গেৰ্ট্ৰুড কেৰ'লিন এডাৰলে (: Gertrude Caroline Ederle /ˈɛdərli/;১ ২৩ অক্টোবৰ, ১৯০৫২ – ৩০ নৱেম্বৰ, ২০০৩) এগৰাকী আমেৰিকান প্ৰতিযোগিতামূলক সাঁতোৰবিদ, অলিম্পিক চেম্পিয়ন আৰু পাঁচটা ইভেণ্টত বিশ্ব অভিলেখধাৰী আছিল। ১৯২৬ চনৰ ৬ আগষ্টত তেওঁ ইংৰাজী চেনেল সাঁতুৰি পাৰ হৈ যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।৩ অন্যান্য উপাধিৰ লগতে সংবাদ মাধ্যমত তেওঁক "ঢৌৰ ৰাণী" বুলিও অভিহিত কৰিছিল।৪
অপেশাদাৰী সাঁতোৰ
এডাৰলে মানহাটানত ডাঙৰ-দীঘল হৈছিল আৰু নিউ জাৰ্চিৰ হাইলেণ্ডছত সাঁতুৰিবলৈ শিকিছিল।৫[পৃষ্ঠাৰ প্ৰয়োজন] পিছলৈ তেওঁ চাৰ্লট এপষ্টেইনে প্ৰতিষ্ঠা কৰা মহিলা সাঁতোৰ সংস্থা (WSA)ত প্ৰশিক্ষণ লয়। ডব্লিউ এছ এ আছিল এক ঐতিহাসিক সংস্থা যাৰ নেতৃত্ব আৰু সদস্যসকলে মহিলাৰ ভোটাধিকাৰৰ বাবে প্ৰচাৰ চলাইছিল, আৰু মহিলাসকলৰ বাবে মুকলি অধিক সাঁতোৰৰ অনুষ্ঠান সৃষ্টি কৰাৰ পোষকতা কৰিছিল। এডাৰলে মাত্ৰ বাৰ বছৰ বয়সতে ক্লাবত যোগদান কৰে আৰু লগে লগে মুখ্য প্ৰশিক্ষক লুই হেণ্ডলীয়ে ডব্লিউ এছ এত বিকশিত কৰা আমেৰিকান ক্ৰ’ল শিকিবলৈ আৰম্ভ কৰে। সেই বছৰতে তেওঁ ৮৮০ গজৰ ফ্ৰীষ্টাইলত প্ৰথম বিশ্ব অভিলেখ গঢ়িছিল আৰু সাঁতোৰৰ ক্ষেত্ৰত আটাইতকৈ কম বয়সীয়া বিশ্ব অভিলেখ গঢ়িছিল। ইয়াৰ পিছত তেওঁ আৰু আঠটা বিশ্ব অভিলেখ গঢ়িছিল, ইয়াৰে সাতটা ১৯২২ চনত ব্ৰাইটন বিচত।৬ মুঠতে এডাৰলে ১৯২১ চনৰ পৰা ১৯২৫ চনলৈকে ২৯টা আমেৰিকাৰ ৰাষ্ট্ৰীয় আৰু বিশ্ব অভিলেখ গঢ়িছিল।৭
১৯২৪ চনত পেৰিছ অলিম্পিকৰ পদক বিজয়ী
১৯২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত এডাৰলে ৪×১০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলেত প্ৰথম স্থান লাভ কৰা আমেৰিকান দলৰ সদস্য হিচাপে সোণৰ পদক লাভ কৰে। আমেৰিকাৰ ৰিলে সতীৰ্থ ইউফ্ৰেছিয়া ডনেলি, এথেল লেকি আৰু মেৰিচেন ৱেহচেলাউৰ সৈতে মিলি ইভেণ্টৰ ফাইনেলত ৪:৫৮.৮ ছেকেণ্ডৰ নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ব্যক্তিগতভাৱে তেওঁ মহিলাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল দৌৰত তৃতীয় স্থান দখল কৰাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে।৮৬ ১৯২৪ চনত আমেৰিকাৰ অলিম্পিক দলটোৱে নিজাকৈ টিকাৰ-টেপ পেৰেড কৰিছিল।৯
পেছাদাৰী সাঁতোৰ
১৯২৫ চনত এডাৰলে পেছাদাৰী ৰূপ লয়। একে বছৰতে তেওঁ বেটাৰী পাৰ্কৰ পৰা ছেণ্ডী হুকলৈকে ২২ মাইল (৩৫ কিলোমিটাৰ) ৭ ঘণ্টা ১১ মিনিটত সাঁতুৰিছিল, যিটো অভিলেখ সময় ৮১ বছৰ ধৰি অক্ষত আছিল আৰু তাৰ পিছত অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ টেমি ভান উইছে সেই অভিলেখ ভংগ কৰে।১০
ইংৰাজী চেনেল পাৰ হোৱা
১৯২৫ চনত মহিলা সাঁতোৰ সংস্থাই হেলেন ৱেইনৰাইট আৰু এডাৰলেক ইংৰাজী চেনেল সাঁতোৰৰ প্ৰয়াসৰ বাবে পৃষ্ঠপোষকতা কৰে। আঘাতৰ বাবে হেলেন ৱেইনৰাইটে বাতিল কৰে, সেয়েহে এডাৰলে নিজাববীয়াকৈ ফ্ৰান্সলৈ গৈ ইংৰাজী চেনেলত ২২ বাৰ সাঁতুৰিবলৈ চেষ্টা কৰা সাঁতোৰবিদ জেবেজ উলফেৰ সৈতে তেওঁ প্ৰশিক্ষণ লৈছিল।১১ ১৯২৫ চনৰ ১৮ আগষ্টত এডাৰলে চেনেলত সাঁতুৰিবলৈ প্ৰথম প্ৰচেষ্টা চলায়।
