চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰাল হৈছে ঐতিহ্যমণ্ডিত বাণ ৰঙ্গমঞ্চৰ পুথিভঁৰাল। চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰাল স্থাপন কৰা হয় ২০০৩ চনত। এই পুথিভঁৰালৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে নাটক, নাট্য ইতিহাস, নাট্য ইতিহাস বিজড়িত গ্ৰন্থ, ফটো বা আন কোনো তথ্য সমল আদিৰ বিজ্ঞান সন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থা আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ। সেই উদ্দেশ্যে বাণ থিয়েটাৰ পুথিভঁৰালত নাট্য কলা বিষয়ক বিভিন্ন গ্ৰন্থ, নাটকৰ পাণ্ডুলিপি আদি সংৰক্ষণ কৰা হৈছে।১ তদুপৰি পুথিভঁৰালৰ প্ৰচেষ্টাত বিশ্ব গ্ৰন্থ দিৱস আদিৰ দৰে বিশেষ দিনত গ্ৰন্থ অনুৰাগী, বিদ্যাৰ্থী, গৱেষক আৰু সাধাৰণ পাঠকৰ উপস্থিতি আৰু সহযোগত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত স্মাৰক বক্তৃতানুষ্ঠান আদি নিয়মীয়াকৈ আয়োজিত হৈ আহিছে।২
ইতিহাস
১৯০৬ চনত তেজপুৰত গঢ় লৈ উঠে অসমৰ প্ৰথম আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ। তাহানিৰে পৰাই বাণ থিয়েটাৰত অভিনীত হৈ আহিছে কালজয়ী নাটক, সৃষ্টি হৈছে অনেক নাট্যকাৰ, অভিনেতা, শিল্পী - কলাকুশলী। এই বাণ থিয়েটাৰ মঞ্চত ১৯২৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিতকুঁৱৰী নাটকৰ জৰিয়তে আলোড়ন সৃষ্টি কৰিছিল। সেই সময়ৰ প্ৰচলিত নাট্য ৰীতি, সংগীত আৰু অভিনয়ৰ ধাৰাৰ পৰা আঁতৰি নাট্যাভিনয়ৰ জৰিয়তে যি এক নতুন গতিশীলতা আনিছিল সেই প্ৰয়াসে নাট্য ক্ষেত্ৰত এক নব্য আন্দোলনৰ সূচনা কৰিছিল। বাণ থিয়েটাৰতেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰচেষ্টাত পোণ প্ৰথম বাৰৰ বাবে অসমীয়া গীত মাতৰ সম্পৰীক্ষা চলিছিল। ১৯২৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এটি অৰ্কেষ্ট্ৰা পাৰ্টি গঠন কৰি বাণ থিয়েটাৰত পৰিৱেশন কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা যে উপযুক্ত সংৰক্ষণৰ অভাৱত বাণ থিয়েটাৰ আৰু অসমীয়া নাট্য ইতিহাসৰ বহু মূল্যৱান তথ্য হেৰাই যায়। সেয়েহে ২০০৩ চনত স্থাপিত বাণ থিয়েটাৰৰ চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰালৰ তৎপৰতাত পৰৱৰ্তী সময়ত হেৰাই যাবলৈ ধৰা সম্পদসমূহ সংৰক্ষণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়। সেই অনুসৰি, নাটক, নাট্য ইতিহাস, নাটক বিষয়ক গ্ৰন্থ, পাণ্ডুলিপি, মঞ্চাভিনয়ৰ ফটো, নাট্য শিল্পীৰ ফটো আদিৰ বিজ্ঞান সন্মত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয়।
আধুনিক সা-সুবিধা
বাণ থিয়েটাৰৰ চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰালত শেহতীয়াকৈ উপলব্ধ হৈছে অত্যাধুনিক কম্পিউটাৰ আৰু স্কেনাৰ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰাল” প্ৰবন্ধৰ সংশোধন ৬০৬৮৯১ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।