চন্দ্ৰধাৰী সংগ্ৰহালয় ( Chandradhari Museum ) ১৯৫৭ চনত ৰাজ্য চৰকাৰে স্থাপন কৰে। বিহাৰৰ দাৰভংগাত অৱস্থিত সংগ্ৰহালয়টো ১৯৭৪ চনত বৰ্তমানৰ দুমহলীয়া ভৱনলৈ স্থানান্তৰ কৰা হয়।
মধুবনীৰ জমিদাৰ চন্দ্ৰধাৰী সিঙৰ ব্যক্তিগত সংগ্ৰহৰ সহায়ত ১৯৫৭ চনৰ ৭ ডিচেম্বৰত মিথিলা সংগ্ৰহালয় হিচাপে এই সংগ্ৰহালয় স্থাপন কৰা হয়। ১ পিছত ইয়াৰ নামকৰণ মূল দাতা মধুবনী জিলাৰ ৰান্তি দোধীৰ জমিদাৰ বাবু চন্দ্ৰধাৰী সিঙৰ নামেৰে কৰা হয়।
প্ৰদৰ্শন
চন্দ্ৰধাৰী সংগ্ৰহালয় ইয়াৰ ১১টা গেলেৰী হলত পুৰাতাত্ত্বিক আৰু শিল্পকৰ্ম প্ৰদৰ্শিত হৈছে। প্ৰত্যেকটোতে ভিন্ন ভিন্ন শ্ৰেণীৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শনীৰ ভিতৰত কাঁচৰ পৰা নিৰ্মিত আকৰ্ষণীয় সামগ্ৰী, শিপিনীৰ বিৰল আৰু চমৎকাৰ শিল্পকৰ্ম, আৰু বিভিন্ন শৈলীৰ বিৰল ক্ষুদ্ৰ চিত্ৰকলা আদি অন্তৰ্ভুক্ত কৰা হৈছে। চিত্ৰসমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে জয়দেৱৰ গীত-গোবিন্দৰ আধাৰত গোপীৰ সৈতে শ্ৰীকৃষ্ণ লীলাৰ চিত্ৰ। সংগ্ৰহালয়টোত ভাৰতীয়, নেপালী, আৰু তিব্বতী শৈলীৰ পিতলৰ দ্বাৰা নিৰ্মিত মূৰ্তিৰ এক অতিশয় চমৎকাৰ সংগ্ৰহ আছে। দেৱী দুৰ্গা, সূৰ্য্য, আৰু ভগৱান শিৱৰ মূৰ্তি যথেষ্ট আকৰ্ষণীয়। বৌদ্ধ ধৰ্মৰ সৈতে জড়িত প্ৰতিমূৰ্তিও প্ৰদৰ্শিত হৈছে। প্ৰাকৃতিক ইতিহাস অংশত ব্যয়বহুল ৰত্ন আৰু পাথৰ প্ৰদৰ্শন কৰা হৈছে। সংগ্ৰহালয়টোত পুথিভঁৰালৰ সুবিধাও আছে। ২
সংগ্ৰহালয় সাধাৰণ দৰ্শকৰ বাবে ১০ বজাৰ পৰা ৪ বজালৈ খোলা থাকে। বৰ্তমান ইয়াত কোনো প্ৰবেশ মাচুল ধাৰ্য কৰা হোৱা নাই। ইয়াত দেশৰ বহু চেলিব্ৰিটিৰ আগমন হৈছে। দাৰভাংগাৰ মহাৰাজা কামেশ্বৰ সিঙে ইয়াতে তেওঁৰ পূৰ্বপুৰুষৰ ঐতিহ্য অৱলোকন কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইন, লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু তেওঁৰ পত্নী প্ৰতিষ্ঠী, প্ৰাক্তন মুখ্যমন্ত্ৰী ড° শ্ৰীকৃষ্ণ আৰু কাৰ্পুৰী ঠাকুৰ, প্ৰাক্তন ৰাজ্যপাল ড° এ আৰ কিডৱাই, ড° এল পি শ্বাহী, জগন্নাথ কৌশল, নীতিশ কুমাৰে ইয়াৰ সংগ্ৰহসমূহ অৱলোকন কৰিছিল। ৩ ৪
তথ্যসূত্ৰ
- ↑ Places of Interest – Welcome to Darbhanga District
- ↑ दरभंगा दर्शन. Darbhanga-An introduction
- ↑ CM revisits history at twin museums. www.telegraphindia.com
- ↑ A museum in Bihar where rare Ramayana and Quran of one inch size are preserved. www.jagran.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰধাৰী সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৭৯৬৪৪ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।