গ্ৰেচ ভেন পেটিন (জন্ম: ২১ নৱেম্বৰ, ১৯৯৬)এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰদ্বাৰা বিতৰণ কৰা দুখন চলচ্চিত্ৰ ট্ৰেম্পছ (২০১৬) আৰু দ্য মেয়াৰোউইজ ষ্ট'ৰীজ (২০১৭), আৰু হুলু অৰিজিনেল ধাৰাবাহিক নাইন পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছ (২০২১), টেল মি লাইজ (২০২২) আৰু দ্য টুইষ্টেড টেল অৱ আমাণ্ডা নক্সত (২০২৫) অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
ভেন পেটিন নিউয়ৰ্ক চহৰৰ ট্ৰাইবেকাত ডাঙৰ-দীঘল হৈছিল আৰু ফিঅ’ৰেলো এইচ. লা গাৰ্ডিয়া হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ পৰিচালক তথা প্ৰযোজক টিমথি ভেন পেটিনৰ তিনিগৰাকী কন্যাৰ ভিতৰত জ্যেষ্ঠ। তেওঁ হাস্য অভিনেতা ডিক ভেন পেটিনৰ ভতিজী।১ তেওঁৰ মাহী/পেহীৰ জীয়ৰী হ’ল অভিনেত্ৰী টালিয়া বালচাম, যিগৰাকী জয়চ ভেন পেটিনৰ কন্যা।
কৰ্মজীৱন
আঠ বছৰ বয়সত ভেন পেটিনৰ প্ৰথম চৰিত্ৰটো আছিল তেওঁৰ পিতৃয়ে পৰিচালনা কৰা ক্ৰাইম ড্ৰামা টেলিভিছন ধাৰাবাহিক দ্য ছ'প্ৰানোছত। পিতৃয়েই তেওঁৰ বাবে অডিচনৰ ব্যৱস্থা কৰি দিছিল আৰু তেওঁ গেংষ্টাৰ ইউজিন পণ্টেকৰ্ভোৰ কন্যা এলিৰ চৰিত্ৰত অভিনয় কৰিছিল।২ ২০১৪ চনত তেওঁৰ পিতৃৰদ্বাৰা পৰিচালিত আন এখন ধাৰাবাহিক বৰ্ডৱাক এম্পায়াৰৰ এটা খণ্ডতো তেওঁ অভিনয় কৰিছিল।৩ তেওঁ চাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি পিছুৱাই দি নিউয়ৰ্ক চহৰত অডিচন দিয়াৰ লগতে কমিউনিটি কলেজত মনোবিজ্ঞান আৰু দৰ্শনৰ শ্ৰেণীত অংশ লৈছিল। অৱশ্যে, শিক্ষাবৰ্ষৰ মাজতে কাম পোৱাৰ বাবে তেওঁ সেই পাঠ্যক্ৰমসমূহো স্থগিত ৰাখিছিল।
ভেন পেটিনে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ নেটফ্লিক্সৰ ৰোমাণ্টিক কমেডী ট্ৰেম্পছত এলিৰ চৰিত্ৰত অভিনয় কৰিছিল,৪ যিখন ২০১৬ চনৰ টৰেণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।২ ইয়াৰ উপৰি তেওঁ ক্ৰাইম ড্ৰামা ষ্টিলিং কাৰ্ছত এটা সৰু চৰিত্ৰত আৰু ২০১৭ চনৰ হৰৰ থ্ৰিলাৰ চেণ্ট্ৰেল পাৰ্কত অভিনয় কৰিছিল।৩৫ কমেডী-ড্ৰামা ছবি দ্য মেয়াৰোউইজ ষ্ট'ৰীজ (নিউ এণ্ড চিলেক্টেড)ত ভেন পেটিনে বাৰ্ড কলেজৰ চলচ্চিত্ৰৰ ছাত্ৰী তথা এডাম ছেণ্ডলাৰৰ চৰিত্ৰ ডেনিৰ কন্যা ইলাইজাৰ চৰিত্ৰত অভিনয় কৰিছিল। নোৱা বাউমবাকৰদ্বাৰা পৰিচালিত আৰু ২০১৭ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এই ছবিখনত ইলাইজাই নিজকে লৈ যৌনতাপূৰ্ণ চুটি ছবি নিৰ্মাণ কৰে।২
মঞ্চত অভিষেক ঘটাই ভেন পেটিনে পাৰ্চিং স্কোৱাৰ চিগনেচাৰ চেণ্টাৰত জোচিয়া মামেটৰ সৈতে হামিছ লিংকলেটাৰৰ অফ-ব্ৰডৱে নাটক দ্য হোৱাৰ্লিগিগত অভিনয় কৰিছিল।২৪৬ ভেন পেটিনে গ্লেন ক্ল'জ, জন মালকোভিচ, পেট্ৰিক ষ্টুৱাৰ্ট আৰু মিনি ড্ৰাইভাৰৰ সৈতে ২০১৭ চনৰ ৰোমাণ্টিক কমেডী দ্য ৱাইল্ড ৱেডিংত অভিনয় কৰিছিল।৪ ডলি ৱেলছৰ গুড পষ্টিয়াৰৰ মূল চিত্ৰগ্ৰহণ ২০১৭ চনৰ ডিচেম্বৰৰ শেষৰফালে ব্ৰুকলিনত সমাপ্ত হয়, য’ত ভেন পেটিন আৰু এমিলি মৰ্টিমাৰে অভিনয় কৰিছিল।৭
