অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চাৰ্ন'বিল বিপৰ্যয়

তদানীন্তন চোভিয়েট ইউনিয়নৰ অন্তৰ্গত ইউক্ৰেইনৰ প্ৰিপ্‌য়েট নগৰৰ ওচৰৰ চাৰ্ন'বিল পাৰমাণৱিক শক্তি কেন্দ্ৰত ১৯৮৬ চনৰ ২৬ এপ্ৰিলত হোৱা পাৰমাণৱিক দুৰ্ঘটনাকে চাৰ্ন'বিল বিপৰ্যয় বোলে। RBMK নামৰ এক সাধাৰণ প্ৰকাৰৰ চোভিয়েট পাৰমাণৱিক ৰিয়েক্টৰত এটা সুৰক্ষা পৰীক্ষা কৰোঁতে এই দুৰ্ঘটনা হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮১৩ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

তদানীন্তন ছ'ভিয়েট সংঘৰ অন্তৰ্গত ইউক্ৰেইনৰ প্ৰিপ্‌য়েট নগৰৰ ওচৰৰ চাৰ্ন'বিল পাৰমাণৱিক শক্তি কেন্দ্ৰত ১৯৮৬ চনৰ ২৬ এপ্ৰিলত হোৱা পাৰমাণৱিক দুৰ্ঘটনাকে চাৰ্ন'বিল বিপৰ্যয় বোলে।১

RBMK নামৰ এক সাধাৰণ প্ৰকাৰৰ চোভিয়েট পাৰমাণৱিক ৰিয়েক্টৰত এটা সুৰক্ষা পৰীক্ষা কৰোঁতে এই দুৰ্ঘটনা হৈছিল। বিদ্যুৎ যোগান ব্যাহত হোৱাৰ সময়ত জৰুৰীকালীন জেনেৰেটৰে শক্তি যোগান নধৰা পৰ্যন্ত শীতলীকৰণ কাৰ্য চলাই ৰাখিবলৈ এক সুৰক্ষা প্ৰক্ৰিয়াৰ বিকাশেই এই পৰীক্ষা উদ্দেশ্য আছিল। জৰুৰীকালীন শক্তি যোগানলৈকে প্ৰায় এক মিনিট সময়ৰ পাৰ্থক্য আছিল। এই সময়খিনিতে পাৰমাণৱিক ৰিয়েক্টৰৰ অভ্যন্তৰ উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা আছিল। ১৯৮২ চনৰে পৰা এনে সুৰক্ষা পৰীক্ষা চলাই আহিলেও সুফল পোৱা নাছিল। দুৰ্ভাগ্যবশতঃ চতুৰ্থবাৰত পৰীক্ষাটো দহঘণ্টাৰো অধিক সময় পিছুৱাই দিবলগীয়া হৈছিল আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ বাবে থকা বিশেষভাৱে প্ৰশিক্ষিত কৰ্মীসকলৰ ঠাইত ৰাতিৰ ভাগৰ কৰ্মীসকল আহি পাইছিল। পৰীক্ষাৰ তদাৰককাৰীজনে সঠিক প্ৰক্ৰিয়া অনুসৰণ নকৰাত খেলিমেলিৰ সৃষ্টি হয়। কেইবাটাও জৰুৰীকালীন সুৰক্ষা প্ৰণালীকো নিষ্ক্ৰিয় কৰি ৰখা হৈছিল। ইয়াৰ লগতে RBMK ৰিয়েক্টৰৰ গাঁথনিগত ত্ৰুটি মিলি এক অনিয়ন্ত্ৰিত নিউক্লিয় শৃংখল বিক্ৰিয়াৰ সৃষ্টি হয়।২ হঠাতে বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হৈ শীতলীকৰণৰ পানী বাষ্প কৰি পেলায়। তেতিয়া বাষ্প বিস্ফোৰণ সংঘটিত হৈ ৰিয়েক্টৰৰ চাপ চিমনী ফাটি যায় আৰু বতাহৰ সংস্পৰ্শত ৰিয়েক্টৰৰ অভ্যন্তৰত জুই লাগে।

১৯৮৬ চনৰ ৪ মে'ত নিয়ন্ত্ৰণলৈ অহাৰ আগলৈকে৩ এই জুই প্ৰায় ৯ দিনলৈকে জ্বলি আছিল।৪ জুয়ে বতাহলৈ নিৰ্গত কৰা আণৱিক বিভংগনৰ পদাৰ্থবোৰ চোভিয়েট ইউনিয়ন আৰু ইউৰোপৰ পশ্চিম ভাগত সিঁচৰতি হৈ পৰে। উত্তপ্ত জুইৰ সময়ত ওলোৱা তেজষ্ক্ৰিয় পদাৰ্থবোৰৰ পৰিমাণ আৰম্ভণিৰ বিস্ফোৰণৰ সময়ত ওলোৱা পদাৰ্থৰ সমানেই আছিল।৫