প্ৰথম প্ৰচেষ্টাৰ প্ৰায় এবছৰৰ পিছত চেনেলটোত সাঁতুৰি সফল হয়। ১৯২৬ চনৰ ৬ আগষ্টৰ পুৱা ০৭:০৮ বজাত ফ্ৰান্সৰ কেপ গ্ৰীছ-নেজৰ পৰা আৰম্ভ কৰি ১৪ ঘণ্টা ৩৪ মিনিট পিছত কেণ্টৰ কিংছডাউনত পাৰলৈ আহিছিল। প্ৰথমে তাইক সম্ভাষণ জনোৱা ব্যক্তিজন আছিল এজন ব্ৰিটিছ ইমিগ্ৰেচন বিষয়া যিয়ে "মগ্ন চকুৰ, পানীৰে ভৰি থকা কিশোৰীগৰাকী"ৰ পৰা পাছপ'ৰ্ট বিচাৰিছিল।১২ ১৯৫০ চনত ফ্ল'ৰেন্স চেডউইকে ১৩ ঘণ্টা ২৩ মিনিটত চেনেল সাঁতুৰি পাৰ নোহোৱালৈকে তেওঁৰ অভিলেখ অক্ষত আছিল।৫
এডাৰলিৰ আগতে কেৱল পাঁচজন পুৰুষেই ইংলিছ চেনেল পাৰ হবলৈ সক্ষম হৈছিল, যাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সময় আছিল ১৬ ঘণ্টা ৩৩ মিনিট, যি এন্ৰিক টিৰাবোচ্চিয়ে কৰিছিল।
এডাৰলি ঘূৰি আহোঁতে, মেনহেটনত তেওঁক লগত লৈ সমদল উলিয়াই স্বাগতম জনোৱা হৈছিল, য'ত দুই মিলিয়নৰো অধিক মানুহ পৰেড পথত উপস্থিত আছিল।৫
তথ্যসূত্ৰ
- ↑ Say How?. National Library Service for the Blind and Print Disabled
- ↑ Gertrude Ederle: American swimmer. Britannica
- ↑ Gertrude Ederle. Olympedia
- ↑ Gertrude Ederle becomes the first woman to swim the English Channel. History.com. Retrieved on May 20, 2014
- ↑ Dahlberg, Time; Ward, Mary Ederle. (2009). America's Girl: The Incredible Story of How Swimmer Gertrude Ederle Changed the Nation. St. Martin's Press. ISBN 978-0312382650
- ↑ Sports-Reference.com, Olympic Sports, Athletes, Gertrude Ederle . Retrieved March 16, 2015
- ↑ Gertrude Ederle (USA). ISHOF.org. International Swimming Hall of Fame
- ↑ "The History of New York's Ticker-Tape Parades", Downtown Alliance. Accessed September 12, 2023. "In the 1920s, with ticker tape seen as a modernization of the ancient ritual of strewing flowers before conquerors, it became routine to hail arriving heads-of-state with a paper shower. The city started a tradition of recognizing champion athletes with the ticker-tape parade for the American Olympic team in 1924."
- ↑ "The History of New York's Ticker-Tape Parades", Downtown Alliance. Accessed September 12, 2023. "In the 1920s, with ticker tape seen as a modernization of the ancient ritual of strewing flowers before conquerors, it became routine to hail arriving heads-of-state with a paper shower. The city started a tradition of recognizing champion athletes with the ticker-tape parade for the American Olympic team in 1924."
- ↑ Lynch, Matt. (2008). NY To Highlands Swim A Tribute To Olympian Gertrude Ederle. The Two River Times
- ↑ Early Attempts. www.dovermuseum.co.uk
- ↑ Pressman, Gabe. (2012-07-26). Gertrude Ederle, Olympic Champion and Gritty New Yorker. NBC New York
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেৰ্ট্ৰুড কেৰ'লিন এডাৰলে” প্ৰবন্ধৰ সংশোধন ৬৩১৬১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।