গান্ধী সংস্থা (Gandhi Foundation) হৈছে যুক্তৰাজ্যত থকা এটি স্বেচ্ছাসেৱী সংগঠন৷ তেওঁলোকে মোহনদাস কৰমচান্দ গান্ধীৰ কৰ্ম আৰু চিন্তা-দৰ্শনক কেতবোৰ শৈক্ষিক কাৰ্যসূচী আৰু কাৰ্যাৱলীৰ জৰিয়তে প্ৰসাৰ কৰাৰ প্ৰয়াস কৰি আহিছে৷
লক্ষ্য আৰু কাৰ্যপ্ৰণালী
অভিযানৰ অংশ হিচাপে গান্ধী সংস্থাই যুদ্ধ আৰু আগ্ৰাসনৰ পৰিৱৰ্তে অহিংসাৰ প্ৰচাৰত অগ্ৰাধিকাৰ দিছে৷ আত্মনিৰ্ভৰশীলতা, সহযোগিতা আৰু বিশ্বাসযোগ্যতা সংস্থাপিত কৰাটো তেওঁলোকৰ আন এটা লক্ষ্য৷ সংস্থাৰ মূল কাৰ্যাৱলীসমূহৰ ভিতৰত এখন ত্ৰৈমাসিক সংবাদপত্ৰিকা আৰু তিনিটা বাৰ্ষিক অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰিব পাৰি৷ এইকেইটা অনুষ্ঠান হৈছে- এটা বহুবিশ্বাসভাজনতা সেৱা (a Multifaith Service), এখন গ্ৰীষ্মকালীন বিদ্যালয় আৰু এটা বাৰ্ষিক বক্তৃতা৷ ১৯৮৫ চনৰ পৰা আৰম্ভ হৈ থকা বাৰ্ষিক বক্তৃতাৰ অনুষ্ঠানত ২০১৯ চনত মহাত্মা গান্ধীৰ নাতি গোপালকৃষ্ণ গান্ধীয়ে "Atonement in politics. Perspectives from Gandhi" শীৰ্ষক বক্তৃতা প্ৰদান কৰে৷ ১তেওঁলোকৰ সংবাদপত্ৰিকাখনক "The Gandhi Way" (গান্ধীৰ পথেদি) বুলি কোৱা হয়৷২
২০০৮ চনত গান্ধী সংস্থাই অহিংসাৰ এক মহোৎসৱ আয়োজন কৰাত উদ্যোগ লৈছিল৷ মহোৎসৱৰ অংশ হিচাপে ব্ৰিটিছ পুথিভঁৰালে "দ্য লাইফ অৱ গান্ধী" নামেৰে এখন ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ (travelling exhibition)ৰ শুভাৰম্ভ কৰিছিল৷৩ ছটা পেনেলে গান্ধীজীৰ ছটাকৈ দিশত দৃষ্টিপাত কৰিছিল: অহিংসা আৰু জৈনধৰ্মৰ প্ৰভাৱ, দক্ষিণ আফ্ৰিকাৰ গান্ধীৰ কৰ্ম, গান্ধীৰ দৰ্শন, অসহযোগ, ভাৰত ত্যাগ আৰু ভাৰতৰ স্বাধীনতা আন্দোলন৷
তথ্যসূত্ৰ
- ↑ (7 July 2019). The Gandhi Foundation Annual Lecture 2019. The Gandhi Foundation
- ↑ The Gandhi Way
- ↑ The Big Hope Exhibition Programme. Liverpool Hope University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী সংস্থা” প্ৰবন্ধৰ সংশোধন ৩৮৪১০৫ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।