চাৰ্ন'বিল বিপৰ্যয়ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা এক বিতৰ্কিত বিষয়। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি মৃত্যুৰ সংখ্যা ৪,০০০ বুলি কোৱাৰ পৰিৱৰ্তে গ্ৰীন্‌পিচৰ অধ্যয়ন অনুসৰি এই সংখ্যা প্ৰায় ২,০০,০০০।৬ দুৰ্ঘটনাৰ সময়ত বাষ্প বিস্ফোৰণত কেন্দ্ৰটোৰ দুজন মানুহৰ মৃত্যু হৈছিল: এজনৰ বিস্ফোৰণৰ ঠিক পাছতে আৰু আন এজনৰ উচ্চ মাত্ৰাৰ তেজষ্ক্ৰিয় বিকিৰণৰ প্ৰভাৱত। পাছৰ দিনবোৰত আন ১৩৪ জন কৰ্মী একিউট ৰেডিয়েচন ছীন্দ্ৰ'মত (ARS) ভুগি চিকিৎসাধীন হ'বলগীয়া হয়। ইয়াৰে ২৮ জন অগ্নিনিৰ্বাপক লোক আৰু চাৰ্ন'বিলৰ কৰ্মীৰ কেইমাহমানৰ ভিতৰত মৃত্যু হয়।৭ ইয়াৰ লগতে দহ বছৰৰ ভিতৰত এই চিকিৎসাধীন ১৩৪ জন লোকৰ ভিতৰত ১৪ জন লোকে বিকিৰণ প্ৰভাৱিত কৰ্কট ৰোগত ভুগি মৃত্যুবৰণ কৰে।৮ আন মানুহৰ ভিতৰত ২০১১ চনৰ তথ্য অনুসৰি ১৫ গৰাকীতকৈও বেছিজনৰ শিশুকালৰ থাইৰইডৰ কৰ্কট ৰোগত মৃত্যু হয়।৯১০ ৰক্ষা পৰা কৰ্মীসকল, আৰম্ভণিতে ARSৰ বাবে চিকিৎসাধীন হোৱা লোক আৰু আন ৰাইজৰ কৰ্কট ৰোগৰ আশংকা নিৰ্ণয়ৰ বাবে অধিক সময় আৰু অধ্যয়নৰ প্ৰয়োজন।১১

খৰচ আৰু হতাহত লোকৰ ফালৰ পৰা চাৰ্ন'বিল দুৰ্ঘটনাক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ পাৰমাণৱিক দুৰ্ঘটনা বুলি গণ্য কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ঘটনা মাপ অনুসৰি "৭ মাত্ৰাৰ গুৰুতৰ ঘটনা" বুলি চিহ্নিত দুটা পাৰমাণৱিক দুঘটনাৰ ইয়ো এটা। আনটো হৈছে ২০১১ চনৰ ফুকুশ্বিমা পাৰমাণৱিক বিপৰ্যয়।১২ পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খোৱাৰ আগতেই নিয়ন্ত্ৰণ কৰা১৩ আৰু পৰিবেশ পৰিচ্ছন্ন কৰাৰ বাবে প্ৰায় ৫,০০,০০০ লোক নিয়োজিত হৈছিল। খৰচ হৈছিল প্ৰায় ১৮০ কোটি ৰুবল (১৯৮৬ চনত প্ৰায় $৩০০ কোটি আমেৰিকান ডলাৰ, বা মুদ্ৰাস্ফীতি ধৰিলে ২০১৯ চনত প্ৰায় $৬৮০ কোটি আমেৰিকান ডলাৰ)।১৪

৪ নং ৰিয়েক্টৰৰ ঘৰটো এক বিশেষভাৱে নিৰ্মিত কংক্ৰীট আৱৰণীৰে ঢাকি পেলোৱা হয় যাতে তেজষ্ক্ৰিয় বিকিৰণ বিয়পি নপৰে। ৰিয়েক্টৰৰ ক'ল্ড শ্বাটডাউন অৱস্থাৰ সময়তে এই আৱৰণী খৰধৰকৈ সাজি ১৯৮৬ চনৰ ডিচেম্বৰত সমাপ্ত কৰা হয়। এই নিৰপত্তা আৱৰণীয়ে চলি থকা আন ৰিয়েক্টৰত নিয়োজিত কৰ্মীসকলকো সুৰক্ষা প্ৰদান কৰে। ৩নং ৰিয়েক্টৰে ২০০ চনলৈকে বিদ্যুৎ উৎপাদন কৰি আছিল।১৫১৬ এই আৱৰণীৰ অৱস্থা বেয়া হৈ অহা বাবে ইয়াক আৰু ৪ নং ৰিয়েক্টৰক আৱৰি আন এক অত্যাধুনিক নিৰপত্তা বেষ্টনী ২০১৭ চনত গঢ়ি তোলা হয়।

এই দুৰ্ঘটনাৰ ফলত বাকী থকা আন সকলো চোভিয়েট নিৰ্মিত RBMK ৰিয়েক্টৰৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰি তোলা হয়। ২০১৯ চনলৈকে ইয়াৰে ১০ টাই বিদ্যুৎ উৎপাদনৰ কামত নিয়োজিত হৈ আছে।১৭১৮

পাদটীকা

উৎস

অনানুস্থানিক উৎসত প্ৰকাশিত দুৰ্ঘটনা বিষয়ক টোকা:

অতিৰিক্ত পাঠ্য

  • Abbott, Pamela. (2006). Chernobyl: Living With Risk and Uncertainty. Health, Risk & Society 8.2. পৃ. 105–121
  • Cohen, Bernard Leonard. (1990). The Nuclear Energy Option: An Alternative for the 90's. Plenum Press. ISBN 9780306435676
  • Dyatlov, Anatoly. (2003). Chernobyl. How did it happen.. Nauchtechlitizdat, Moscow. ISBN 9785937280060
  • Hoffmann, Wolfgang. (2001). Fallout From the Chernobyl Nuclear Disaster and Congenital Malformations in Europe. Archives of Environmental Health
  • Karpan, Nikolaj V. (2006). Chernobyl. Vengeance of peaceful atom.. IKK "Balance Club". ISBN 9789668135217
  • Medvedev, Grigori. (1989). The Truth About Chernobyl. VAAP. First American edition published by Basic Books in 1991. ISBN 9782226040312
  • Medvedev, Zhores A. (1990). The Legacy of Chernobyl. W.W. Norton & Company. ISBN 9780393308143
  • Read, Piers Paul. (1993). Ablaze! The Story of the Heroes and Victims of Chernobyl. Random House UK (paperback 1997). ISBN 9780749316334
  • Shcherbak, Yurii. (1991). Chernobyl. St. Martin's Press. ISBN 9780312030971
  • Tchertkoff, Wladimir. (2016). The Crime of Chernobyl: The Nuclear Goulag. Glagoslav Publications. ISBN 9781784379315

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nuclear Exclusion Zones. Encyclopedia Britannica
  2. ↑ Eden, Brad; of Technical Services/Automated Lib, Coordinator. (January 1999). Encyclopaedia Britannica CD 99 (Multimedia version). Electronic Resources Review. পৃ. 9–10. ISBN 978-0-85229-694-3
  3. ↑ (2014-10-10). Groundwater Vulnerability. Special Publications. John Wiley & Sons, Inc. পৃ. 25–38. ISBN 978-1118962220
  4. ↑ McCall, Chris. (April 2016). Chernobyl disaster 30 years on: lessons not learned. The Lancet. পৃ. 1707–1708
  5. ↑ (2002). Chernobyl: Assessment of Radiological and Health Impact, 2002 update; Chapter II – The release, dispersion and deposition of radionuclides. OECD-NEA
  6. ↑ Ahlstrom, Dick. (April 2, 2016). Chernobyl anniversary: The disputed casualty figures. The Irish Times
  7. ↑ Mettler Jr., Fred A. Medical decision making and care of casualties from delayed effects of a nuclear detonation. The National Academies of Sciences, Engineering, and Medicine
  8. ↑ Nagataki, Shigenobu. (23 July 2010). Latest Knowledge on Radiological Effects: Radiation Health Effects of Atomic Bomb Explosions and Nuclear Power Plant Accidents. Japanese Journal of Health Physics. পৃ. 370–378
  9. ↑ (23 April 2011). Chernobyl 25th anniversary – Frequently Asked Questions. World Health Organization
  10. ↑ (5 September 2005). Chernobyl: the true scale of the accident. World Health Organization
  11. ↑ (30 April 2016). Video: Ukraine remembers Chernobyl victims and heroes. European Press Agency
  12. ↑ Black, Richard. (12 April 2011). Fukushima: As Bad as Chernobyl?. BBC News
  13. ↑ (2002). Chernobyl: Assessment of Radiological and Health Impact, 2002 update; Chapter II – The release, dispersion and deposition of radionuclides. OECD-NEA
  14. ↑ Gorbachev, Mikhail (1996), interview in Johnson, Thomas, The Battle of Chernobyl. Discovery Channel. retrieved 19 February 2014
  15. ↑ (15 February 2013). Timeline: A chronology of events surrounding the Chernobyl nuclear disaster. The Chernobyl Gallery
  16. ↑ "Shelter" object. Chernobyl, Pripyat, the Chernobyl nuclear power plant and the exclusion zone
  17. ↑ (June 2016). RBMK Reactors. World Nuclear Association
  18. ↑ (May 1996). RMBK Nuclear Power Plants: Generic Safety Issues. International Atomic Energy Agency

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্ন'বিল বিপৰ্যয়” প্ৰবন্ধৰ সংশোধন ৬৩১৩৩০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।