অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰণ মকছুদ বালুচ

কিৰণ মকছুদ বালুচ (:Kiran Maqsood Baluch; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী প্ৰাক্তন পাকিস্তানী মহিলা ক্ৰিকেটাৰ। তেওঁ অল-ৰাউণ্ডাৰ হিচাপে খেলিছিল,আৰু সোঁহাতেৰে বেটিং আৰু বলিং দুয়োটাতে সমানে পাৰদৰ্শিতা দেখুৱাইছিল। পাকিস্তানৰ হৈ তিনিখন টেষ্ট মেচ আৰু ৪০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কিৰণ মকছুদ বালুচ (:Kiran Maqsood Baluch; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী প্ৰাক্তন পাকিস্তানী মহিলা ক্ৰিকেটাৰ। তেওঁ অল-ৰাউণ্ডাৰ হিচাপে খেলিছিল,আৰু সোঁহাতেৰে বেটিং আৰু বলিং দুয়োটাতে সমানে পাৰদৰ্শিতা দেখুৱাইছিল। পাকিস্তানৰ হৈ তিনিখন টেষ্ট মেচ আৰু ৪০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল।১ ২০০৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৪২ ৰান সংগ্ৰহ কৰি মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক স্ক'ৰৰ অভিলেখ গঢ়িছিল।২ তেওঁ কৰাচীৰ হৈ ঘৰুৱা মহিলা ক্ৰিকেট দলত খেলিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু ক্ৰিকেটৰ সৈতে পৰিচয়

কিৰণ বালুচ পৰিয়ালৰ জেষ্ঠ সন্তান আছিল। তেওঁৰ পিতৃ এজন পেছাদাৰী ক্ৰিকেটাৰ আছিল যিয়ে কোৱাইড-ই-আজম ট্ৰফীৰ দৰে প্ৰতিযোগিতাত আৰু পাকিস্তান টেলিভিছন আৰু পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ দৰে দলৰ হৈ খেলিছিল। এনে পৰিবেশত ডাঙৰ হোৱা বাবেই কিৰনে অতি কম বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ প্ৰেৰণা পাইছিল। সৰুতে তেওঁ বাস্কেটবল আৰু বেডমিণ্টন আদিও খেলিছিল কাৰণ সেই সময়ত স্কুলত মহিলাসকলৰ বাবে ক্ৰিকেট খেলাৰ সুবিধা নাছিল। দেউতাকে কিৰণক বলিং শিকাইছিল আৰু কিৰণে নিয়মিতভাৱে দেউতাক আৰু সৰু ভায়েকৰ সৈতে ক্ৰিকটৰ অণুশীলন কৰিছিল।৪

জাতীয় দলত প্ৰৱেশ

১৯৯৬ চনৰ অক্টোবৰ মাহত শ্বাইজা খানৰ নেতৃত্বত পাকিস্তান মহিলা ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাই অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিবলৈ লোৱা দল এটা গঢ়ি তুলিবলৈ পৰীক্ষামূলকভাৱে খেলুৱৈৰ সন্ধানত নামিছিল। কিৰণ বালুচক শ্বাইজা খানে দলটোত অংশ গ্ৰহণ কৰিবলৈ যোগাযোগ কৰিছিল।৪ ১৯৯৭ চনলৈকে বালুচে কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাছিল। তেওঁৰ প্ৰথমখন উল্লেখযোগ্য প্ৰতিযোগিতা আছিল পাকিস্তানত বাৰ্ষিক ঘৰুৱা প্ৰতিযোগিতা ফাতিমা জিন্না ট্ৰফী। ইয়াৰ পিছত ১৯৯৭ চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰা ৰাষ্ট্ৰীয় দলত তেওঁক তিনিখন এদিনীয়া আৰু কেইখনমান ঘৰুৱা খেল খেলিবলৈ নিৰ্বাচিত কৰা হৈছিল।৪ ১৯৯৭ চনৰ জানুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন এদিনীয়া মেচত বালুচে পাকিস্তান মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল। সেইখন খেলত ৫৬ ৰানত পাকিস্তানৰ সকলো উইকেট আউট হৈছিল, আৰু সেই একেখন খেলতে বালুচে ১৯ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰিছিল। পাকিস্তানে খেলখনত ১০ উইকেটত পৰাস্ত হয়।৫ পিছৰ খেলখনত কিৰণ বালুচে একৰান ও নকৰাকৈ বাহিৰ হৈছিল। তাৰ পিছৰ ছিৰিজ' অষ্ট্ৰেলিয়া আৰু ভাৰতত তেওঁৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছিল। শৃংখলাৰ সেই সময়ছোৱাত ভাৰতত ডেনমাৰ্কৰ বিৰুদ্ধে খেলা এখন মেচত তেওঁ ১৩ ৰানত ২টা উইকেট দখল কৰে, যিটো তেওঁৰ এদিনীয়া বলিঙৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈয়ে আছে।৬

