অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছানা মিৰ

ছানা মিৰ (ইংৰাজী: Sana Mir; জন্ম: ৫ জানুৱাৰী ১৯৮৬) এগৰাকী পাকিস্তানী ক্ৰিকেট মন্তব্যকাৰী আৰু প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে পাকিস্তানৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ ফৰ্মেটত অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছানা মিৰ (ইংৰাজী ভাষা: Sana Mir; জন্ম: ৫ জানুৱাৰী ১৯৮৬) এগৰাকী পাকিস্তানী ক্ৰিকেট মন্তব্যকাৰী আৰু প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে পাকিস্তানৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ ফৰ্মেটত অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ তেওঁ ২২৬ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল,৩ য’ত ১৩৭ খন খেলত তেওঁ দলটোৰ অধিনায়ক আছিল।৪ তেওঁ মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ উইকেট দখল কৰা পাকিস্তানৰ প্ৰথমগৰাকী বলাৰ আছিল।৫ তেওঁ কৰাচী আৰু জাৰাই তাৰাকিয়াটি বেংক লিমিটেডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।৬ তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ হল অৱ ফেমৰ সদস্য।

২০১৮ চনৰ অক্টোবৰ মাহত তেওঁ আইচিচি এদিনীয়া বলাৰৰ ৰেংকিঙত এক নম্বৰ স্থান দখল কৰা প্ৰথমগৰাকী পাকিস্তানী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। তেওঁ ২০১০ আৰু ২০১৪ চনৰ এছিয়ান গেমছত পাকিস্তানক দুটা ধাৰাবাহিক মহিলা ক্ৰিকেট স্বৰ্ণপদক জয় কৰোৱাইছিল।৭৮ তেওঁ ২০০৮ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ কোৱালিফায়াৰত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে ঘোষিত হৈছিল আৰু আইচিচি প্লেয়াৰ ৰেংকিঙত মহিলা এদিনীয়া বলাৰৰ তালিকাত এক নম্বৰ স্থান দখল কৰিছিল।৯ তেওঁ নিজৰ ক্ৰিকেট জীৱনৰ শেষ ন বছৰ আইচিচি ৰেংকিঙৰ শীৰ্ষ ২০ত স্থান লাভ কৰিছিল। তেওঁৰ অধিনায়কত্বকালত পাকিস্তানৰ ৮ গৰাকী খেলুৱৈ আইচিচি ৰেংকিঙৰ শীৰ্ষ ২০ত স্থান লাভ কৰে।

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰৰ সময়ত তেওঁ মহিলা এদিনীয়া ক্ৰিকেটত ১০০ উইকেট দখল কৰা প্ৰথমগৰাকী পাকিস্তান মহিলা হিচাপে পৰিগণিত হয়।১০ ২০১৭ চনৰ জুলাই মাহত তেওঁ ১০০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তানৰ হৈ খেলোৱা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হয়।১১ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ অধিনায়ক পদ ত্যাগ কৰাৰ পিছত বিছমাহ মাৰুফক পাকিস্তান মহিলা এদিনীয়া দলৰ অধিনায়ক নিযুক্ত কৰা হয়।১২

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ পাকিস্তানৰ বাবে ১০০ খন মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সাময়িক বিৰতি লোৱাৰ কথা ঘোষণা কৰে। ২৫ এপ্ৰিল ২০২০ তাৰিখে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।১৩ ২০২২ চনৰ মে' মাহত মিৰে অস্থায়ীভাৱে অৱসৰৰ পৰা ওলাই আহি ২০২২ চনৰ ফেয়াৰব্ৰেক ইনভিটেচনেল টি-২০ ত অধিনায়ক চাউথ ক'ষ্ট চেফায়াৰছৰ দায়িত্ব লয়১৪

তথ্যসূত্ৰ

  1. ↑ The fast bowling larki. Cricinfo
  2. ↑ (Mar 13, 2016). Sana Mir: Pakistan's 'Captain Cool' who leads by example · New Zealand in India 2016 News - Times of India. The Times of India. PTI
  3. ↑ Sana Mir announces retirement. International Cricket Council
  4. ↑ Sana Mir announces retirement. Pakistan Cricket Board
  5. ↑ Leading Ladies: First to 100 ODI wickets from each team. Women's CricZone
  6. ↑ Player Profile: Sana Mir. CricketArchive
  7. ↑ Pakistan Women beat Bangladesh Women by 4 runs (D/L) - Bangladesh Women vs Pakistan Women, Asian Games Women's Cricket Competition 2014, Final Match Summary, Report. ESPN.com
  8. ↑ Sana retains captaincy, Retrieved 25 August 2010
  9. ↑ Reliance Mobile Rankings: Women's ODI Bowlers, Retrieved 25 August 2010
  10. ↑ Mir looks at big picture after 1000-100 double. International Cricket Council
  11. ↑ (9 July 2017). Sana Mir becomes first Pakistani women cricketer to play 100 ODIs. The Nation
  12. ↑ (11 June 2018). Sana Mir: Walking into the fire. DAWN
  13. ↑ Sana Mir retires from international cricket. ESPN Cricinfo
  14. ↑ FairBreak-bound Sana Mir excited to share stage alongside 'great group of people'. ESPN Cricinfo

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানী মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছানা মিৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৮১৪ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।