অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

চুংগী (খেল)

চুংগী (নেপালী: चुङ्गि) নেপাল আৰু উত্তৰ-পূব ভাৰতৰ শিশুসকলে খেলা এক পৰম্পৰাগত খেল। খেলটোৰ ধৰণ আৰু সজ্জা হেকি ছেকৰ দৰেই খেলা হয়। ৰবৰৰ বেণ্ডৰ মাজত এটা দল বান্ধি তৈয়াৰ কৰা বল এটাৰে খেলটো খেলা হয়।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

চুংগী (নেপালী: चुङ्गि) নেপাল আৰু উত্তৰ-পূব ভাৰতৰ শিশুসকলে খেলা এক পৰম্পৰাগত খেল।১২ খেলটোৰ ধৰণ আৰু সজ্জা হেকি ছেকৰ দৰেই খেলা হয়।৩ ৰবৰৰ বেণ্ডৰ মাজত এটা দল বান্ধি তৈয়াৰ কৰা বল এটাৰে খেলটো খেলা হয়।৪

নিয়ম

অঞ্চল অনুসৰি খেলৰ নিয়ম বেলেগ বেলেগ। চুংগী খেলাৰ পৰম্পৰাগত পদ্ধতি হ’ল ভৰি ব্যৱহাৰ কৰি মাটিত নপৰাকৈ বলত কিমানবাৰ আঘাত কৰিব পাৰি সেইটো গণনা কৰা। দুয়োখন ভৰিৰ ব্যৱহাৰৰ অনুমতি আছে যদিও শৰীৰৰ আন কোনো অংশ ব্যৱহাৰ কৰাটো অনুমোদিত নহয়। সাধাৰণতে খেল শেষ কৰাৰ বাবে এটা লক্ষ্য গণনা নিৰ্ধাৰণ কৰা হয়। গণনাৰ শেষত বলটোক বেক কিক কৰি যিমান পাৰি সিমান দূৰলৈ আঘাত কৰা হয়। বলটো পূৰ্বে নিৰ্ধাৰিত দূৰত্বৰ পৰা যথেষ্ট দূৰত হ’ব লাগে, এইটো খেলুৱৈৰ ভৰিৰে জুখিব লাগে। যদি খেলুৱৈয়ে বলটো মাৰিব নোৱাৰে তেন্তে আন এজন খেলুৱৈয়ে আগবাঢ়ি যোৱাৰ সুযোগ পায়।৪

খেলিব পৰা আন এটা ধৰণৰ খেল হ’ল বলটো মাটিত পৰিবলৈ নিদিয়াকৈ খোজকাঢ়ি আন খেলুৱৈক দিয়া।৪

প্ৰভাৱ

নেপালৰ আন এক পৰম্পৰাগত খেল ডাণ্ডি বিয়’ৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে চুংগী খেল।৫ এই খেলৰ সহায়ত শিশুসকলক স্কুলত সংখ্যা গণনা আৰু অন্যান্য ধাৰণা শিকোৱা হৈছে।৬৭

তথ্যসূত্ৰ

  1. ↑ Barnouw, Victor. (1956). Some Eastern Nepalese Customs: The Early Years. Southwestern Journal of Anthropology. পৃ. 257–271
  2. ↑ Hamal, Nikki. (25 February 2018). More than just child's play. The Himalayan Times
  3. ↑ (April 5, 2019). The games we played. My Republica. The Week Bureau
  4. ↑ Basnyat, Aarti. (Jul 2010). Nepali Street Games. ECS NEPAL
  5. ↑ Basnyat, Aarti. (March 2005). Sticks and stones. Nepali Times
  6. ↑ (February 2005). Situation Analysis of SOP and FSP in Dhading and Siraha Districts. JICA/CASP Office
  7. ↑ Pradhan, Jaya. (21 September 2018). Cultural Games as a Pedagogical Tool: A Nepalese Experience of Teaching and Learning of School Mathematics. পৃ. 198–204

সম্পৰ্কিত শ্ৰেণী

লোক-খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুংগী (খেল)” প্ৰবন্ধৰ সংশোধন ৪৯৯৫৪৬ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।