁ গ্ৰহণ কৰে। নাফিছ খালেলীয়ে তেওঁক “ছাবিহা খানুম” নামটো দিয়ে।১

তথ্যসূত্ৰ

  1. ↑ Shoaib Ahmed. (15 June 2020). Screen idol Sabiha Khanum passes away in US. Dawn (newspaper)
  2. ↑ (2020-06-14). Sabiha Khanum, the First Lady of Pakistani Cinema, Passes Away. The Wire
  3. ↑ (14 June 2020). اداکارہ صبیحہ خانم انتقال کر گئیں. Voice of America (in Urdu language)
  4. ↑ Agencies. (2020-06-14). Pakistan's legendary film actress Sabiha Khanum passes away. Khaleej Times
  5. ↑ (19 June 2020). ICYMI: Here's the ultimate guide to Sabiha Khanum's best films. Samaa TV News website

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাবিহা খানুম” প্ৰবন্ধৰ সংশোধন ৫৮৪৪৬৮ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।