তেওঁ ডেভিদ ৰবাৰ্ট মিচেলৰ ক্ৰাইম নয়াৰ আণ্ডাৰ দ্য ছিলভাৰ লেকত মামেট, ৰাইলী কিঅ’ আৰু এণ্ড্ৰু গাৰফিল্ডৰ সৈতে ভূমুকি মাৰিছিল।৫৮ ভেন পেটিনক ২০১৭ চনত ভেৰাইটি আলোচনীৰ "১০ এক্টৰছ টু ৱাচ"ৰ অন্যতম হিচাপে নামকৰণ কৰা হৈছিল।৩ ২০১৮ চনৰ শৰৎকালত তেওঁ পাব্লিক থিয়েটাৰৰ নিৰ্মাণ মাদাৰ অৱ দ্য মেইডত গ্লেন ক্ল'জৰ বিপৰীতে জোৱান অৱ আৰ্ক হিচাপে অভিনয় কৰে।৯ তেওঁ কেৰেম চংগাৰ ড্ৰামা ছবি দ্য ভায়োলেণ্ট হাৰ্টত জোভান আডেপোৰ বিপৰীতে অভিনয় কৰিছিল।১০
ব্যক্তিগত জীৱন
২০২২ চনৰপৰা ভেন পেটিন অভিনেতা তথা টেল মি লাইজ ধাৰাবাহিকৰ সহ-অভিনেতা জেকচন হোৱাইটৰ সৈতে সম্পৰ্কত আছে।১১১২
তথ্যসূত্ৰ
- ↑ Smith, Krista. (October 2017). Grace Van Patten Is a Real New York City Kid. Vanity Fair
- ↑ Cusumano, Katherine. (October 13, 2017). Meet Grace Van Patten, 20-Year-Old Star of The Meyerowitz Stories and the Next Great Indie Film Discovery. W
- ↑ Saval, Malina. (October 4, 2017). 10 Actors to Watch: Grace Van Patten Stars in 'The Meyerowitz Stories'. Variety
- ↑ Brown, Emma. (May 11, 2017). Discovery: Grace Van Patten. Interview
- ↑ Spellberg, Claire. (October 25, 2017). Who Is Grace Van Patten? Here's Everything You Need To Know About The Scene-Stealing Daughter in 'The Meyerowitz Stories'. Decider
- ↑ (September 14, 2017). Hollywood's Freshmen Class: 6 Young Actresses You Should Know This Fall. Paper
- ↑ Grater, Tom. (December 22, 2017). Emily Mortimer, Grace Van Patten wrap US comedy-drama 'Good Posture'. ScreenDaily
- ↑ N'Duka, Amanda. (August 14, 2017). Actress Grace Van Patten Inks With WME. Deadline Hollywood
- ↑ Mother Of The Maid. Anspacher Theater, September 25 - December 23. publictheater.org
- ↑ Fleming, Mike Jr. (December 6, 2017). 'Meyerowitz's Grace Van Patten & 'Fences' Jovan Adepo Set For 'The Violent Heart'. Deadline Hollywood
- ↑ Rebecca Aizin. (September 4, 2024). Grace Van Patten and Jackson White's Relationship: All About the Tell Me Lies Costars' Romance. People.com
- ↑ Julia Moore. (September 3, 2024). Grace Van Patten Says She and Boyfriend Jackson White Are 'Wildly Different' from Their Toxic Tell Me Lies Characters (Exclusive). People.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেচ ভেন পেটিন” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৬৬ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।