চুতিমন চুয়েংচাৰোএনচুকয়িং (থাই: ชุติมณฑน์ จึงเจริญสุขยิ่ง, ইংৰাজী: Chutimon Chuengcharoensukying; জন্ম ২ ফেব্ৰুৱাৰী ১৯৯৬), ডাকনাম আওকবাব (ออกแบบ), এগৰাকী থাই মডেল আৰু অভিনেত্ৰী। তেওঁ ২০১৭ চনৰ চলচ্চিত্ৰ বেড জিনিয়াচত লিনৰ ভূমিকাৰ বাবে প্ৰসিদ্ধ। ২০২৪ চনত, তেওঁ হাংগাৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে আন্তৰ্জাতিক এমি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চুতিমন ১৯৯৬ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে বেংকক, থাইলেণ্ডত জন্মগ্ৰহণ কৰে। তেওঁ এজন থাই-চীনা পৰিয়ালৰ সদস্য। তেওঁৰ চীনা পৰিয়ালিক উপনাম ঝুআং (莊)। তেওঁ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ত সুন্দৰ আৰু প্ৰয়োগিক কলা অধ্যয়ন কৰে।২ তেওঁৰ ডাকনাম "আওকবাব", যাৰ অৰ্থ থাই ভাষাত 'ডিজাইন'।৩
কেৰিয়াৰ
চুতিমনে ১৫ বছৰ বয়সতে মডেলিঙৰ জগতে প্ৰৱেশ কৰে। তেওঁ প্ৰথমগৰাকী থাই মডেল যাক হাৰ্পাৰচ্ বজাৰ ইউ.কে.ত ২০১৩ চনৰ অক্টোবৰত "এ শ্বেডো ক'ব এ জেড এম্পেয়াৰ" শীৰ্ষক ফেচন ফটোশ্যুটত স্থান দিয়া হয়।৪ লগতে, তেওঁ "আনফ্ৰেইণ্ড" (হেলমেটহেডচ্) আৰু "পাঝোনপাই" (মিচেছ স্লেভ) গানৰ মিউজিক ভিডিঅ'ত অংশ গ্ৰহণ কৰে। এছ এছ নৱাপোল থাম্ৰংগ্ৰত্তনাৰিটৰ "থেংক ইউ ফ'ৰ শ্বেয়াৰিং" চুটি চলচ্চিত্ৰতো অভিনয় কৰে।৫ ২০১৭ চনত বেড জিনিয়াচ চলচ্চিত্ৰত "লিন"ৰ ভূমিকাত অভিনয় কৰি তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে। এই চলচ্চিত্ৰৰ বাবে তেওঁ ১৬তম নিউ ইয়ৰ্ক এছিয়ান চলচ্চিত্ৰ মহোৎসৱত স্ক্ৰীণ ইণ্টাৰনেশ্যনেল ৰাইজিং ষ্টাৰ এছিয়া বঁটা লাভ কৰা প্ৰথমগৰাকী থাই অভিনেত্ৰী হয়।৬
চলচ্চিত্ৰগ্ৰাফি
চলচ্চিত্ৰ
| বছৰ | শিৰোনাম | ভূমিকা | টোকা |
|---|---|---|---|
| ২০১৬ | থেংক ইউ ফৰ শেয়াৰিং | জুক চানী | চুটি চলচ্চিত্ৰ |
| ২০১৭ | বেড জিনিয়াছ | লিন | |
| ডাই টুম’ৰো | চম | ||
| ২০১৮ | ৱি উইল নট ডাই টুনাইট | গ্ৰেছ | |
| ২০১৯ | হেপি অল্ড ইয়েৰ | জিন | |
| ২০২১ | ৱান ফৰ দ্য ৰোড | নুনা | |
| লভ ষ্ট'ৰি | চিয়াও লিন | ||
| ২০২২ | ফেচচ অফ এন | এন | |
| ২০২৩ | হাংগাৰ৭ | আয় | |
| ই-চাৰ্ণ জম্বি | টোনন |
দূৰদৰ্শন শৃংখলা
| বছৰ | শিৰোনাম | ভূমিকা | টিভি নেটৱাৰ্ক |
|---|---|---|---|
| ২০১৭ | লভ বুকছ লভ চিৰিজ: ডাৰ্ক ফেৰী টেল | গৰিয়া | GMM25 |
| ২০১৮ | মুয়াং ময়া লাইভ দ্য চিৰিজ: মায়ালভ অনলাইন | খেম খানিতা কুনাফিপাত | ONE 31 |
| ২০১৯ | চ্লিপলেছ ছ’চাইটি: খুন ফান লুয়াং | আয়া | |
| ২০২২ | বেড ৰোমিঅ | লিটা৮ | Channel 3 |
| ২০২৩ | DELETE | অৰ্ণ | নেটফ্লিক্স |
| ডেয়াৰডেভিল ট্ৰেজাৰ হাণ্টাৰ (绝地勘宝师) | চুৱে লি |
বঁটা আৰু মনোনয়ন
| বছৰ | বঁটা | শ্ৰেণী | মনোনীত কৰ্ম | ফলাফল | Ref. |
|---|---|---|---|---|---|
| ২০১৭ | ১৬তম নিউ ইয়ৰ্ক এছিয়ান ফিল্ম ফেষ্টিভেল | স্ক্ৰীণ ইণ্টাৰনেচনেল ৰাইজিং ষ্টাৰ এছিয়া এৱাৰ্ড | বেড জিনিয়াছ | ||
| ৩তম মায়া এৱাৰ্ডছ | সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (চলচ্চিত্ৰ) | ৯ |
তথ্যসূত্ৰ
- ↑ Nominees – International Academy of Television Arts & Sciences
- ↑ Chutimon Aokbab Chuengcharoensukying - Biography - herinterest.com/. www.herinterest.com
- ↑ Chula student-cum-actress Wins Rising Star Asia Award. chula.ac.th
- ↑ Finlay, Leslie. (18 March 2018). Thailand's 10 Biggest Actresses. Culture Trip
- ↑ CatDumb. মাৰু জানো "আওকবাব" চুতিমন, "Bad Genius" অভিনেত্ৰী. www.catdumb.com
- ↑ Chutimon Chuengcharoensukying wins Screen Rising Star Asia Award
- ↑ Frater, Patrick. (1 February 2023). Thai Food and Feuds on the Menu as Netflix Serves up ‘Hunger’ Drama Film- First Look Images (EXCLUSIVE)
- ↑ ออกแบบ" ร่วมแสดง "คือเธอ" ละครใหม่ที่ "มาริโอ้-ญาญ่า" รับบทนำ. sanook
- ↑ (9 August 2017). সৰুপ ফলাফল "মায়া এৱাৰ্ড ২০১৭". daradaily
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুতিমন চুয়েংচাৰোএনচুকয়িং” প্ৰবন্ধৰ সংশোধন ৫২৯৪৫৭ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।