ঘানাৰ ব্যক্তি
৬ প্ৰবন্ধ
-
ক'ফি আন্নান
ক'ফি আন্নান (Kofi Annan) ঘানাৰ এজন কূটনীতিবিদ আছিল যি ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আন্নান আৰু ৰাষ্ট্ৰসংঘই যুটীয়াভাবে ২০০১ চনৰ শান্তিৰ ন'বেল বঁটা লাভ কৰিছিল।
-
কোৱামে নক্ৰুমা
কোৱামে নক্ৰুমা (ইংৰাজী: Kwame Nkrumah; জন্ম: ২১ ছেপ্তেম্বৰ ১৯০৯ – মৃত্যু: ২৭ এপ্ৰিল ১৯৭২) আছিল ঘানাৰ প্ৰথমজন প্ৰধানমন্ত্ৰী (১৯৫৭–১৯৬০) আৰু প্ৰথম ৰাষ্ট্ৰপতি (১৯৬০–১৯৬৬)। তেওঁ আফ্ৰিকাৰ উপনিবেশবাদ-উত্তৰ যুগৰ অন্যতম প্ৰভাৱশালী নেতা আছিল।
-
গ্লৰিয়া আমন নিকোই
গ্লৰিয়া আডৱা আমন নিকোই, জন্ম নাম আড্ডে (৬ জুন ১৯২৭ – ১০ নৱেম্বৰ ২০১০)ঘানাৰ এগৰাকী কূটনীতিবিদ আছিল, যিয়ে ১৯৭৯ চনত সশস্ত্ৰ বাহিনী বিপ্লৱী পৰিষদ (AFRC) চৰকাৰৰ অধীনত বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই পদত অধিষ্ঠিত হোৱা তেওঁ আছিল প্ৰথম ঘানাৰ মহিলা।
-
মনিকা আমেকোৱাফিয়া
মনিকা আমেকোৱাফিয়া (৩০ জুন ১৯৩৪ – ২৪ জুন ১৯৯০) এগৰাকী ঘানীয় মহিলা আৰু ১৯৫৭ চনত ট্ৰেন্স-ভল্টা টোগোলেণ্ডক প্ৰতিনিধিত্ব কৰি অনুষ্ঠিত হোৱা প্ৰথম সংস্কৰণৰ মিছ ঘানা প্ৰতিযোগিতাৰ বিজয়ী আছিল। তেওঁ ৯ নম্বৰ প্ৰতিযোগী আছিল। তেওঁৰ এই নম্বৰটোৰ বাবেই ভল্টা অঞ্চলৰ লোকসকলক নম্বৰ ৯ বুলি কোৱা হয়।
-
মাটিল্ডা আকু আলোমাটু
মাটিল্ডা আকু আলোমাটু অছেই-আগ্যেমেন (ইংৰাজী: Matilda Aku Alomatu Osei-Agyeman; জন্ম: ১৯৭০) এগৰাকী প্ৰাক্তন মিছ ঘানা আৰু বৰ্তমানৰ এগৰাকী কূটনীতিবিদ। তেওঁক ২০২৪ চনত নিজ দেশৰপৰা অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হয়।
-
হামামাত মণ্টিয়া
হামামাত মণ্টিয়া (ইংৰাজী: Hamamat Montia; জন্ম: ২২ জুলাই, ১৯৮৮) এগৰাকী ঘানাৰ মডেল, উদ্যমী আৰু সাংস্কৃতিক অধিবক্তা। তেওঁ এগৰাকী প্ৰাক্তন মিছ মালাইকা ঘানা বিজয়ী আৰু মডেল অফ আফ্ৰিকা ইউনিভাৰ্ছ।