গন্ধেশ্বৰী হʼল দুৰ্গা দেৱীৰ অৱতাৰ আৰু গন্ধবণিক সম্প্ৰদায়ৰ উপাস্য দেৱী৷১ প্ৰতি বছৰে বʼহাগ মাহৰ পূৰ্ণিমা তিথিত দেৱীৰ পূজাৰ আয়োজন কৰা হয়। এটি প্ৰবাদ অনুসৰি তেওঁ গন্ধবতীক গন্ধাসুৰৰ হাতৰ পৰা পৰা ৰক্ষা কৰিছিল। দেৱী গন্ধেশ্বৰী চতুৰ্ভূজা, শঙ্খ-চক্ৰ-ধনুৰ্বাণধাৰিণী আৰু সিংহবাহিনী। গন্ধবণিক সম্প্ৰদায়ে তেওঁলোকৰ ব্যৱসায়ৰ উন্নতি কামনাৰে এই দেৱীৰ পূজা অনুষ্ঠিত কৰে।
তথ্যসূত্ৰ
- ↑ Mukherjee, Dalia. (April 30, 2018). Gandheswari – The Goddess of Fragrance Merchants
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গন্ধেশ্বৰী” প্ৰবন্ধৰ সংশোধন ৫০৩৩০১ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।