ইয়াৰ পিছত ১৯৯৮ চনত শ্ৰীলংকা ভ্ৰমণ কৰা টেষ্ট দলৰ বাবে বালুচক নিৰ্বাচিত কৰা হয়। পাকিস্তান মহিলা ক্ৰিকেট দলটোৱে শৃংখলাত প্ৰথমখন টেষ্ট মেচ খেলে। প্ৰথমখন টেষ্ট মেচত খেলি বালুচে প্ৰথম ইনিংছত ৭৬ ৰান সংগ্ৰহ কৰি নিজৰ দলৰ হৈ শীৰ্ষস্থান দখল কৰে। কিন্তু আয়োজক দলটোৱে ৩০৯ ৰানত জয়লাভ কৰে।৭ ২০০০ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁৰ পৰৱৰ্তী মেচত একৰান ও নকৰাকৈ আউট হৈছিল। ইয়াৰ পিছত দলটোৱে ২০০৪ চনত ঘৰুৱা শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল। শৃংখলাৰ একমাত্ৰ টেষ্ট মেচখনৰ প্ৰথম ইনিংছত কিৰণ বালুচে ব্যত্তিগত ২৪২ ৰান সংগ্ৰহ কৰিছিল। যিটো ২০২১ চনলৈকে মহিলা টেষ্ট ক্ৰিকেটত এগৰাকী খেলুৱৈৰ ব্যক্তিগত সৰ্বাধিক স্ক'ৰ বুলি উল্লেখিত হৈ আছে।৮৯ মেচখনৰ তৃতীয় ইনিংছত ৪১ ৰানত ২টা উইকেট দখল কৰি তেওঁ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ টেষ্ট বলিং প্ৰদৰ্শন অৰ্জন কৰে। ১০

টোকা

কিৰণ বালুচে ভাৰতৰ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ পূৰ্বৰ ২১৪ ৰাণৰ অভিলেখ অতিক্ৰম কৰে।১১

তথ্যসূত্ৰ

  1. ↑ Player Profile: Kiran Baluch. ESPNcricinfo
  2. ↑ (2004-03-17). Kiran hits world record 242 n.o. DAWN.COM
  3. ↑ Player Profile: Kiran Baluch. CricketArchive
  4. ↑ Samiuddin, Osman. (8 May 2004). Pakistan's record-breaking lady. ESPNcricinfo
  5. ↑ (Retrieved 31 December 2014.). "Pakistan Women in New Zealand Women's ODI Series – 1st Women's ODI".. ESPNcricinfo
  6. ↑ Statistics / Statsguru / Kiran Baluch / Women's One-Day Internationals. ESPNcricinfo
  7. ↑ Pakistan Women in Sri Lanka Women's Test Match. ESPNcricinfo
  8. ↑ Wisden Cricinfo staff. Pakistan draw despite heroics from Baluch and Shaiza. ESPNcricinfo
  9. ↑ Records / Women's Test matches / Batting records / Most runs in an innings. ESPNcricinfo
  10. ↑ Statistics / Statsguru / Kiran Baluch / Women's Test matches / all-round analysis. ESPNcricinfo
  11. ↑ Records / Women's Test matches / Batting records / Most runs in an innings. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

খেলুৱৈপাকিস্তানী মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ মকছুদ বালুচ” প্ৰবন্ধৰ সংশোধন ৫৭০১৬৬ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।