পাকিস্তানী মহিলা ক্ৰিকেটাৰ
৪ প্ৰবন্ধ
-
কাইনাত ইমতিয়াজ
কাইনাত ইমতিয়াজ (উৰ্দু: کائنات امتیاز; জন্ম: ২১ জুন ১৯৯২) এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ যিয়ে পাকিস্তান মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ অল-ৰাউণ্ডাৰ হিচাপে খেলে। তেওঁ সোঁহাতেৰে বেটিং কৰে আৰু সোঁহাতৰ মধ্যম-দ্ৰুত বলিং কৰে।
-
কিৰণ মকছুদ বালুচ
কিৰণ মকছুদ বালুচ (:Kiran Maqsood Baluch; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী প্ৰাক্তন পাকিস্তানী মহিলা ক্ৰিকেটাৰ। তেওঁ অল-ৰাউণ্ডাৰ হিচাপে খেলিছিল,আৰু সোঁহাতেৰে বেটিং আৰু বলিং দুয়োটাতে সমানে পাৰদৰ্শিতা দেখুৱাইছিল। পাকিস্তানৰ হৈ তিনিখন টেষ্ট মেচ আৰু ৪০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল।
-
ছানা মিৰ
ছানা মিৰ (ইংৰাজী: Sana Mir; জন্ম: ৫ জানুৱাৰী ১৯৮৬) এগৰাকী পাকিস্তানী ক্ৰিকেট মন্তব্যকাৰী আৰু প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে পাকিস্তানৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ ফৰ্মেটত অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নিদা দাৰ
নিদা দাৰ এগৰাকী পাকিস্তানৰ মহিলা ক্ৰিকেটাৰ। নিদা দাৰ এগৰাকী সোঁহাতীয়া বেটাৰ আৰু সোঁ-হাতৰ অফ ব্ৰেক বলাৰ। ২০২৩ চনৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে তেওঁ পাকিস্তান মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে আছে। এগৰাকী অলৰাউণ্ডাৰ হিচাপে ডাৰ হৈছে মহিলাৰ আটাইতকৈ সফল টি-২০ বলাৰ।