চেভেন ছ'চিয়েল চিনছ্ বা সাত সামাজিক পাপ (Seven Social Sins) হৈছে ফ্ৰেডেৰিক লুইছ ড'নাল্ডছনৰ এখন তালিকা যিখন মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯২৫ চনৰ ২২ অক্টোবৰত তেওঁৰ সাপ্তাহিক কাকত ইয়ং ইণ্ডিয়াত প্ৰকাশ কৰিছিল।১ পিছলৈ তেওঁ এই একেখন তালিকা তেওঁৰ হত্যাৰ কিছু সময় পূৰ্বে তেওঁৰ নাতি অৰুণ গান্ধীক লিখিত আকাৰে দিছিল।২ এই তালিকা অনুসৰি সাত পাপ হ'ল-
- কাম অবিহনে ধন।
- বিবেক অবিহনে আনন্দ।
- চৰিত্ৰহীন জ্ঞান।
- নৈতিকতা অবিহনে বাণিজ্য।
- মানৱতা অবিহনে বিজ্ঞান।
- ত্যাগৰ অবিহনে ধৰ্ম।
- নীতিবিহীন ৰাজনীতি।
তথ্যসূত্ৰ
- ↑ The Collected Works of Mahatma Gandhi (electronic edition), Vol. 33, pp. 133-134
- ↑ Gandhi's "Seven Blunders of the World" That Lead to Violence . . . Plus 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেভেন ছ'চিয়েল চিনছ্” প্ৰবন্ধৰ সংশোধন ৩৮৮৫৪৫ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।