আলডা বাণ্ডেইৰা টাভাৰেছ ভাজ দা কনচেইচ (জন্ম ২২ ছেপ্টেম্বৰ, ১৯৪৯ চন) হৈছে চাও টমে আৰু প্ৰিন্সিপেৰ এগৰাকী ৰাজনীতিবিদ।১
১৯৪৯ চনত চাও টমেৰ চাণ্টানাত জন্মগ্ৰহণ কৰিছিল বাণ্ডেইৰাই। তেওঁৰ পিতৃ এগৰাকী নাৰ্ছ আছিল।২ তেওঁ মোজাম্বিকৰ মাপুটোৰ এডুয়াৰ্ডো মণ্ডলেন বিশ্ববিদ্যালয়ত আধুনিক ভাষা অধ্যয়ন কৰি লিছবন বিশ্ববিদ্যালয়ৰপৰা আধুনিক ভাষা আৰু সাহিত্যত এম এ ডিগ্ৰী লাভ কৰে আৰু লিছবন ইনষ্টিটিউট চুপিৰিয়েৰ ডি চিয়েন্সিয়াছ ছ’চিয়াছ ই পলিটিকাছত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন কৰে। ১৯৭৫ চনৰপৰা ১৯৮২ চনৰ ভিতৰত বাণ্ডেইৰাই মাপুটো আৰু চাও টমেৰ মাধ্যমিক বিদ্যালয়ত অধ্যাপনা কৰিছিল।৩
বাণ্ডেইৰাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ বহুপক্ষীয় সহযোগিতাৰ সঞ্চালিকা হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৮৭ চনৰপৰা ১৯৯০ চনলৈকে এই পদত অধিষ্ঠিত হৈছিল। ১৯৮৮ চনৰপৰা ১৯৯০ চনলৈকে চাও টমেত আমেৰিকাৰ আফ্ৰিকান ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপেও কাম কৰিছিল।৩ বাণ্ডেইৰা দেশৰ প্ৰথমটো ৰাজহুৱা বিৰোধী গোট ডেম'ক্ৰেটিক কনভাৰ্জেন্স পাৰ্টি-ৰিফ্লেকচন গ্ৰুপ (পিচিডি-জিআৰ)ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।২ ১৯৯১ চনৰ নিৰ্বাচনত দলটোৰ বাবে আপ্লুত বিজয়ৰ পিছত ১৯৯১ চনৰপৰা ১৯৯৩ চনলৈকে বাণ্ডেইৰাই বৈদেশিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। স্বামী নৰ্বাৰ্টো কোষ্টা আলেগ্ৰেক প্ৰধানমন্ত্ৰী নিযুক্তি দিয়াৰ পাছত তেওঁ সংসদৰ সদস্য হিচাপে নিজৰ আসন দখল কৰিবলৈ আৰু স্বাৰ্থৰ সংঘাতৰপৰা হাত সাৰিবলৈ চৰকাৰৰ পদৰপৰা পদত্যাগ কৰে।৩
১৯৯৫ চনত বাণ্ডেইৰা পিচিডি-জিআৰৰ সভানেত্ৰী নিৰ্বাচিত হয় আৰু ২০০১ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত হয়।২ ১৯৯৬ চনত তেওঁ দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ১৫% ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে।১ ২০০০ চনৰপৰা ২০০২ চনলৈকে বাণ্ডেইৰাই চাও টমেৰ ইনষ্টিটিউট চুপিৰিয়েৰ পলিটেকনিকোত অধ্যাপনা কৰিছিল।৩ ২০০২ চনৰ এপ্ৰিল মাহত তেওঁক পুনৰ বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় যদিও সেই বছৰৰ শেষৰফালে পদত্যাগ কৰে। বৰ্তমান বাণ্ডেইৰাই চাও টমেৰ নতুনকৈ গঠন হোৱা ইনষ্টিটিউট মাৰিটিমো ই ডি এডমিনিষ্ট্ৰেকাও পৰ্তুয়াৰিয়া (সামুদ্ৰিক আৰু বন্দৰ প্ৰশাসন প্ৰতিষ্ঠান)ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৪
তথ্যসূত্ৰ
- ↑ Arthur S. Banks; Thomas C. Muller. (1998). Political Handbook of the World 1998. CQ Press. পৃ. 795. ISBN 978-0-933199-13-2
- ↑ Sheldon, Kathleen. (2016-03-04). Historical Dictionary of Women in Sub-Saharan Africa. Rowman & Littlefield. ISBN 9781442262935
- ↑ Gates, Professor Henry Louis Jr.; Akyeampong, Professor Emmanuel; Niven, Mr Steven J. (2012-02-02). Dictionary of African Biography. OUP USA. ISBN 9780195382075
- ↑ (26 May 2009). São Tomé e Príncipe: Criada Associação dos Diplomatas Santomenses. Cabinda Digital. PNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলডা বাণ্ডেইৰা” প্ৰবন্ধৰ সংশোধন ৫৯৭৭২৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।