গেইম্ল'ফ্ট এছ ই হৈছে ফ্ৰান্সৰ এটা ভিডিঅ’ গেম প্ৰস্তুতকৰ্তা কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। এই কোম্পানীটোৱে ইতিমধ্যে ম’বাইল ফোন, টেবলেট ইত্যাদিৰ বাবে যথেষ্টসংখ্যক ভিডিঅ’ গেম প্ৰস্তুত কৰি উলিয়াইছে। ২০০০ চনত মাইকেল গিলিমটৰ দ্বাৰা গেইম্ল'ফ্টৰ উদঘাটন হৈছিল। মাইকেল গিলিমট তাৰ আগেয়েও য়ুবিছফ্ট নামৰ আন এটা ভিডিঅ’ গেম প্ৰস্তুতকৰ্তা কোম্পানীৰ সহস্বত্ত্বাধিকাৰী আছিল। গেমল’ফ্টৰ দ্বাৰা প্ৰায় ৫০০০ ৰো অধিক কৰ্মচাৰী নিয়োজিত হৈ আছে। ২০০৩ চনৰ পৰা গেইম্ল'ফ্টৰ জয়যাত্ৰা আৰম্ভ হয়। বিভিন্ন ম’বাইল প্ৰস্তুতকৰ্তা কোম্পানী, অনলাইন বিক্ৰেতা তথা বিক্ৰীকেন্দ্ৰৰ যোগেদি গেমল’ফ্টে বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে১। ২০০৩ চনত €১০.২ মিলিয়নৰে আৰম্ভ কৰা কোম্পানীটোৰ ২০১৪ চনৰ শেষলৈ আৰ্জন হৈছিল €২২৭মিলিয়ন। গেইম্ল'ফ্ট এপ’লৰ সামগ্ৰীসমূহৰ বাবে ইতিমধ্যে ৬৯ টা ভিডিঅ’ গেম মুকলি কৰিছে।
বঁটা
- জি এছ এম এ গ্ল’বেল ম’বাইল এৱাৰ্ড, ২০১৫২
- বছৰটোৰ শ্ৰেষ্ঠ ম’বাইল গেম এপঃ (এছফাল্ট সংস্কৰণ ৮: এয়াৰবৰ্ণ)
- এম এম অ অৱ দ্য য়েৰ ২০১৩
- স্পাইক টিভি ভিডিঅ গেম এৱাৰ্ড, ২০০৮
- স্পাইক টিভি ভিডিঅ গেম এৱাৰ্ড, ২০০৭
- আই জি এন গেম এৱাৰ্ড, ২০০৭ আৰু ২০০৮
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেইম্ল'ফ্ট” প্ৰবন্ধৰ সংশোধন ১৭৬২৮২ (২৮ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।