থাই অভিনেত্ৰী
১২ প্ৰবন্ধ
-
লিচা
ললিচা মনোবাল (থাই: ลลิษา มโนบาล; জন্ম পৰাণপৰীয়া মনোবাল, থাই: ปราณปรียา มโนบาล; ২৭ মাৰ্চ, ১৯৯৭), লিচা, কোৰিয়ান: 리사 নামেৰে জনাজাত) এগৰাকী থাই ৰেপাৰ, গায়িকা, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেন্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল।
-
অনিপৰ্ণ চেলাৰ্মবুৰণাৱোং
অনিপৰ্ণ চেলাৰ্মবুৰণাৱোং (থাই: อนิพรณ์ เฉลิมบูรณะวงศ์; ৰোমান লিপি: Aniphon Chaloemburanawong; জন্ম ১৯ মাৰ্চ ১৯৯৪) এগৰাকী থাই অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজেতা। তেওঁ মিছ ইউনিভাৰ্চ থাইলেণ্ড ২০১৫ বিজয়ী হয়।
-
আমাণ্ডা অ'বডাম
আমাণ্ডা শাৰ্লিন অ’বডাম (থাই: อแมนดา ชาร์ลีน ออบดัม}}; জন্ম ১৭ জুন ১৯৯৩) এগৰাকী থাই-কানাডিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২০ খিতাপ লাভ কৰে।
-
উৰাছায়া স্পাৰবুন্ড
উৰাছায়া স্পাৰবুণ্ড (জন্ম: ১৮ মাৰ্চ ১৯৯৩, সাধাৰণতে ইয়ায়া বুলি জনা যায়) এগৰাকী থাই অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে দুটা সুপান্নাহং ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, টিভি গোল্ড এৱাৰ্ড, নাটাৰাজ বঁটা আৰু তিনিটা মেখালা বঁটা।
-
কেচাৰিন চাইচালামপল
কেচাৰিন চাইচালামপল (থাই: เกศรินทร์ ชัยเฉลิมพล; Ketsarin Chaichaloemphon) এগৰাকী থাই প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে বহুতো ছদ্মনামেৰে অভিনয় কৰিছে। বিশেষকৈ নং নাট (น้องแนท; Nong Naet) আৰু নাট চানাপা (แนท ชนาภา; Naet Chanapha) নামেৰে জনাজাত। তেওঁৰ আট-ন বছৰ বয়সত পিতৃৰ মৃত্যু হয়।
-
চিণ্ডী বিচপ
চিণ্ডী বাৰ্ব্ৰিজ (জন্ম ৩০ ডিচেম্বৰ ১৯৭৮) বা ছিৰিনিয়া বাৰ্ব্ৰিজ (থাই: สิรินยา เบอร์บริดจ์), চিণ্ডী বিচপ নামেৰে অধিক পৰিচিত, এগৰাকী থাই মডেল, অভিনেত্ৰী, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ উপাধিধাৰী, কৰ্মী আৰু অপেশাদাৰী শিল্পী।
-
চুতিমন চুয়েংচাৰোএনচুকয়িং
চুতিমন চুয়েংচাৰোএনচুকয়িং (থাই: ชุติมณฑน์ จึงเจริญสุขยิ่ง, ইংৰাজী: Chutimon Chuengcharoensukying; জন্ম ২ ফেব্ৰুৱাৰী ১৯৯৬), ডাকনাম আওকবাব (ออกแบบ), এগৰাকী থাই মডেল আৰু অভিনেত্ৰী। তেওঁ ২০১৭ চনৰ চলচ্চিত্ৰ বেড জিনিয়াচত লিনৰ ভূমিকাৰ বাবে প্ৰসিদ্ধ।
-
টাটা ইয়ং
আমিতা মাৰি "টাটা" ইয়ং (อมิตา มารี "ทาทา" ยัง; জন্ম ১৪ ডিচেম্বৰ ১৯৮০) থাইলেণ্ডৰ এগৰাকী বিখ্যাত গায়িকা, অভিনেত্ৰী আৰু মডেল। ১১ বছৰৰ বয়সত এটা ৰাষ্ট্ৰীয় গায়ক-প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰাৰ পাছত তেওঁ থাইলেণ্ডত ব্যাপক খ্যাতি অৰ্জন কৰে।
-
তনতাৱান তান্তিৱেজাকুল
তনতাৱান তান্তিৱেজাকুল (থাই: ต้นตะวัน ตันติเวชกุล; জন্ম ৭ নৱেম্বৰ ২০০০), গৃহনাম টু (ตู)) এগৰাকী থাই অভিনেত্ৰী আৰু মডেল। তেওঁ GMMTV-ৰ অধীনত চুক্তিবদ্ধ শিল্পী। ২০২১ চনত তেওঁ F4 Thailand: Boys Over Flowers ধাৰাবাহিকত গোৰ্যা চৰিত্ৰত অভিনয় কৰি বহুল পৰিচিতি লাভ কৰে।
-
প্লয়নিৰা হিৰুন্তভিছিন
প্লয়নিৰা হিৰুন্তভিছিন (থাই: พลอยนิรา หิรัญทวีศิลป์; জন্ম ২৯ অক্টোবৰ ১৯৯৪), পূৰ্বতে ফাটচৰা টুবথং (থাই: พัชรา ทับทอง), ডাকনাম কাপুক (থাই: กระปุก), এগৰাকী থাই অভিনেত্ৰী।
-
ফান্সা ৱছবিয়েন
ফান্সা ৱছবিয়েন (থাই: พรรษา วอสเบียน; ইংৰাজী: Pansa Vosbein; জন্ম: ৩১ জুলাই ১৯৯৬), ডাকনাম মিল্ক (มิ้ลค์), এগৰাকী থাই অভিনেত্ৰী আৰু GMMTV-ৰ অধীনত কাম কৰে। তেওঁ বেড বাড্ডি (২০২১), ২৩.৫ (২০২৪) আৰু হোৱেল ষ্ট’ৰ এক্সঅক্সঅ (২০২৫) ধাৰাবাহিকত স্যাফিক চৰিত্ৰত অভিনয় কৰি বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে।
-
ৱানৱিমোল জেনাছাৱমেথি
ৱানৱিমোল জেনাছাৱমেথি (থাই: วรรณวิมล เจนอัศวเมธี; জন্ম ১৯ এপ্ৰিল ২০০০), ডাকনাম জুন (จูน), এগৰাকী থাই অভিনেত্ৰী। তেওঁ টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট (২০২০), এফ ফোৰ থাইলেণ্ড° বয়েজ অ’ভাৰ ফ্লাৱাৰ্ছ (২০২১) আৰু ২৩.৫ (২০২৪) ধাৰাবাহিকত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত।