ফিলিপাইনৰ ব্যক্তি
১২ প্ৰবন্ধ
-
অবিনা তাৱাইড কগুইট
অবিনা তাৱাইড কগুইট এগৰাকী ফিলিপিনো মানোবো সম্প্ৰদায়ৰ সূচীকৰ্মী (এমব্ৰইডাৰ)। ৪২৭ নম্বৰ ঘোষণাৰ জৰিয়তে ২০২৩ চনত তেওঁক 'মানলিলিখা নাং বায়ান' (ৰাষ্ট্ৰীয় জীৱন্ত সম্পদ) সন্মানেৰে বিভূষিত কৰা হয়।
-
আতাছা মুহলাচ
আতাছা এৰন বনিন মুহলাচ (ইংৰাজী: Atasha Aaron Bonnin Muhlach; জন্ম ৫ নৱেম্বৰ ২০০১) ফিলিপাইনছৰ এগৰাকী অভিনেত্ৰী, গায়িকা, টেলিভিছন আয়োজক আৰু মডেল। তেওঁ ফিলিপাইনছৰ জনপ্ৰিয় অভিনেতা আগা মুহলাচ আৰু প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, মডেল আৰু টেলিভিছন আয়োজিকা চাৰ্লিন গনজালেছৰ কন্যা।
-
আৰ্লিন ব্ৰ'ছাছ
আৰ্লিন ডুৰান ব্ৰ'ছাছ (জন্ম ৩০ অক্টোবৰ, ১৯৭৫) এগৰাকী ফিলিপিনো শিক্ষাবিদ, শিশু অধিকাৰ সক্ৰিয়কৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰপৰা ২০২৫ চনলৈ গাব্ৰিয়েলা উইমেনছ পাৰ্টি-লিষ্ট গোটৰ অধীনত ফিলিপাইনছ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এঞ্জেলিয়া অং
এঞ্জেলিয়া গেব্ৰিনা পাগলিকাৱান অং (Angelia Gabrena Paglicawan Ong; জন্ম:২৭ জুন, ১৯৯০) হৈছে ফিলিপাইনৰ এগৰাকী ফিলিপিনী সুন্দৰী। তেওঁ ২০১৫ বৰ্ষৰ মিছ আৰ্থ আৰু একে বৰ্ষৰে মিছ ফিলিপিনচ আৰ্থ সুন্দৰী প্ৰতিযোগিতাৰ বিজয়ী আছিল।
-
এন্নে এৰণ
এন্নে এৰন এগৰাকী ফিলিপাইনছৰ অভিযন্তা আৰু নেটফ্লিক্সৰ ভিডিঅ’ এলগৰিদমৰ পৰিচালক। তেওঁৰ দায়িত্বসমূহৰ ভিতৰত "চফট্ ৱেৰ অভিযন্তা আৰু গৱেষণা বিজ্ঞানী নিযুক্তি আৰু পৰিচালনা, চফ্টৱেৰ স্থাপত্য আৰু গৱেষণাৰ কৌশলগত সিদ্ধান্ত গ্ৰহণ, প্ৰকল্প পৰিচালনা আৰু দলৰ মাজত সমন্বয়"
-
কমাণ্ডাৰ লিৱেৱে
ৰেমেডিঅ'ছ গুইণ্টো গোমেজ পাৰাইছ’ (জন্ম ৰেমেডিঅ’ছ গুইণ্টো গোমেজ, ১২ জুলাই, ১৯১৮ – ১৫ মে', ২০১৪), মূলতঃ কুমাণ্ডাৰ লিৱেৱে নামেৰে পৰিচিত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিলিপাইনছৰ এজন গেৰিলা যুঁজাৰু আছিল।
-
কেথ্ৰিন বাৰ্ণাৰ্ডো
কেথ্ৰিন চান্দ্ৰিয়া মেনুৱেল বাৰ্ণাৰ্ডো (জন্ম ২৬ মাৰ্চ, ১৯৯৬) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী। মূলসুঁতিৰ প্ৰযোজনাত কৰা অভিনয়ৰ বাবে পৰিচিত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ফিলিপাইনছৰ ছবিসমূহৰ ভিতৰত তিনিখনত অভিনয় কৰিছে— দ্য হাউছ অৱ আছ (২০১৮), হেল্ল’, লাভ, গুডবাই (২০১৯), আৰু হেল্ল’, লাভ, এগেইন (২০২৪)।
-
চাকিনুৰ-আইন ডেলাছাছ
হাজ্জা চাকিনুৰ-আইন মুগং ডেলাছাছ (জন্ম: ২ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ফিলিপিনো লোক নৃত্যশিল্পী, যি ‘ইগাল’ নামৰ ছামা নৃত্যত বিশেষজ্ঞ।
-
ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো
ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো (ইংৰাজী: Francisca Reyes-Aquino; ৯ মাৰ্চ ১৮৯৯ – ২১ নবেম্বৰ ১৯৮৩) এগৰাকী ফিলিপিনো লোক-নৃত্যশিল্পী আৰু শিক্ষাবিদ আছিল। তেওঁ ফিলিপাইনৰ লোক-নৃত্যৰ ওপৰত কৰা গৱেষণাৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ ৰিপাব্লিক এৱাৰ্ড অৱ মেৰিট আৰু ৰমন মেগছেছে বঁটা লাভ কৰিছিল।
-
বিয়া বিনেনে
বিয়াংকা মেৰী "বিয়া" বিনেনে (ইংৰাজী: Beanca Marie "Bea" Binene; জন্ম: ৪ নৱেম্বৰ, ১৯৯৭) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী। ২০০৪ চনত ষ্টাৰষ্ট্ৰাক কিডছৰ চূড়ান্ত প্ৰতিযোগী হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।
-
লিজা ছ’বেৰানো
হোপ এলিজাবেথ ছ'বেৰানো (ইংৰাজী: Hope Elizabeth Soberano; জন্ম: ৪ জানুৱাৰী, ১৯৯৮) এগৰাকী ফিলিপাইনছ আৰু আমেৰিকান অভিনেত্ৰী। কিশোৰী অৱস্থাত নাটক আৰু কমেডীত সহায়ক চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ নিজৰ ৰেপাৰ্টৰী সম্প্ৰসাৰণ কৰে।
-
হেভেন পেৰালেজো
হেভেন লিয়ান সালভাদোৰ পেৰালেজো (জন্ম ২৫ নৱেম্বৰ ১৯৯৯) এগৰাকী ফিলিপিনো অভিনেত্ৰী। তেওঁ ২০১৬ চনত বাস্তৱধৰ্মী অনুষ্ঠান পিনয় বিগ ব্ৰাদাৰ: লাকি ৭ৰ জৰিয়তে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে।