গ্লৰিয়া আডৱা আমন নিকোই, জন্ম নাম আড্ডে (৬ জুন ১৯২৭১২ – ১০ নৱেম্বৰ ২০১০)ঘানাৰ এগৰাকী কূটনীতিবিদ আছিল, যিয়ে ১৯৭৯ চনত সশস্ত্ৰ বাহিনী বিপ্লৱী পৰিষদ (AFRC) চৰকাৰৰ অধীনত বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই পদত অধিষ্ঠিত হোৱা তেওঁ আছিল প্ৰথম ঘানাৰ মহিলা।৩
কেৰিয়াৰ
তেওঁ আছিমোটা কলেজত পঢ়িছিল। ১৯৬৯ চনৰপৰা ১৯৭৪ চনলৈকে নিকোই ৰাষ্ট্ৰসংঘৰ মিছনৰ উপ-মুখ্য আছিল।৪ পিছলৈ গ্লৰিয়া নিকোয়ে ঘানাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া হিচাপে কাম কৰিছিল।
১৯৭৯ চনৰ ৪ জুনত উচ্চতম সামৰিক পৰিষদৰ চৰকাৰক উৎখাত কৰা সামৰিক অভ্যুত্থানৰ পিছত তেওঁক প্ৰায় চাৰি মাহৰ বাবে বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় সশস্ত্ৰ বাহিনী বিপ্লৱী পৰিষদৰ (AFRC) চৰকাৰত ফ্লাইট লেফটেনেণ্ট জেৰী ৰ'লিংছৰ।৫ ১৯৭৯ চনৰ ২৪ ছেপ্টেম্বৰত ড° হিলা লিমানৰ পিপলছ নেচনেল পাৰ্টি চৰকাৰৰ অধীনত তৃতীয় ৰিপাব্লিক উদ্বোধন হোৱাৰ পিছত এই কথা শেষ হয়।
১৯৮১ চনত গ্ল’ৰিয়া নিকোই ঘানাৰ পূৰ্বৰ বেংক ফৰ হাউছিং এণ্ড কনষ্ট্ৰাকচনৰ অধ্যক্ষ হয়। আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ (AfDB) সঞ্চালিকাও আছিল।৬ ১৯৯০ চনৰ ১২ নৱেম্বৰত ঘানা ষ্টক এক্সচেঞ্জৰ কাউন্সিল উদ্বোধন হোৱাৰ সময়ত তেওঁ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে পৰিগণিত হয়।৭
ব্যক্তিগত জীৱন
বেংক অৱ ঘানাৰ প্ৰাক্তন গৱৰ্ণৰ আৰু বিত্তমন্ত্ৰী আমন নিকোইৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁৰ তিনিটা সন্তান জন্ম হয়।৩৮
মৃত্যু আৰু অন্ত্যেষ্টিক্ৰিয়া
২০১০ চনৰ ১০ নৱেম্বৰত ৱাশ্বিংটন ডি.চি.ত ৮৩ বছৰ বয়সত প্ৰাকৃতিক কাৰণত তেওঁৰ মৃত্যু হয়। তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া আক্ৰা ৰিজ চাৰ্চত অনুষ্ঠিত হৈছিল। তাৰ তেওঁ এগৰাকীমণ্ডলীৰ সদস্য আছিল।
তথ্যসূত্ৰ
- ↑ Index Am-Aq
- ↑ Gloria Amon Nikoi June 1927 - Google Search. www.google.com
- ↑ (1959-07-23). Jet. Johnson Publishing Company
- ↑ Martin K.I. Christensen. (31 May 2010). Ghana Ministers. Worldwide Guide to Women in Leadership. Martin K.I. Christensen
- ↑ B. Schemmel. Foreign ministers E-K - Ghana. Lists of heads of state of government and ministers of various countries. Rulers.org
- ↑ B. Schemmel. (4 April 2007). Female Ministers of Foreign Affairs. Lists of heads of state of government and ministers of various countries. Rulers.org
- ↑ About Us:Overview & History. Official website. Ghana Stock Exchange
- ↑ Dr Amon Nikoi, Former Governor of the Bank of Ghana. www.ghanaweb.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্লৰিয়া আমন নিকোই” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৬৩ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।