অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চিত্ৰাংগদা: দ্য ক্ৰাউনিং উইচ

চিত্ৰাংগদা: দ্য ক্ৰাউনিং উইচ ( Chitrangada: The Crowning Wish ) ২০১২ চনত ঋতুপৰ্ণ ঘোষৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত বাংলা ভাষাৰ এখন ছবি। ২০১২ চনৰ ২৫ মে'ত নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়। ছবিখনত নিজৰ লিংগ পৰিচয়ৰ সৈতে যুঁজি থকা এজন কৰিঅ’গ্ৰাফাৰৰ কাহিনী।

হালনাগাদ: ২০ জুন ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চিত্ৰাংগদা: দ্য ক্ৰাউনিং উইচ ( Chitrangada: The Crowning Wish ) ২০১২ চনত ঋতুপৰ্ণ ঘোষৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত বাংলা ভাষাৰ এখন ছবি। ২০১২ চনৰ ২৫ মে'ত নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়।১ ছবিখনত নিজৰ লিংগ পৰিচয়ৰ সৈতে যুঁজি থকা এজন কৰিঅ’গ্ৰাফাৰৰ কাহিনী। ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাটক চিত্ৰাৰ ওপৰত শিথিলভাৱে আধাৰিত। ঠাকুৰে মহাভাৰতৰ এটা চৰিত্ৰ চিত্ৰাংগদাৰ পৰা কাহিনীটো লৈছিল।২

প্লট

ৰুদ্ৰ চেটাৰ্জীয়ে সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে গৈ জীৱন অতিবাহিত কৰিছে। ডেকা অৱস্থাত তেওঁ পিতৃৰ ইচ্ছাক অৱজ্ঞা কৰিছিল আৰু অভিযন্তাৰ পৰিৱৰ্তে কৰিঅ’গ্ৰাফাৰ হৈছিল। ঠাকুৰৰ চিত্ৰাংগদা মঞ্চস্থ কৰিবলৈ নিজৰ দলৰ সৈতে প্ৰস্তুতি চলাই থাকোঁতে তেওঁ পাৰ্থক লগ পায়, যিজন মূল নৃত্যশিল্পী কস্তুৰীয়ে দলটোৰ লগত চিনাকি কৰাই দিয়া এজন ড্ৰাগছ আসক্ত পাৰ্কাচনিষ্ট। কম দিনৰ ভিতৰত ৰুদ্ৰ আৰু পাৰ্থ গভীৰ প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰে। সম্পৰ্কৰ সময়ছোৱাত তেওঁলোকে এটা সন্তান দত্তক লোৱাৰ সিদ্ধান্ত লয়। কিন্তু এটা সমস্যা আছে যে সমলিংগী দম্পতীয়ে সন্তান দত্তক লোৱাৰ অনুমতি নাই। গতিকে ৰুদ্ৰই সিদ্ধান্ত লয় যে তেওঁ আকাংক্ষা কৰা নাৰীত্বক আকোৱালি ল’বলৈ অস্ত্ৰোপচাৰৰ যোগেদি লিংগ পৰিৱৰ্তন কৰাব। কিন্তু এই অস্ত্ৰোপচাৰে তেওঁৰ জীৱন সলনি কৰি তেওঁৰ বহুদিনীয়া সকলো সপোন পূৰণ কৰিবনে?

বঁটা

  • ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: বিশেষ জুৰী বঁটা।১

তথ্যসূত্ৰ

  1. ↑ 60th National Film Awards Announced. Press Information Bureau (PIB), India
  2. ↑ Roychoudhury, Amborish. Rituparno Ghosh and the enduring influence of Tagore. Mint

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ২০১২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰাংগদা: দ্য ক্ৰাউনিং উইচ” প্ৰবন্ধৰ সংশোধন ৫১৯৬৭৭ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।